হাজং লোকসকলে হাতেৰে প্ৰস্তুত কৰা সঁজুলি অথবা সামগ্ৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 4, 2026

হাজং লোকসকলে হাতেৰে প্ৰস্তুত কৰা সঁজুলি অথবা সামগ্ৰী

 হাজং লোকসকলে হাতেৰে প্ৰস্তুত কৰা সঁজুলি  অথবা সামগ্ৰী


সদানন্দ হাজং 

চিলাপথাৰ, ধেমাজি


ধানখেৰেৰে প্ৰস্তুত কৰা কেইবিধমান সামগ্ৰীঃ

  ধান পুৰৗ (পুৰা): বাঁহৰ দীঘল টমালিৰ ওপৰত ধান খেৰবোৰ জাপ জাপকৈ জাপি তাৰ ওপৰত ধানখিনি দি ঘূৰণীয়া কৰি টমালিৰে সৈতে একেলগে মজবুতকৈ বান্ধি ভঁৰালত দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰি ৰখা ধান পুৰৗ (পুৰা)‌ ৰ ধান, খোৱা আৰু কঠিয়া হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। 


বিনিভুটাঃ বিনিভুটা ধান খেৰৰ দ্বাৰা প্ৰস্তুত কৰে। পিতৃ অথবা মাতৃ  মৃত্যু হ’লে সেই দিনা লগে লগে এই সামগ্ৰী প্ৰস্তুত কৰে। শ্মশানলৈ লৈ শৱটোক মুখাগ্নি কৰি লগে লগে মৃতকৰ ঘৰলৈ লগত যোৱা যিকোনো এজনে লৈ আহে আৰু বাৰদিনৰ কাৰণে পুত্ৰসকলৰ শোৱন কক্ষত জ্বলাই থয়। উল্লেখ্য পিতৃ-মাতৃ যিখন ঘৰ নাইবা শোৱন কক্ষত মৃত্যু হয়। সেই ঠাইত  এইকেইটা দিন শুব লাগে। বিনিভুটা জ্বলি জ্বলি শেষ হৈ আহিলে পুনৰ সমাজৰ কোনো এগৰাকী ব্যক্তি আহি প্ৰতিদিনে সংযোগ কৰি দীঘল কৰি দিয়ে। ইয়াক বাৰদিনৰ দিনা ঘাটকামানি দিনাখন নৈত লৈ গৈ পেলাই দিয়া হয়। তদুপৰি আন আন কামটো ব্যৱহাৰ কৰে।


বিউৰা (বিউৰৗ): বিউৰৗ ধান খেৰেৰে আটকধুনীয়াকৈ প্ৰস্তুত কৰা এবিধ সামগ্ৰী। ইয়াক বহাৰ কাৰণে ব্যৱহাৰ কৰে। 


খেতিয়ক সকলৰ কেইটামান সঁজুলি বিশেষ ভাৱে প্ৰয়োজনঃ

  নাঙলঃ পথাৰত মাটি চহাবলৈ নাঙলৰ অতীব প্ৰয়োজন। এই নাঙল তেওঁলোকৰ পুৰুষসকলে নিজ হাতেৰে যিকোনো ভাল কাঠৰ পৰা নিৰ্মাণ কৰি উলিয়ায়। নাঙল খেতিয়কৰ পৰম বন্ধু। হাজংসকল খেতিয়ক। খেতিৰ ওপৰত অধিক নিৰ্ভৰশীল। আন আন খেতিতকৈ ধান খেতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়। 

  কাৰণ ধান খেতি কৰিলে বছৰটো কোনো অসুবিধা নোহোৱাকৈ ভাতসাজ খাবলৈ পায়। তদুপৰি কিছু ধান বিক্ৰীও কৰিব পাৰে। নাঙলৰ সৈতে যুঁৱলি, মৈ, বিৰিয়া, মৈ-টকা, লাহনি, ঠেঙা অথবা লাঠি আৰু জবকা ইত্যাদি প্ৰয়োজন। প্ৰতিটো সামগ্ৰী বেলেগ বেলেগ ধৰণে নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা দেখা যায়। 


 যুঁৱলিঃ এইবিধ সঁজুলি কাঠ অথবা গোটা বাঁহেৰে জোখমাখ কৰি গাঁঠি বোৰ চাফা কৰি প্ৰস্তুত কৰি উলিয়ায়। যাতে হাল বাওঁতে গৰুৰ কান্ধটো ঘাঁ হৈ নাযায়। তাৰ প্ৰতি লক্ষ্য ৰাখি এই সঁজুলি প্ৰস্তুত কৰে। জোখমাখ কৰি প্ৰস্তুত কৰে যদিও নিৰ্দিষ্ট কোনো জোখমাখ আছে বুলি ক'ব পৰা নাযায়। 


মৈঃ

 খেতিৰ সময়ত খেতি মাটি সমান কৰিবৰ বাবে ভলুকা বাঁহৰ পৰা প্ৰস্তুত কৰা এবিধ  সঁজুলি। এই সঁজুলি প্ৰস্তুত কৰোঁতে কেঁচা ভলুকা বাঁহ জোখমাখ কৰি দুফাল কৰি কিছুদিন ৰ'দত শুকাই থয়। অলপ শুকুৱা পিছত মাজে মাজে  বাঁহৰ কাঠি ভৰাই দিয়ে যাতে মৈ মাৰোতে তাৰ ওপৰত উঠিবলৈ সুবিধা হয়। 


মৈ-টকা

 ভলুকা বাঁহৰ দুইমূৰে আখি থকা এডাল দীঘল সৰু বাঁহ। তাৰ এটামূৰ টকাৰ দৰে ফালি তাৰ মূৰদুটা মৈৰ লগত সংযোগ কৰা হয় আৰু আনটোমূৰ যুঁৱলিত লগাই মাটি সমান কৰা এবিধ সঁজুলি। কোনোৱে মৈ-টকা ব্যৱহাৰ নকৰি ৰচিও বান্ধে। 


বিৰিয়াঃ 

  ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বাঁহ। এইবিধ সঁজুলি ভলুকা বাঁহৰ পৰা প্ৰস্তুত কৰা দেখা যায়। কাৰণ ভলুকা বাঁহৰ গাগছ ডাঙৰ, শকত আৰু মজবুত। এইবিধ সঁজুলি হাজং পুৰুষসকলে এবাৰ বহোঁতে দাৰে কাটি কাটি আঁহ নথকাকৈ প্ৰস্তুত কৰি উলিওৱা মন কৰিছোঁ।


লাহনিঃ

 এডাল সৰু বাঁহত  তিনিকোণীয়াকৈ বিশেষকৈ মিঠাতেল অথবা ৰিফাইনতেলৰ তিন কাটি গজাল ঠুকিয়াই সুন্দৰকৈ প্ৰস্তুত কৰি তোলে। খেতিৰ সময়ত এই বিধ সঁজুলিৰে দ ঠাইত জমা হৈ থকা পানীখিনি ওখ ঠাইলৈ সিঁচি বোকা কৰি ধান ৰুবৰ বাবে উপযুক্ত কৰি তোলা দৃষ্টিগোচৰ হয়। 


ঠেঙা অথবা লাঠিঃ 

  এইবিধ সঁজুলি ভলুকা বাঁহৰ ঠাৰি (কুনছৗ) ৰে প্ৰস্তুত কৰা এবিধ সঁজুলি। কোনো কোনোৱে ভলুকা বাঁহ ফালি লাঠি বা এছাৰি দা'ৰে সাঁচি সাঁচি ধুনীয়াকৈ প্ৰস্তুত কৰে। এইবিধ সঁজুলি হাল বাওঁতে গৰু খেদিবলৈ ব্যৱহাৰ কৰে।


জবকাঃ 

  কাঠ আৰু বাঁহ ব্যৱহাৰ কৰি এইবিধ সঁজুলি প্ৰস্তুত কৰে। এক-দেৰ ফুট জোখৰ কাঠত মাজে মাজে ফুটা কৰি সৰু সৰু বাঁহৰ টুকুৰা ভৰাই দিয়ে। ইয়াক টানিবলৈ প্ৰায় পাঁচ ফুট দীঘল সৰু বাঁহৰ টুকুৰা লগাই যাতে টানিবলৈ সুবিধা হয়। পথাৰত অথবা ঘৰৰ চৌদিশে জমা হৈ থকা জাবৰ জোঠৰবোৰ টানি টানি চফা কৰিব পাৰে। 


বিন্দাঃ 

   পাঁচ কিম্বা ছয় ফুট দীঘল কাঠৰ টুকুৰাত ছয় ইঞ্চি আতৰে আতৰে বহুকেইটা কাঠি ভৰাই দি একেবাৰে সুমাজত এডাল দীঘল বাঁহ নতুবা কাঠৰ ছয়,সাত ফুট দীঘল মাৰি বিন্দাত ফুটাই দিয়ে। যাতে গৰুৰ কান্ধত থকা যুঁৱলিত বান্ধি  গৰু দুটাই টানি লৈ যাব পাৰে। এই বিন্দা আহু খেতিৰ সময়ত ব্যৱহৃত কৰে। এই সঁজুলিৰে আহুধানৰ তলি এপাক দুপাক ঘূৰালে ঘাঁহ বন নাইকীয়া হয়।


টুপাঃ

  বাঁহেৰে প্ৰস্তুত কৰা এবিধ সামগ্ৰী। ইয়াক সৰু ঘূৰণীয়া আৰু সুৰুঙা সুৰুঙা আকৃতিৰে গৰুৰ মুখৰ জোখত প্ৰস্তুত কৰে। এই সামগ্ৰী গৰুক পিন্ধাই দিয়া পিছত গৰুৱে  ঘাঁহ খাব নোৱাৰে। প্ৰয়োজনবোধ কৰিলে গৰুক পিন্ধাই দিয়া হয়। 


বিচনীঃ

  বাঁহৰ টমালিৰে আটক ধুনীয়াকৈ জহকালিত ব্যৱহাৰ কৰিব পৰাকৈ নিজ হাতেৰে বিচনি প্ৰস্তুত কৰি তোলা কাৰ্য্যই যথেষ্ট ভাল লাগে। 


বাঁহ-বেত আদিৰে তৈয়াৰ কৰা সঁজুলি বা সামগ্ৰীঃ


ডলাঃ 

  পুৰুষ-মহিলা  উভয়ে ডলা প্ৰস্তুত কৰিব পাৰে। জাতি বাঁহ কাটি সৰু সৰু পাতল পাতল টমালি ব্যৱহাৰ কৰি সুৰুঙা নথকাকৈ ঘূৰণীয়া আকৃতিৰে ডলা প্ৰস্তুত কৰে। ইয়াৰ আকৃতি বৰ বেচি ডাঙৰ নহয়। মহিলা সকলে সাবটি কাম কৰিব পৰা এটা জোখত প্ৰস্তুত কৰা হয়। ডলাৰে ধান বা দিয়ে, ধান-চাউল থোৱা, বিবাহ, পূজা-পাতলৰ  বিভিন্ন সামগ্ৰী ৰখা আৰু ধান ঝৰা, চাউল ঝৰা আদিৰ কামটো ব্যৱহাৰ কৰে।


চালনিঃ

  এইবিধ সঁজুলি বিশেষকৈ জাতি বাঁহৰ সৰু সৰু পাতল টমালিৰে সুৰুঙা থকা ঘূৰণীয়া আকৃতিৰ দৰে প্ৰস্তুত কৰে।

  এইখন এখন সঁজুলি যাৰ সহায়ত সৰু সৰু গোটা বস্তু ডাঙৰ বস্তুৰ পৰা পৃথক কৰা হয়৷ ইয়াৰ আকাৰ-আকৃতি ডলাতকৈ কিছু সৰু।


কুলাঃ 

 এইবিধ সঁজুলি ডলাৰ নিচিনা ডাঠ আৰু ঘন। বাঁহেৰে তৈয়াৰ কৰে। সন্মুখৰ ভাগ অলপ সৰু আৰু পিছৰ ভাগ অলপ বহল। দীঘে প্ৰায় দেৰ ফুট। এইবিধ সঁজুলি আন আন কামৰ লগতে বিশেষকৈ বিবাহ উৎসৱত ব্যৱহাৰ কৰে।


হেৰঃ

 এইবিধ পাত্ৰ আকাৰত সৰু। কাঁহীতকৈ  সৰু। ইয়াক কেৱল বেতেৰে নিৰ্মাণ কৰে। এই পাত্ৰ মুৰি বা লঘু শুকান সামগ্ৰী খাবলৈ আৰু চাউল আদি জুখিবলৈও ব্যৱহাৰ কৰে।  খুবেই ধুনীয়া। 


ডুলিঃ

 ডলা আৰু চালনিৰ দৰে প্ৰায় একে পদ্ধতিৰে প্ৰস্তুত কৰে যদিও ডুলিৰ ক্ষেত্রত কিছু পৃথক। ইয়াৰ আকাৰ-আকৃতি অলপ দ আৰু ঘূৰণীয়া। ইয়াক ধান-চাউলৰ লগতে বিভিন্ন বয়-বস্তু থবলৈ ব্যৱহাৰ কৰে।


খৰাহীঃ

  বাঁহেৰে নিৰ্মাণ কৰা পাত্ৰ। এই পাত্ৰ ঘৰত কিছুমান সৰু সৰু কেঁচা অথবা শুকান সামগ্ৰী যতনাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰে। ইয়াৰ আকৃতি প্ৰায় চালনিৰ নিচিনা। 


ঝাংৰাঃ

  বাঁহেৰে নিৰ্মাণ কৰা এবিধ সঁজুলি । দেখাত খৰাহীৰ দৰে। ই খৰাহীতকৈ ডাঙৰ। ইয়াক সুৰুঙা থকা ঘূৰণীয়া আকৃতিৰ দৰে প্ৰস্তুত কৰে। এই সঁজুলিৰ দ্বাৰা সৰু সৰু গোটা বস্তু ডাঙৰ বস্তুৰ পৰা পৃথক কৰা হয়। ধান মৰণা মৰা,মাছ ধৰা, বিয়া সভাত শাক-পাচলি কাটি জমা কৰি ৰখা ইত্যাদি কামত ব্যৱহাৰ কৰা দেখা যায়। 


দলঃ

 বাঁহেৰে নিৰ্মাণ কৰা এবিধ পাত্ৰ। ইয়াৰ পৰিসীমা প্ৰায় চাৰি ফুট ওখ আৰু বহল তিনি ফুট। ইয়াক মৰণা মৰা ধান বহু দিলনৈ সংৰক্ষণ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়। 


খাচাঃ

বাঁহেৰে নিৰ্মাণ কৰা ঘূৰণীয়া আৰু কিছু দ আকৃতিৰ পাত্ৰ। ইয়াক গোবৰ,ধান,জাবৰ-ভোবৰ আদি  ভাৰ বান্ধি কান্ধত কঢ়িয়াই অনা নিয়া কৰা এখন ধুনীয়া পাত্ৰ।


চাটাঃ

 এইবিধ সঁজুলি সৰু চুটি এডাল বাঁহত টমালিৰে গাঠি গাঠি প্ৰস্তুত কৰে। এইবিধ সঁজুলি গোবৰ,জাবৰ-ভোবৰ আদি পেলাবলৈ ব্যৱহাৰ কৰা হয়। এইবিধ সঁজুলিক গোবৰ চাটা বুলিও কয়। 


ঝাৰু (ঝাটাবাৰী):

দেৰ- দুই ফুট জাতি বাঁহ কাটি মিহি মিহিকৈ কাঠি উলিয়াই মুঠি কৰি বান্ধি প্ৰস্তত কৰা হয়। ইয়াক চোতাল সৰা বা  চফা কৰাত ব্যৱহাৰ কৰে।


দৰ্জা আৰু ঢাৰিঃ 

দৰ্জা আৰু ঢাৰি দুয়োবিধ বাঁহেৰে নিৰ্মাণ কৰা সঁজুলি। মাটি ঘৰত এই দৰ্জা ব্যৱহাৰ কৰে।আৰু ঢাৰি ৰ'দত ধান শুকাবলৈ, বহিবলৈ আদি কামত ব্যৱহাৰ কৰে। বাঁহেৰে ঘৰত বহাৰ কাৰণে চকীও প্ৰস্তুত কৰে।

 এই সকলোবোৰ সঁজুলি, সামগ্ৰী অথবা পাত্ৰ তেওঁলোকে নিজ হাতেৰে প্ৰস্তুত কৰি নিজে ব্যৱহাৰ কৰা লগতে আনক বিক্ৰী কৰে। বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা দেখা যায় ।


পাচি (পৗইলৗ): বাঁহেৰে নিৰ্মাণ কৰা এবিধ পাত্ৰ। এই পাত্ৰ জাবৰ পেলোৱা, গোবৰ পেলোৱা, মাটি আৰু খৰি আদি অনা নিয়া কামত ব্যৱহাৰ কৰে।


মাছ ধৰা সঁজুলিঃ


জাকৈঃ

  বাঁহৰ কাঠিৰে তিনিচুকীয়াকৈ সজা এবিধ মাছ ধৰা যতন।

খালৈঃ

 জাকৈ অথবা জালৰ জৰিয়তে অথবা যিকোনো সঁজুলিৰে মাছ ধৰি লগে লগে ভৰাই থবলৈ ব্যৱহাৰ কৰা, সাধাৰণতে বাঁহেৰে বনোৱা এক যতন।


চেপা (বৰুণ): 

প্ৰায় দুফুট দীঘল আৰু দুই মূৰ ঠেক বাঁহৰ কাঠিৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ মাজত এটা অথবা দুটা বিন্ধা থাকে। সেই বিন্ধায়েদি মাছ ভিতৰলৈ সোমায়।


ঠুহা (টুহৗ): বাঁহৰ কাঠিৰে প্ৰস্তুত কৰা মাছ ধৰা এবিধ ঠেক আৰু দীঘল সঁজুলি।


পলঃ

   বাঁহৰ কাঠিৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে। এফালে পানীত চবুৰিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়।

  এইসকলোবোৰ সঁজুলি অথবা পাত্ৰ তেওঁলোকে নিজ হাতেৰে প্ৰস্তুত কৰি নিজে ব্যৱহাৰ কৰা লগতে আনক বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা পৰিলক্ষিত হয়।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages