মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মীয় চেতনাত শ্ৰীমদ্ভগৱদ-গীতাৰ প্ৰভাৱ
ড° দেৱজিৎ পেগু
সহকাৰী অধ্যাপক
দৰ্শন বিভাগ
গোগামুখ মহাবিদ্যালয়
পৰিচয়মূলক সূচনাঃ
মনুষ্যত্বৰ পূৰ্ণতা সাধন প্ৰত্যেকগৰাকী মহান পুৰুষৰ মানৱীয় জীৱনৰ উদ্দেশ্য। সাধাৰণতে, মানৱীয় সত্তাত পাঁচটা পৰ্যায় পৰিলক্ষিত হয়। এইবোৰ হৈছে– শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক। এই পৰ্যায়সমূহৰ সু-সম্বন্ধ সাধন কৰি শৃংখলিত জীৱন যাপন কৰাত মহান ব্যক্তিসকলৰ বাণী আৰু জীৱনত প্ৰতিষ্ঠা কৰা নীতি-আদৰ্শই বিশেষ ভূমিকা পালন কৰে। তেনে মহান ব্যক্তিত্বৰ অধিকাৰী পঞ্চদশ শতিকাত উত্তৰ-পূৰ্বাঞ্চলতো আৱিৰ্ভাৱ হৈছিল যদিও সংখ্যাত তাকৰ আৰু অতি বিৰল। তেনে এগৰাকী বিৰল ব্যক্তিত্বৰ গৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮)।
শ্ৰীমদ্ভগৱদ-গীতা হৈছে বৈদিক সভ্যতা-সংস্কৃতিৰ অমূল্য আধ্যাত্মিক সম্পদ। এই পৱিত্ৰ শাস্ত্ৰত মানৱজাতিৰ মনুষ্যত্বৰ উৎকৰ্ষ সাধনৰ উৎকৃষ্ট পন্থা অতি স্পষ্টকৈ ব্যাখ্যা কৰা হৈছে। ভগৱদ্গীতাৰ চিন্ময় জ্ঞান আৰু অহৈতুকী প্ৰেম-ভক্তিক গুৰু-শিষ্য পৰম্পৰাৰ যোগেদিহে আয়ত্ত্ব কৰিব পাৰে বুলি গীতাৰ চতুৰ্থ অধ্যায়ত ব্যক্ত কৰা হৈছে। চিন্ময় জ্ঞানে মানৱক বিশুদ্ধ প্ৰেম-ভক্তিৰ দিশে আগুৱাই নিয়ে আৰু এই প্ৰেম-ভক্তিক গুৰু-শিষ্য পৰম্পৰাৰ মাধ্যমেৰে চৰ্চা কৰি অনুশীলন কৰিলে মানৱাত্মাই এই জীৱনতে ভগৱন্তৰ প্ৰেমময় সান্নিধ্য লাভ কৰি সৰ্বাংগ সুন্দৰ জীৱন যাপন কৰিব পাৰে বুলি নিশ্চয়তা শ্ৰীমদভগৱদ্গীতাত ভগৱান শ্ৰীকৃষ্ণই প্ৰদান কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলত বৈষ্ণৱ পৰম্পৰাৰ ভক্তি চেতনাৰে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰকাৰী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মানৱ সমাজত জাতি-বৰ্ণ-ভাষা-ধৰ্ম নিৰ্বিশেষে ঐক্য-সংহতি, ভাতৃত্ববোধ আৰু একতাৰ বাণীৰে সৰ্বাংগ সুন্দৰ ভক্তিময় নীতি-আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে তেৰাৰ বিভিন্ন মৌলিক সৃষ্টিৰে। এই নীতি-আদৰ্শ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেৰাৰ ধৰ্মীয় চেতনা আৰু প্ৰেম-ভক্তিময় সেৱাত শ্ৰীমদভগৱদ-গীতাৰ অমৰ আধ্যাত্মিক তথা প্ৰেম-ভক্তিময় বাণীৰ প্ৰভাৱ পৰিলক্ষিত হয়। তাৰে এক পৰ্যালোচনা অতি চমুকৈ পাঠক, বৈষ্ণৱ, ভক্ত তথা ভকত সমাজলৈ আগবঢ়োৱা।
শ্ৰীমদ্ভগৱদ্গীতাৰ আলোচ্য বিষয়ঃ
বৈদিক সভ্যতা-সংস্কৃতিৰ শাশ্বত সাক্ষী বহনকাৰী আৰু দাৰ্শনিক তথা আধ্যাত্মিক চেতনাৰে পৰিপক্ক পৱিত্ৰ ধৰ্মগ্ৰন্থ শ্ৰীমদভগৱদ-গীতাত মূলতঃ ছটা বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছে। এইবোৰ হৈছে (১) জীৱাত্মা (২) ভগৱান (৩) প্ৰকৃতি (৪) কাল (৫) কৰ্ম আৰু (৬) সাধন মাৰ্গ। পৰমসত্যৰ যথাৰ্থ মূৰ্ত স্বৰূপ হৈছে ভগৱান আৰু এই ভগৱানৰ অবিচ্ছেদ্য অংশ হৈছে জীৱাত্মা। এই জীৱাত্মা পৰমসত্যৰ দুই প্ৰকৃতিৰে চালিত হয়। এই দুই প্ৰকৃতি হ’ল– (১) দৈৱ প্ৰকৃতি আৰু (২) জড়া প্ৰকৃতি। দৈৱ প্ৰকৃতিত জীৱাত্মাই নিজৰ স্বৰূপ উপলব্ধি কৰি পৰমসত্যৰ মূৰ্ত স্বৰূপ ভগৱানৰ নিত্য প্ৰেমময় সেৱাত নিজকে নিযুক্ত কৰে। অন্যহাতে, জড়া প্ৰকৃতিৰ দ্বাৰা আবৃত হৈ জীৱাত্মাই মিথ্যা অহংকাৰেৰে জড় জাগতিক জীৱন যাপন কৰে আৰু ৮৪ লক্ষ জাগতিক যোনিত পৰিভ্ৰমণ কৰি নানা জাগতিক দুখ-যন্ত্ৰনা ভোগ কৰিব লগীয়া হয়।
অনাদি, অনন্ত আৰু চিৰন্তন চিন্ময় জ্ঞানপুঞ্জী শ্ৰীমদ্ভগৱদ-গীতাত ব্যক্ত কৰা হৈছে যে এই প্ৰপঞ্চ জাগতিক জগতত বদ্ধ জীৱাত্মাই কালৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈ জীৱন ধাৰণ কৰে। এই পৰিদৃশ্যমান জাগতিক জগতত কালৰ গতি অপ্ৰতিৰোধ্য আৰু অবিৰত। এই কালৰ বুকুতে সকলো জীৱাত্মাৰ ভিন্ন দেহত জীৱন আৰম্ভ হয় আৰু অন্তিম ক্ষণতো কালৰ বুকুতে নশ্বৰ দেহ ত্যাগ কৰি অন্য এক নশ্বৰ দেহ গ্ৰহণ কৰে। বদ্ধ জীৱাত্মাই কৰ্মৰ ফল অনুসৰি জাগতিক জীৱন যাপন কৰিবলগীয়া হয়।
এই পৰিদৃশ্যমান জাগতিক জগতত অনাদি কালৰ পৰা অব্যাহত হৈ থকা জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মানৱাত্মাই চিৰমুক্তি লাভি এক সনাতন শাশ্বত প্ৰেম-ভক্তিৰে জীৱন যাপন কৰিব পাৰে বুলি শ্ৰীমদ্ভগৱদ-গীতাত অতি স্পষ্টকৈ ব্যক্ত কৰিছে। স্বৰূপতঃ জীৱাত্মা আৰু ভগৱান গুণগত ভাৱে এক আৰু অভিন্ন যদিও পৰিমাণগত ভাৱে পাৰ্থক্য সদা বিৰাজমান। মানৱাত্মাই নিজ শাশ্বত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হ'লে দেৱ-দেৱীৰ সেৱাৰ পৰিৱৰ্তে পৰমপুৰুষ পৰমসত্যৰ মূৰ্ত স্বৰূপ ভগৱানৰ সেৱাত আত্মনিয়োগ কৰে। শ্ৰীমদভগৱদ-গীতাত “শ্ৰীকৃষ্ণ”-ক পৰমসত্যৰ মূৰ্ত স্বৰূপ বুলি স্পষ্টকৈ ব্যক্ত কৰা হৈছে আৰু কেৱল এইজনা পৰমপুৰুষ পুৰুষোত্তমৰ প্ৰেমময় সেৱাত সততে নিযুক্ত হোৱাৰ বিধান শ্ৰীমদভগৱদ-গীতাৰ নৱম অধ্যায়ৰ ৩৪ নং শ্লোকত এইদৰে ভগৱান শ্ৰীকৃষ্ণই নিজ শ্ৰীমুখে বিধান কৰিছে
মন্মনা ভৱ মদ্ভক্তো মদয়াজী মাং নমস্কুৰু।
মামেৱৈষ্যসি যুক্ত্বৈৱমাত্মানং মৎপৰায়ন:।।৯।।৩৪।। গীতা।।
“তোমাৰ মনটো সদায় মোৰ চিন্তাত নিমগ্ন কৰি ৰাখা, মোৰ ভক্ত হোৱা, মোক পূজা কৰা, মোক নমস্কাৰ কৰা। সম্পূৰ্ণৰূপে মোৰ প্ৰতি অনুৰক্ত হৈ থাকিলে তুমি নিশ্চিত ভাৱে মোৰ ওচৰলৈ উভতি আহিব পাৰিবা।”
শঙ্কৰ গুৰুৰ ধৰ্মীয় চেতনাত শ্ৰীমদ্ভগৱদ-গীতাৰ প্ৰভাৱঃ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্মীয় চেতনা আৰু প্ৰেমময় ভক্তিমূলক সেৱাত শ্ৰীমদ্ভগৱদ্গীতাৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। শঙ্কৰ গুৰুজনাৰ ধৰ্মীয় বাণী “কুকুৰ শৃগাল গৰ্ভতো আত্মাৰ ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম”, “এক দেৱ এক সেৱ এক বিনে নাই কেৱ” ইত্যাদি বাণীয়ে বৈষ্ণৱ পৰম্পৰা আৰু শ্ৰীমদ্ভগৱদ্গীতাৰ অমৰ শাশ্বত বাণীক প্ৰতিফলিত কৰে। পৰমপুৰুষ পুৰুষোত্তম শ্ৰীকৃষ্ণই পৰমাত্মা ৰূপে সকলো জীৱাত্মাৰ হৃদয়ত বিৰাজ কৰে আৰু জীৱাত্মাৰ সকলো কৰ্ম আৰু চেতনাৰ সাক্ষী হৈ সৰ্বব্যাপী ৰূপে সদা বিদ্যমান। জগতৰ স্থাৱৰ আৰু অস্থাৱৰ সকলো জীৱন্ত দেহধাৰী হৃদয়ত পৰমাত্মা নিত্যভাৱে বিৰাজ কৰি জীৱাত্মাৰ নিত্য সংগ প্ৰদান কৰে। আত্মোপলদ্ধিসম্পন্ন উত্তম ভক্তই পৰমাত্মাৰ নিত্য উপস্থিতি উপলব্ধি কৰিবলৈ সক্ষম। উত্তম বুদ্ধিসম্পন্ন উৎকৃষ্ট ভক্তৰ ব্যক্তিত্ব আৰু আচৰনত সকলো জীৱাত্মাৰ প্ৰতি সমভাৱনাপন্ন আৰু একাত্মবোধৰ চেতনা প্ৰকট হোৱা পৰিলক্ষিত হয়। বিশুদ্ধ বৈষ্ণৱ তথা উত্তম ভক্তই জীৱাত্মাৰ দেহাৰ পৰিৱৰ্তে জাগতিক দেহাৰ ভিতৰত আবদ্ধ হৈ থকা আত্মা আৰু জীৱাত্মাৰ নিত্য সংগী পৰমাত্মাক নিয়তভাৱে উপলব্ধি কৰি সততে সান্নিধ্য লাভ কৰে। এনে সান্নিধ্যৰ উপলব্ধিৰ ফলস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে তেৰাৰ অমৰ তথা উৎকৃষ্ট সৃষ্টি কীৰ্তন ঘোষাত বেকত কৰিছে এইদৰে
“কুকুৰ শৃগাল গৰ্ভতো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।।”,
“সমস্ত ভূতত ব্যাপি আছো মই হৰি।
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।।”
শঙ্কৰ গুৰুজনাৰ এই গূঢ়াৰ্থ সম্পৃক্ত বাণীসমূকক শ্ৰীমদ্ভগৱদ-গীতাৰ গূঢ়াৰ্থ সম্পৃক্ত বাণীৰ প্ৰতিফলন বুলি ক'ব পাৰি। এই সম্পৰ্কিত শ্লোকবোৰ হ’ল
“ৱিদ্যাবিনয়সম্পন্ন ব্ৰাক্ষ্মণে গৱি হস্তিনি।
শুণি চৈৱ শ্বপাকে চ পণ্ডিতা: সমদৰ্শিণ:।।৫।।১৮।। গীতা।।”
“যথাৰ্থ জ্ঞানসম্পন্ন পণ্ডিতসকলে বিদ্বান আৰু বিনয়ী ব্ৰাক্ষ্মণসকলক, গাইক, হাতীক,কুকুৰক আৰু কুকুৰ ভক্ষণকাৰী (চণ্ডাল) লোককো সমান চকুৰে চায়”
সৰ্ব্বভূতস্থমাত্মানং সৰ্ব্বভূতানি চাত্মনি।
ঈক্ষতে যোগমুক্তাত্মা সৰ্ব্বত্ৰ সমদৰ্শন:।। ৬।।২৯।। গীতা।।
“এজন প্ৰকৃত যোগীয়ে সকলো জীৱতে মোক দেখা পায় আৰু মোতেই সকলো জীৱক দেখা পায়। বাস্তৱিকতে আত্মজ্ঞানীজনে একেজন পৰমেশ্বৰ ৰূপে মোকেই সৰ্বত্ৰ দেখা পায়।”
ঈশ্বৰ: সৰ্বভূতানাং হৃদ্দেশেহৰ্জ্জুন তিষ্ঠতি।
ভ্ৰাময়ন্ সাৰ্বভূতানি যন্ত্ৰাৰূঢ়াণি মায়য়া।।১৮।।৬১।। গীতা।।
“হে অৰ্জুন প্ৰতিজন জীৱৰে হৃদয়ত পৰমেশ্বৰে অৱস্থান কৰিছে আৰু জড়া শক্তিৰ (মায়াৰ) দ্বাৰা নিৰ্মিত এটা যন্ত্ৰত জীৱক বহুৱাই সিহঁতক ঘূৰাই লৈ ফুৰাইছে।”
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ১৯৩০ চন প্ৰতিষ্ঠা কৰা শঙ্কৰ সংঘৰ দ্বাৰা প্ৰচাৰিত এক শৰণ হৰিনাম ধৰ্মৰ এক গুৰুত্বপূৰ্ণ গূঢ়াৰ্থ তথা মৰ্ম সম্বলিত বাণী হৈছে “এক দেৱ এক সেৱ এক বিনে নাই কেৱ”। গুৰুজনাই পৰমসত্যৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণক সকলো অস্তিত্বৰ আদি আৰু মূল কাৰণ হিচাপে তেৰাৰ অমৰ সৃষ্টিবোৰত বিশেষকৈ কীৰ্তনঘোষাত প্ৰতিষ্ঠা কৰিছে। বৈদিক সভ্যতা-সংস্কৃতিৰো মূল উদ্দেশ্য হৈছে পৰমব্ৰহ্ম তথা পৰমসত্যক উপলব্ধি কৰি মানৱ সমাজত প্ৰতিষ্ঠা কৰা। এই পৰমতত্ত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে মানৱ সমাজত শান্তি-সম্প্ৰীতি স্থাপন কৰি জাগতিক জগতৰ জীৱাত্মাৰ জীৱন সৰ্বমংগল সাধন কৰা। বৈদিক সভ্যতা-সংস্কৃতি তথা বৈষ্ণৱ গুৰু-শিষ্য পৰম্পৰাৰ মূল উদ্দেশ্য হৈছে অনাদি অনন্ত শাশ্বত পৰমসত্ত্বাৰ মূৰ্ত স্বৰূপ শ্ৰীকৃষ্ণক উপলব্ধি কৰা আৰু ভগৱানৰ শ্ৰীমুখেৰে নি:সৃত সনাতন বাণীবোৰক সমাজত প্ৰতিষ্ঠা কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰা। পৰমসত্ত্বাই তিনিটা ৰূপত প্ৰতিফলিত হয়– ব্ৰহ্ম ৰূপে, পৰমাত্মা ৰূপে আৰু ভগৱান ৰূপে। ভগৱান হৈছে পৰমসত্ত্বাৰ মূৰ্ত আৰু সম্পূৰ্ণ স্বৰূপ আৰু বাকী দুটা ৰূপ হৈছে পৰমসত্ত্বাৰ অমূৰ্ত আৰু আংশিক প্ৰকাশ।
ভগৱান আৰু দেৱ-দেৱীৰ স্থান একে নহয়। ভগৱান হৈছে পৰমসত্ত্বাৰ সম্পূৰ্ণ মূৰ্ত স্বৰূপ আৰু দেৱ-দেৱী হৈছে এই পৰমব্ৰহ্ম পৰমপুৰুষ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ আজ্ঞাবাহী আৰু জাগতিক জগতখন সুচাৰুৰূপে আৰু শৃংখলিতভাৱে পৰিচালিত কৰিবলৈ বিশেষভাৱে ক্ষমতা সম্পন্ন দৈৱিক সত্ত্বা। শ্ৰীমদ্ভগৱদ-গীতাত দেৱ-দেৱীৰ উপাসনা কৰাতকৈ পৰমসত্যৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ নিৰন্তৰ সেৱাত আত্মনিয়োগ কৰিবলৈ বিধান প্ৰদান কৰিছে। অহৈতুকী প্ৰেম আৰু ভক্তিৰে কেৱল ভগৱানক সেৱা কৰাৰ বিধান ভগৱদ-গীতাত এনেদৰে দিয়া আছে –
মন্মনা ভৱ মদ্ভক্তো মদয়াজী মাং নমস্কুৰু।
মামেবৈখাসি সত্যং তে প্ৰতিজানে প্ৰিয়োহসি।। ১৮।।৬৫।।
“তুমি মোৰ কথাকে চিন্তা কৰি থাকা, মোৰ ভক্ত হোৱা, মোৰ পূজা কৰা, মোক নমস্কাৰ কৰা। এইদৰেই নিশ্চিতভাৱে তুমি মোৰ ওচৰলৈ আহিব পাৰিব। এই কথা মই তোমাক প্ৰতিজ্ঞা কৰি কলো, কাৰণ তুমি মোৰ বৰ মৰমৰ সখা”
সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্ব্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ:।।১৮।।৬৬।। গীতা।।
“সকলো ধৰণৰ ধৰ্ম পৰিত্যাগ কৰি কেৱল একমাত্ৰ মোৰেই শৰণ লোৱা। মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম। চিন্তা নকৰিব।”
শংকৰ গুৰুজনাই পঞ্চদশ (১৫ শ) শতিকাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতি তথা মানৱ সমাজত বিদ্যমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূল কৰি সংকীৰ্ণতাৰ পৰিধি ভাঙি একতা আৰু ভাতৃত্ববোধেৰে ভক্তিৰ অমিয়া বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু কেৱল পৰমব্ৰহ্ম মূৰ্ত স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ সেৱাৰ বিধান তথা নীতি নিৰ্দেশনা তেৰাৰ অমল তথা অমৰ সৃষ্টিবোৰত দিছে আৰু মহাপুৰুষ জনাৰ এই নীতি নিৰ্দেশনা তথা আচাৰ ব্যৱহাৰক বৈদিক সভ্যতা-সংস্কৃতিৰ অব্যয় অক্ষয় উৎকৃষ্ট দাৰ্শনিক আধ্যাত্মিক ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভগৱদ্গীতা, বৈষ্ণৱ গুৰু-শিষ্য পৰম্পৰাৰ প্ৰভাৱ বুলি নিশ্চিতভাৱে ক'ব পৰা যায়।
সামৰণিঃ
মানৱীয় সত্ত্বাত আধ্যাত্মিকতাক যথোপযুক্তভাৱে উপলব্ধি কৰাটো মানৱীয় জীৱনৰ সাৰ্থকতা। মানৱীয় জীৱন হৈছে অপূৰ্ণতাৰ পৰা পূৰ্ণতা প্ৰাপ্তিৰ হকে নিৰলকভাৱে সাধনা কৰা আৰু এই সাধনাৰ ফলস্বৰূপে মানৱাত্মাই দৈৱ প্ৰকৃতিৰ স্বৰূপক উপলব্ধি কৰে আৰু নিজৰ স্বৰূপৰ লগত যথাৰ্থতে পৰিচয় হয়। আত্মোপলদ্ধিৰে স্থিতধীৰ উত্তম বুদ্ধিৰ গৰাকী ভক্তই ইন্দ্ৰিয় পৰিতৃপ্তি সাধনত সময় নষ্ট কৰাৰ পৰিৱৰ্তে অহৰহ প্ৰেম ভক্তিমূলক সেৱাত নিযুক্ত হৈ জড় জাগতিক জগতৰ যথাৰ্থ সৰ্বাংগীন উন্নতিত ৰত হৈ থাকে।
একাদশ ইন্দ্ৰিয়সমূহক যথোপযুক্তভাৱে প্ৰয়োগ কৰি কেৱল ভক্তবৃন্দহেই মানৱ জীৱনক মহীয়ান কৰি তোলিব পাৰে। সংযত আৱেগ-অনুভূতিৰ হেতু ইন্দ্ৰিয় সমূহক বিশেষকৈ মনক নিয়ন্ত্ৰণ কৰাটো নিতান্তই আৱশ্যক। মনক নিয়ন্ত্ৰণ কৰিবলৈ অপৰাগ জনৰ চেতনা কলূষিত আৰু কলূষিত চেতনাৰে কোনোকালে কোনো ঠাইতে পৰমসত্যক উপলব্ধি কৰি সমাজত শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই কলূষিত মনক পৱিত্ৰ কৰিব পাৰে যদিহে বদ্ধ মানৱাত্মাই ভক্তৰ সৎসংগত থাকি পৰমপুৰুষ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ লীলা আৰু নামৰ গুণাকীৰ্তনেৰে নিৰন্তৰভাৱে সাধনা কৰে। ভক্তৰ সৎসংগত গুৰু, শাস্ত্ৰ আৰু সাধুৰ বাণী শ্ৰৱণ-কীৰ্তন কৰি গূঢ়াৰ্থ আৰু তাৎপৰ্য উপলব্ধি কৰি ব্যৱহাৰিক জীৱনত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস তথা প্ৰৱণতা প্ৰত্যেকজন সাধকৰ নৈতিক কৰ্তব্য। নৈতিক কৰ্তব্য নিষ্ঠাসহকাৰে সম্পাদনত আধ্যাত্মিকতাৰ উৎকৰ্ষতা বহু পৰিমাণে নিৰ্ভৰশীল।
সাধাৰণ মানৱাত্মাই ভক্ত, ভকত, বৈষ্ণৱ পৰ্যায়লৈ উন্নত হয় যদিহে নিৰন্তৰভাৱে গুৰু, শাস্ত্ৰ আৰু সাধুৰ বাণীসমূহৰ মৰ্মাৰ্থ তথা গূঢ়াৰ্থ তাৎপৰ্য উপলব্ধি কৰে ভক্তৰ সৎসংগত বিশুদ্ধ ভক্তৰ প্ৰবচনত আৰু এই উপলব্ধি অনুসৰি শৃংখলাবদ্ধ জীৱন যাপন কৰে। মানৱীয় সত্ত্বাৰ মনুষ্যত্বৰ পূৰ্ণতা সাধন কৰি দাৰ্শনিক প্ৰজ্ঞাৰ সংপৃক্ত আধ্যাত্মিক চেতনাৰে পৰমসত্ত্বাৰ মূৰ্ত স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেম ভক্তিমূলক সেৱাত আত্মনিয়োগ হোৱাৰ আকুল আহ্বান শ্ৰীমদভগৱদ্গীতা আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰৱৰ্তিত এক শৰণ নামধৰ্ম উভয়তে বিৰাজমান।
প্ৰসংগ পুথিঃ
১) শ্ৰীমদভগৱদ-গীতা যথাযথ, মূল: কৃষ্ণকৃপামূৰ্ত্তি শ্ৰীল অভয়চৰণাৰৱিন্দ ভক্তি ৱেদান্ত প্ৰভুপাদ, অসমীয়া অনুবাদক: ড° মুকুন্দ মাধৱ শৰ্মা, ভক্তিৱেদান্ত বুক ট্ৰাস্ট, মুম্বাই , ১৯৯৬
২) ভাগৱতৰ আলমত শ্ৰীমন্ত শঙ্কৰদেৱৰ শিক্ষা, বৃন্দাপতি দাস ব্ৰহ্মচাৰী, পূৱাঞ্চল প্ৰিন্টছ, গুৱাহাটী, ২০১৫
৩) Nārada-Bhakti-Sūtra, His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda and His Disciples, The Bhaktivedanta Book Trust, Mumbai, 2011
৪) যাকেৰি নাহিকে উপাম, লক্ষ্মীনন্দন বৰা, জ্যোতি প্ৰকাশন, গুৱাহাটী, ২০১০
৫) বিশ্বকোষ দশম খণ্ড, ড০ গিৰীশ শৰ্মা(মুখ্য সম্পাদক), অসম সাহিত্য সভা, ২০০৯
৬) কীৰ্তন-ঘোষা আৰু নাম-ঘোষা, শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ, সম্পাদনা সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, জ্যোতি প্ৰকাশন, ২০২২
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment