নতুন বছৰ
খুকুমণি মুদৈ দাস
নলবাৰী
হেঁপাহবোৰ তেনেকুৱাই নে ?
মনৰ নিজান সত্বাক
উৰুৱাই।
একোটা নতুন বছৰ,
নতুন মানেনো কি ?
সকলো নতুন নেকি ?
সকলোচোন একেই থাকে
স্থিতপ্ৰজ্ঞ হৈ —
একেই ৰ’দ, একেই বতাহ
এখনেই আকাশ
বৰ বিশাল, নীলাৰে আৱৰি
থকা।
ৰাতিপুৱাৰ পূৱ আকাশত
ৰঙা বেলি
নৈ, বিল, নিজৰাও একেই থাকে –
আৰু সাগৰৰ ঢৌ বোৰো।
তেন্তে নতুন বছৰ মানে ?
নতুন কি ?
সময়ে দি যোৱা পানচৈ
খনিত আমিবোৰ নতুন হৈ
পৰো !
এই যে হেঁপাহ নামৰ
মনৰ নিজান সত্বাক
চিলাখনৰ দৰে উৰুৱাই
দিওঁ,
তাতেই একোটা নতুন
বছৰে প্ৰতিবাৰ ন-চাদৰ
মেৰিয়াই,
সকলোৰে অজ্ঞাতে –
আৰু এইদৰে বহুদূৰ
গৈ পায়,
য’ত নীলা বিশাল
আকাশখনেও –
ঢুকিকে নাপায়।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment