মই উপস্থিত থাকিব নোৱাৰিম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

মই উপস্থিত থাকিব নোৱাৰিম

 

মই উপস্থিত থাকিব নোৱাৰিম 


                                                                 পূৰৱী ফুকন 

                                                                   শিৱসাগৰ


এখন বিশেষ সভাৰ নিমন্ত্ৰণী পত্ৰ,


মোৰ উত্তৰ সভাসদ সকলোলৈ—

ক্ৰমে,


মাফ কৰিব 

আজিৰ সভাত মই উপস্থিত থাকিব নোৱাৰিম 

কিয়নো বিদায় দিবলৈ বা আছেনো মোৰ কোন !

যি মোৰ জীৱন বাটত আহিছিল তেওঁক দেখোন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ –


ভাগ দৌৰ দুদিনীয়া জীৱনটোত লগ পাওঁ য়েই বা কেইজন 

তাকে জানো সভা এখন পাতি বিদায় জনাব পাৰি !


কেতিয়াবা এনেকুৱা ও হৈছে যে ৰৈ ৰৈ ভাল পাওঁ ,

ভালপাওঁ বাবেই তেওঁৰ কথা, হাঁহি, ধেমালি, কবিতা ,গান, সুৰ, কিতাপ, কলম, চাহৰ কাপটো, সুস্বাদু আঞ্জা জিভাৰ তপালি আৰু কত কিমান ভাল লগাবোৰ সজাই ল‌ওঁ নিজৰ মতে 

আনে শুনা কৈ ক‌ওঁ তুমিতো ইয়াতেই আছা,

তেনে হ'লে বিদায় নো কিহৰ।

সিদিনা সকলো মানুহৰে প্ৰিয় কবি এজন ঢুকাল, আকৌ শুনিলোঁ  প্ৰিয় নেতা এজন ঢুকাল,আকৌ শুনিলোঁ আৰু  প্ৰিয় শিল্পী এজন ঢুকাল,  প্ৰিয় সৈনিক এজন ঢুকাল, কোনো সন্তানৰ প্ৰিয় মাতৃ ঢুকাল - দেউতাক  ঢুকাল, আৰু যে 

আৰু যে প্ৰতি দিন শুনি আছোঁ এনেবোৰ কথা 

মুঠতে সকলো ঢুকায় গৈ থাকে কিন্তু বিদায় দিয়া নহয় এজনকো 


মৃতক মাননো কি! মই ভাবোঁ মৃতক মানে আন এখন জগতলৈ আগুৱাই যোৱা আৰু তাতেই তেওঁ 

লোকে অপেক্ষা কৰে আমালৈ 

আমিও তো তেওঁলোকক ক‌ওঁ স্বৰ্গসভাত তোমাক লগ পাম

আপুনি ও ছাগে মোৰ দৰেই —


জুই একোৰাই দাহন কৰে পচি যোৱা শৰীৰটো 

দাহন কৰিব নোৱাৰে আত্মা 

সেয়ে দাহনৰ বেলিকা প্ৰিয় জনে প্ৰিয় জনক কয় তোমাৰ পিছতে মই ও গৈ আছোঁ।


এনে বহু বিদায় সভা আৰু আছে 

যিবোৰত বাস্তৱিকতে মই উপস্থিত থাকিব নোৱাৰোঁ।


যদিওবা নেথাকে অকণো উছাস

নিজৰাৰ ধুন, বসন্ত ঋতুৰ সুগন্ধি, বৰ্ষাই তিওৱা মানুহ বোৰৰ হাঁহি আৰু চকুলো, শৰত নিশাৰ জোন, অথবা আঁউসী ৰাতি ফেঁচাৰ কুৰুলিৰ সৈতে কথা পতাৰ তথাপি একোয়েইচোন বিদায় দিয়া নহয়


সেয়ে মই  বিদায় সভাবোৰত

কোনো দিনে উপস্থিত নাথাকো –


আচলতে 

কোনেও কাকো বিদায় দিব নোৱাৰে 

লৈ ফুৰে সকলোৱে সকলোকে সংগোপনে 

প্ৰতি নিশান্তৰ ঐয়াঙে দৈয়াঙে  মেলি দিয়ে সমুদায় প্ৰাৰ্থনা।।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages