আশাৰ ৰামধেনু….
পৰাগ দত্ত
বেলিৰ মনত জ্বলি উঠিছে আশাৰ ৰামধেনু,
ধূসৰ আকাশৰ বুকুত জীপাল এটি ৰঙীন স্বপ্ন।
সপোনৰ বাট দূৰ—বহুদূৰ,
তথাপি জানো সেই বাটেৰে খোজ
দিয়া নাযায় ।।
তথাপি জানো —
হেঁপাহ হেৰায় ! নাই…
সপোন দেখা জীৱনে নিজিৰায়,
নিঃশব্দ সুৰৰ দৰে বিষাদৰ এটি গীত
বুকুৰ তলত অহৰহ বাজি থাকে ।
এনেকৈয়ে নিৰ্জনতাৰ বতাহত
বৈ থাকে একোখনি বিষাদৰ সাগৰ ।
উত্তাল তাৰ ঢৌ,
অথচ কোলাহল
কেৱল নিজৰেই মাজত..!!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment