অভিশাপ
দিপান্বিতা নাথ
ওদালগুৰি
সঁচা ভালপোৱাত নাথাকে যে.....
কোনো প্ৰতিযোগিতা।
সেয়ে,
আপুনি এৰি যোৱা বাটৰ পৰা আপোনাক,
অভিশাপ দিছোঁ;
আপুনি দীৰ্ঘায়ু হওঁক।
আপোনাৰ প্ৰতিটো খোজ;
সাফল্যমণ্ডিত হওঁক….
মোৰ আয়ুসৰ আধাখিনি,
আপোনাৰেই হওঁক।
প্ৰতিজ্ঞা কৰিছোঁ,
আপুনি চলনাৰে কৰা
বেইমানীৰ ইতিহাসবোৰ কিঞ্চিৎতো….
প্ৰকাশ নকৰোঁ আনৰ সন্মুখত।
আপুনি নিৰ্ভয়ে এই সময়
উপভোগ কৰক।
আপুনি নিশ্চিত থাকক,
এদিন হৃদয় আৰু সত্যৰ হিচাপ-নিকাচ হ’ব...
লিখি ৰাখক......
মৌনতাত এবাৰ হ’লেও বৰ বেয়াকৈ হাৰিব আপুনি।
বুকুৰ আঘাট বোৰে আপোনাৰ,
আত্মাটোক বৰ বেয়াকৈ হেচুকিব।
অন্য এজনৰ লগত আপুনি মোক,
যেতিয়া দেখিব,
জ্বলি জ্বলি ছাই হ’ব আপোনাৰ বুকুখন।
মই নাথাকিম নুমাবলৈ..
আপোনাৰ দেহৰ পোৰনি।
মৃত্যুৰ আৰ্গমূহুতত এবাৰ হ’লেও...
হিয়া-দিয়া-নিয়া তয়া ময়া যুদ্ধখনৰ কথা,
শুৱৰিব আপুনি।
সেইদিনা মোৰ প্ৰতি জাগি উঠা,
ভালপোৱাবোৰ নোৱাৰিব আপুনি....
আনৰ ওচৰত গৈ বন্ধকত ৰাখিব ।
নোৱাৰিব আপুনি আপোনাক ক্ষমা কৰিব,
সেয়ে,
পুনৰ জনম ধৰিলে..........
মনৰ কুৎচ্ছিত ঠেহবোৰ ভাঙি,
মোৰ হৈ আহিব আপুনি।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment