কাবানৰ কোঁহে কোঁহে...
মিন্টু (অভিজ্ঞান) বৈশ্য
জালুকবাৰী
তই নামিছিলি হিয়াত
ফাগুনৰ সেই নিমাখিত সন্ধিয়াত
তই দেখিছিলি মোৰ চাংঘৰৰ বুকুৱেদি বৈ অহা
সেই ডোবালপিটা বৰষুণজাক
চাইছিলি একেথৰে সৌ শুকুলা আকাশ।
পানে কেনে আছ্ বুলি আজি আৰু নোসোধো দে তোক ।
(তই....)।
মই জানো পানে আজিও তোৰ বুকুত উথলি উঠে কিহৰ ঢৌ,
কিন্তু...., আমাৰ যে জাতি বৰণ নিমিলে (ঐ পানে)
সিদিনা আছিল লৃগাংৰ ৰাতি
হিয়াত বাৰুকৈয়ে লাগিছিল পুৰাঙৰ ৰাগি
গাত সৰিয়হ ফুল যেন ৰিবিগাচেংখনি
আৰু তাইৰ কঁকালত খুচি লোৱা চেনেহৰ গাৰে
তাইৰ ক'লা চুলিখিনি পঃটোপখনিয়ে ঢাক দি ধৰে
কিন্তু গুংগাংৰ সুৰতহে জানো কিয় দিচাং কঁপি উঠে !
বুকুৰ পানে মোৰ ঘনে ঘনে চকু পাতি ধৰে।
পানে ঐ.....
সোঁৱনশিৰিৰ জীয়া ধল নামি আহিছে চা
পিছে ঘূণাসুঁতিৰ সুৰে যে মোক হতাশ কৰে!
মনত পৰিছে সৌ বালিচৰত বহি কৰা জীৱনালাপ
য'ত মুকলি হয় নিতে আমাৰ জীৱন
ডঁৰিয়লিত পৰি ৰʼল সেই নিকৰুণ অভিজ্ঞতা
তাতেই বাজি উঠে আজিও অতি খৰমান লানং
এইবাৰ চাবি পানে সোঁৱনশিৰিৰ সোঁতে আহি দুয়োকেই সাৱটি ল'ব
তাতে তোৰে মোৰে মৰমবোৰ জীয়া নিঃতম হৈ ৰʼব
এইবাৰ চাবি সৌ মিৰি পাহাৰেও নাকান্দিব
আৰু তোৰ এগে মেখেলাৰ এন্ধাৰবোৰ দূৰ হৈ যাব
পানে ঐ ফাগুনৰ সৌ নদীয়াল বতাহজাকেও
আমাৰ কথাকেই ক'ব।
কাবানৰ কোঁহে কোঁহে তোৰে মোৰে প্ৰেম পানে
কথা কবিতা হৈ ৰʼব ।

No comments:
Post a Comment