এটা অপৈনত কবিতা
টিতম বৰা
নাৰায়ণপুৰ, লখিমপুৰ
জন্ম হৈয়ে আয়ে সোঁহাতখনত চুমা এটা খালে
পিতায়ে সোঁহাতত বুকুখনৰ উম দিলে
লাহে লাহে ডাঙৰ হ’লো
খোজ কাঢ়িবলৈ পিতায়ে সোঁ ভৰিটোহে
আগবঢ়াই দিছিলে
খাবলৈ হাতখন আগবঢ়াওতে
আয়ে মৰমেৰে কৈছিল-
বাছা এইখন তোমাৰ সোঁ হাত
ইয়াত অমৃত থাকে, এই হাত শুদ্ধ
মোক সোধা নহৈছিল মোৰ শুদ্ধ হাতখনৰ কথা
মোক সোধা নহৈছিল মোৰ শুভ/ অশুভ ভৰি দুটিৰ কথা
অনাগত সময়ে ধুমুহা হৈ কেনেদৰে সামৰিব মোক
বলি সাজি
কথাবোৰ লাহে লাহে ফুটি উঠিছিল
মূৰটোত পকোৱা চুলিৰে জটা বান্ধিছিল
সময়ৰ বিয়াগোম বিয়াগোম থেকেচাত
সামৰি লৈছিলো মই পায়, নেপায় আশাবোৰ
মানুহবোৰে মোক ভূত বুলি কৈছিল
কাৰণ পিৰামিডৰ খুদিত শিলৰ আকাৰ বিচৰাত
ব্যস্ত আছিলো মই
বিচাৰি বিচাৰি মোকলাই দিছিলোঁ পানীৰ যৌনতা,
নিষেধৰ সিপাৰে সিঁচা বীজ
পৈণত মনৰ নিশাৰ আখৰাৰ
সিপাৰৰ যন্ত্ৰণা
বগা ছাল ঢাকি গঢ় লোৱা নোমাল আখৰবোৰ
পঢ়াৰ সোৱাদেই সুকীয়া
সেপ গিলি ভৰাই পেলাইছিলোঁ
এচোতাল সুখ
কি সোঁ, কি বাঁও
মঙহৰ ভিতৰত একেই হাড়ৰ সংখ্যা
পেনপেনীয়া বতাহত ওপঙি ফুৰা ছোৱালীজনীৰ দৰে
কেতিয়াবা ময়ো হেৰাই থাকিছিলোঁ তাত
আইক তামোলখন দিওঁতে
মই এইবাৰ বাঁওহাতখন আগবঢ়াই দিছিলো
আয়ে নল’লে
বটাটোত বাঁওহাতৰ অৰ্থ শূন্য
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment