আহ্বান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

আহ্বান

 

আহ্বান


                  ৰত্না মৰাণ 

       বৰগুৰি তিনিচুকীয়া


আহ আহ

এটা নতুন দিন আহ

জেঠৰ মুধচ ভঙা বাউলি হৈ

হিল-দল ভাঙি আহ

গাত মেৰিয়াই লোৱা 

বিষাদৰ চাদৰখন

তই উৰুৱাই লৈ যা।। 


আহ তই এজাক 

মুষলধাৰ বৰষুণ হৈ আহ 

অন্যায়, অবিচাৰ

সাজযোৰ ধুই 

মলিনতাবোৰ নিকা কৰি

শান্তি জল তই 

নৈ হৈ বৈ যা।।


আহ তই বিজুলী

চমক হৈ আহ 

তোৰ যাদুৰ চমৎকাৰে

ধূলিয়ৰি আইৰ 

উদং বুকুত শাওণৰ 

পথাৰ খন তই 

সিঁচি থৈ যা।। 


আইৰ কোমল বুকুত

জিলমিল সুখৰ ৰেঙনি 

উন্মোচিত কৰি

স্নিগ্ধ জোনাকৰ

সোনালী, ৰূপালী

ৰংবোৰ তই 

উভতাই দি যা।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages