সপ্তসিন্ধুৰ উৰ্বৰ ভূমি মা সীতাৰ কাহিনীৰে ৰামায়ণৰ সৃষ্টি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 4, 2026

সপ্তসিন্ধুৰ উৰ্বৰ ভূমি মা সীতাৰ কাহিনীৰে ৰামায়ণৰ সৃষ্টি

 

সপ্তসিন্ধুৰ উৰ্বৰ ভূমি মা সীতাৰ কাহিনীৰে ৰামায়ণৰ সৃষ্টি


পদ্মেশ্বৰ নৰহ 

ৰাংকপ, ধেমাজি


    ৰামায়ণ ভাৰতীয় সমাজ সভ্যতা সংস্কৃতিৰ এক চিৰ উজ্বল নক্ষত্ৰ যাৰ পোহৰত বাট দেখি কৌটি কৌটি মানুহে  জীৱন যাত্ৰা  পাৰ কৰে, মাৰ্গ দৰ্শন লাভ কৰে। ৰামায়ণ: ৰাম+অয়ন (যাত্ৰা) অৰ্থাৎ ৰামৰ যাত্ৰা। য’ত প্ৰাচীন ভাৰতৰ সমাজ সভ্যতা সংস্কৃতি ইতিহাস ভূগোল আদিৰ সংগম দেখিবলৈ পোৱা যায়। 

  বহু ইতিহাসবিদ তথা গৱেষকে ৰামায়ণৰ বাস্তৱিক প্ৰমাণ নোপোৱাত ইয়াক এক কল্পিত কাহিনী বুলি মন্তব্য কৰিছে আৰু আন কিছুমানে ক’ব বিছাৰে যে ইতিহাসৰ অন্য এক মূল কাহিনীক নাটকীয়া ৰূপত ৰামায়ণৰ প্ৰস্তুত হৈছিল।

  যদিওঁ ৰামায়ণৰ স্পষ্ট প্ৰমাণ পাব পৰা হোৱা নাই তথাপি ৰামায়ণ কৌটি কৌটি মানুহৰ হৃদয়ত বিৰাজমান। এনে কোনো শক্তি যুক্তি নাই  যাৰ বাবে ৰামায়ণৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি ভাল পোৱা কমাব পাৰি। ৰামায়ণৰ শিপা অতি মজবুত।

  ৰামায়ণে ভাৰতীয় সমাজ সভ্যতাত ইমান গভীৰভাৱে প্ৰভাৱ পেলোৱাৰ কাৰণ কি আছিল। বিখ্যাত ইতিহাসবিদ ৰাহুল সংস্কৃতায়নৰ মতে ৰামায়ণ বাস্তৱিক নাছিল।

ৰামায়ণে যিবোৰ কৈছে যেনে শ্ৰীলংকাৰ অৱস্থিতি, ভাৰতৰ পৰা দূৰত্ব এইবোৰ বাস্তৱিকৰ লগত নিমিলে। 

শ্ৰীলংকাৰ পুৰণি আদি বাসীৰ লোক-কথা, লোক গীত, আখ্যানত ৰামায়ণৰ অনুপস্থিতি। লগতে বানৰ সেনা, জাম্বুৱান্ত (ভালুকৰ ৰজা) আদিৰ চৰিত্ৰ ।

 কামবানৰ ৰামায়ণ আৰু বাল্মিকীৰ ৰামায়ণৰ পৃথক বৰ্ণনা। জৈন আৰু বৌদ্ধ সাহিত্যত ৰামৰ পৃথক চৰিত্ৰ। ভাৰতত ১৪০ প্ৰকাৰৰ ৰামায়ণ পোৱা যায় বুলি জনা যায়।

  Rama occurs in Rigveda X.93.14 as a great king. In Ramayana Rama's brother Bharata founded Takshashila in NW India.

  Sita occurs as an agricultural Goddess in Rigveda IV.57.6-7 in hymns of Vamadeva Gautama. Gotamas were purohits of Videha, land of Sita. 

  Story of Rama is ancient. – (Dr. David Frawley)

  ঋগবৈদিক যুগৰ ঋষি মুনি সকলক ৰামায়ণ যুগতো দেখিবলৈ পোৱা যায়। বশিষ্ঠ, বিশ্বামিত্ৰ যিবোৰ ঋগবৈদিক যুগতো আছিল আৰু ৰামায়ণৰ যুগতো আছিল। ঋগবেদ আৰু ৰামায়ণৰ মাজৰ সময়ৰ ব্যৱধান বহু হাজাৰ বছৰৰ। ঋগবেদ ৰামায়ণতকৈ হাজাৰ বছৰ পুৰণি। ৰামায়ণৰ প্ৰতিটো চৰিত্ৰ অকল এজন‌ ব্যক্তি নহয় একো একোটা সত্বা, দৰ্শনহে প্ৰতিনিধিত্ব কৰিছে। ৰাম অৰ্থাৎ যিয়ে মানৱ সভ্যতাক এক সংগঠিত ব্যৱস্থাৰে আগুৱাই নিয়াৰ সূত্ৰ প্ৰাচীন মানৱক দিছিল। ৰামৰ আদৰ্শ, ব্যক্তিত্ব, সত্বাই তেওঁক সদায় জীয়াই ৰাখিছিল। এই কাৰণে সত্য যুগতো ৰাম নাম প্ৰচলিত আছিল বুলি কোৱা হয়। ঠিক সেইদৰে বিশ্বামিত্ৰ, বশিষ্ঠ,আগস্ত্য আদি ঋষি সকলৰ দৰ্শন, কৰ্মৰাজিয়ে ভাৰতীয় সভ্যতাক বিশেষ নেতৃত্ব‌ দিছিল। তেওঁলোকৰ সৃষ্টিৰাজি, দৰ্শন, আদৰ্শ বা তেওঁলোকৰ দ্ধাৰা মুকলি কৰা বাটত পিছৰ যুগে আগুৱাই গৈছিল। এই কাৰণে তেওঁলোকে সকলো যুগত প্ৰতিনিধিত্ব কৰিছিল।

   ৰামায়ণ এটা যুগ বা শতিকাৰ কাহিনী নহয়, ই  কোনো ৰজা মহাৰজাৰ কাহিনী নহয়, দীঘলীয়া সভ্যতাৰ উত্থান পতনৰ কাহিনীহে। 

  ঋগ্বেদত সীতাক উৰ্বৰতা আৰু কৃষিৰ দেৱী হিচাপে উল্লেখ কৰিছে যাক ৰামায়ণত বিদেহ ৰাজ্যৰ ৰাজকন্যা হিচাপে বৰ্ণিত। বিদেহৰ ৰাজধানী আছিল মিথিলা। সীতা বাস্তৱিকতে কোনো নাৰী বা মানৱ নাছিল, উৰ্বৰ ভূমিক ৰামায়ণে নাৰীৰ ৰূপ দি ইয়াৰ ইতিহাস বৰ্ণনা কৰিছে। এইকাৰণে হয়তো সীতাৰ ৰাজ্য খনৰ নাম বিদেহ ৰাখিছিল যাৰ অৰ্থ দেহ নোহোৱা শৰীৰ বিহীন আৰু ৰাজধানী মিথিলাৰ‌ অৰ্থওঁ মাটিৰ লগত জড়িত। সীতা মানুহৰ দৰে জনম লোৱা নাছিল, সেইবাবে সীতাক হাল বোৱা সময়ত পোৱা গৈছিল বুলি উল্লেখ কৰিছে। ঠিক সেইদৰে ৰামো দশৰথৰ জৈৱিক পিতৃ নাছিল। ঋষ্যশৃংগৰ দ্ধাৰা পুত্ৰকামেশতি যজ্ঞৰ যোগেদিহে চাৰি পুত্ৰ লাভ কৰিছিল।

   সীতা বাস্তৱিকতে সিন্ধু সভ্যতাক প্ৰতিনিধিত্ব কৰিছে।

সপ্তসিন্ধু উপত্যকাৰ উৰ্বৰ ভূমিত গঢ় লৈছিল নতুন মানৱ সভ্যতা। সেই উৰ্বৰ ভূমিৰ আশীৰ্বাদত প্ৰাণ পায় জীপাল হৈছিল পশুধন আৰু কৃষি শস্যৰ  যাৰ ফলস্বৰুপে বহু দীঘলীয়া পৰিক্ৰমাৰ অন্তত  নিঅ'লিথিক যুগৰ সভ্যতা, মেহৰগড় সভ্যতা আৰু  পাছত সিন্ধু হৰপ্পা নগৰ সভ্যতাই চূড়ান্ত ৰূপ পাইছিল।

  ঋগ্বেদ যুগৰ ৰামে এই উৰ্বৰ ভূমিত মানৱ সভ্যতাক নেতৃত্ব দিছিল।ৰামে হয়তো কল্যাণকামী মাৰ্গেৰে এক সংগঠিত ব্যৱস্থা নিৰ্মাণৰ বাট মুকলি কৰিছিল। যিয়েই পিছত ৰাষ্ট্ৰ, ৰাজ্য শাসন ব্যৱস্থা হিচাপে বিকশিত হৈছিল। ৰামায়ণত সেই ঋগবৈদিক যুগৰ ৰামক মূল চৰিত্ৰ হিচাপে লৈ সিন্ধু সভ্যতাৰ পতনৰ সময়ছোৱালৈকে সামৰি‌ দীঘলীয়া ইতিহাসক জনমানস বুকুত স্থাপিত কৰিবলৈ ৰামায়ণৰ প্ৰস্তুত হৈছিল। নাৰদে বাল্মিকীক ৰামায়ণ কৈ শুনাইছিল আৰু বাল্মিকীয়ে সংকলিত কৰিছিল। নাৰদ হয়তো   নয়নাৰ, আলৱাৰৰ দৰে  ভক্তিমাৰ্গ  পন্থা বা ৰামানুচাৰ্য্য, শংকৰাচাৰ্যৰ আদিৰ দৰে ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা  হ’ব পাৰে। যিয়েই ঈশ্বৰৰ গুণ মহিমা মানুহৰ মাজলৈ লৈ গৈছিল।  

   মানুহৰ এটা জিজ্ঞাসা থাকে যে আমি জানিব খোজোঁ আমাৰ অতীতক, আমি জানিব বিচাৰোঁ আমি কৰ পৰা আহিলো, কেনেকৈ আহিলো , আমাৰ পূৰ্ব পুৰুষ কোন আছিল... এইবোৰ কাৰণতেই জন্ম হৈছিল আখ্যান, লোক গীত আদিৰ ‌। ৰামায়ণো তাৰে এটি প্ৰয়াস।

    বাল্মিকীৰ দ্ধাৰা সংকলিতৰ পূৰ্বে ৰামায়ণ জনমানসত প্ৰচলিত আছিল। লোকগীত, লোক -কথা, আখ্যান হিচাপে মানুহৰ‌ মাজত প্ৰচলিত আছিল। নাৰদে হয়তো আখ্যান, লোকগীত গায় মানুহৰ মাজত ঈশ্বৰৰ কথা প্ৰচাৰ কৰিছিল, যেনেকৈ ভক্তি আন্দোলনে কৰিছিল। কামবানৰ ৰামায়ণ আৰু বাল্মীকি ৰামায়ণ একেই নাছিল  কিয়নো কামবানে বহু খিনি কথা তেওঁলোকৰ সমাজত‌ প্ৰচলিত লোককথাৰ পৰা গ্ৰহণ কৰিছিল বুলি ধাৰণা কৰা হয়।

   সীতা বৰ সুন্দৰ ৰূপেৰে, সুখ সমৃদ্ধিৰে মিথিলাত ডাঙৰ দীঘল হৈছিল আৰু ৰামে সীতাক সয়ম্বৰত লাভ কৰি অযোধ্যা পুৰি লৈ যায়। – অৰ্থাৎ সিন্ধু উপত্যকাৰ উৰ্বৰ ভূমিত দিন প্ৰতিদিনে সভ্যতা আৰু সমৃদ্ধি বাঢ়িছিল আৰু তাত বহু জন‌, জনপদ, ৰাজ ৰাজনৰ সংখ্যাওঁ বাঢ়িব ধৰিছিল। সেই প্ৰক্ৰিয়া গৈ গৈ সিন্ধু হৰপ্পাৰ নগৰ সভ্যতাত উপনীত হৈছিল। অথৰ্ববেদৰ অযোধ্যা পুৰি যিটো হৰপ্পাৰ নগৰক প্ৰতিনিধিত্ব কৰিছে ৰামায়ণে তাকে ৰামৰ নগৰী হিচাপে বৰ্ণনা কৰিছে আৰু সীতা এই নগৰীত ৰামৰ পত্নী হিচাপে আহিছিল। সিন্ধু‌ সভ্যতাৰ নগৰ তাৰ ৰাজন আৰু পবিত্ৰ উৰ্বৰ ভূমিৰ মাজৰ মধূৰ সম্পৰ্ক। 

  সীতাই অযোধ্যাত বেছি দিন শান্তিৰে থাকিব নাপালে ঘৰুৱা সমস্যাৰ বাবে ৰাম, লক্ষ্মণ লগত বনবাসত যাব লগা হৈছিল। বনবাসৰ যাতনা ভূগিব লগা হৈছিল। – অৰ্থাৎ সিন্ধু হৰপ্পা নগৰ সভ্যতাই বহু বেছি দিন স্থিতি থাকিব নোৱাৰিলে ২৬০০ খ্ৰীঃপূৰ্বত পৈণত হোৱা হৰপ্পা‌ সভ্যতা  ১৯০০ খ্ৰীঃপূৰ্বৰ পৰা পতনমুখী হয়। যাৰ বাবে ৰাম সীতা লক্ষ্মণে বনবাস খাটিব লগা হয়। সেই সভ্যতাৰ জনসাধাৰণ, ৰাজ্য, ৰাজ, আদি পৰিৱৰ্তিত জলবায়ুৰ প্ৰভাৱত বহু সমস্যাৰ‌ মুখামুখী হৈছিল। ফলত ৰজা, ৰাজ, জনসাধাৰণে এই স্থান ত্যাগ কৰি সুৰক্ষিত স্থানলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল। ১৯০০ খ্ৰীঃপূৰ্ব বা তাৰ সমসাময়িক কালছোৱাত সিন্ধু সভ্যতাৰ এলেকাত ব্যাপক হাৰত হয়তো জলবায়ুৰ পৰিবৰ্তন,‌ ভূ-প্ৰাকৃতিক পৰিবৰ্তন হৈছিল। ভাৰতীয় উপমহাদেশত পেলিঅʼক্লাইমেত অধ্যয়নৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি সেই যুগত ব্যাপক হাৰত মৌচুমীৰ হ্ৰাস হৈছিল আৰু শুষ্ক, জলহীন পৰিস্থিতিৰ সন্মুখীন হৈছিল। ফলত সিন্ধু এলেকা শুকাই গৈছিল।

   সেই প্ৰক্ৰিয়াকে হয়তো সাগৰৰ মাজত স্থিত লংকাৰ ৰাৱণে সীতাক হৰণ কৰা বুলি বৰ্ণিত হ’ল। জল, বৰষুণ যেন সিন্ধু ভূমি এৰি সাগৰলৈ গুচি গ’ল আৰু সমৃদ্ধিৰ সিন্ধু ভূমি শুকান হৈ যাব ধৰিল।

  সিন্ধু উপত্যকাৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে তাৰ পৰা ৰাজ, জনসাধাৰণে আন সুৰক্ষিত স্থানলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল – ইয়াকে সীতা আৰু ৰামৰ মাজত দূৰত্ব বঢ়াতো বুজাইছে অৰ্থাৎ ৰাৱণে সীতাক ৰামৰ পৰা অপহৰণ কৰিল। সেই প্ৰক্ৰিয়া বহু দীঘলীয়া সময় ধৰি চলিছিল। কেতিয়াবা খৰাং হৈ আকাল হৈ গৈছিল, ইয়াকে হয়তো মেঘনাথৰ চৰিত্ৰৰে বুজাইছে যাক ইন্দ্ৰজিৎ বুলিওঁ অভিহিত কৰিছে যিয়েই ইন্দ্ৰ অৰ্থাৎ বৰষুণক জয় কৰি অনাবৃষ্টি আনিছিল আৰু মেঘনাথ অৰ্থাৎ মেঘক লুকুৱাব পাৰিছিল। সিন্ধু এলেকাত সেই যুগত শুকান পৰিস্থিতিৰ সৃষ্টি হৈছিল।

   মহেঞ্জোদাৰোৰ পৰা প্ৰাপ্ত প্ৰমাণ অনুসৰি অতি প্ৰাচীন কালত তাত অত্যধিক বানপানী, ডুবি যোৱাৰ পৰিঘটনা হৈছিল, সম্ভৱ ৰাৱণ যাৰ অৰ্থত লুকাই আছে গৰ্জন হয়তো এইয়া চাইক্লন, প্ৰবল প্ৰভাৱী মৌচুমীৰ প্ৰকোপ হ’ব পাৰে।

  সিন্ধু সভ্যতাই কেতিয়াবা প্ৰবল খৰাং আৰু কেতিয়াবা প্ৰবল বানপানী দুৰ্যোগৰ ফলত ইয়াৰ স্থিতি শক্তি ক্ৰমান্বয়ে কমি আহিছিল।

  (Based on paleoenvironmental proxy records like marine and lake sediments, ice cores, and speleothems, scientists have identified a cooling trend and widespread aridification that peaked between roughly 2200 BC and 1800 BC. )

  সিন্ধু সভ্যতাৰ পতনৰ কালখণ্ডছোৱাত বিখ্যাত বৈদিক সৰস্বতী নদীৰো শুকাই যাব দৰে। সেইবাবে পুৰাণত বৰ্ণিত হ’ল যে গংগা পৃথিৱীত অৱতৰণ হোৱা লগে লগে সৰস্বতী পৃথিৱী ত্যাগ কৰি নিজৰ ব্ৰহ্মলোকলৈ যায়গে অৰ্থাৎ সিন্ধু সৰস্বতী সভ্যতাৰ পতনৰ পিছত মানৱ সভ্যতা গংগা উপত্যকাত স্থাপিত হৈছিল তাকে বুজাব বিছাৰিছে অৰ্থাৎ সৰস্বতী নদীৰ বিলুপ্ত আৰু গংগা উপত্যকাত সভ্যতাৰ উত্থান আৰু সিন্ধু সভ্যতাৰ পতনৰ লগত জড়িত কাহিনী। লগতে মহাভাৰত‌ৰ ৰচনাৰ‌ লগত জড়িত সৰস্বতী নদীৰ বিলুপ্তৰ প্ৰবাদ পুৰাণ বৰ্ণিত। মহাভাৰতৰ শেষৰ ফালে নদীৰ বিলুপ্তিৰ তথ্য পোৱা যায়। মহাভাৰত গংগা উপত্যকাত সভ্যতাৰ উন্মেষৰ কাল খণ্ডৰ‌ বুলি ক’ব পাৰি। কুৰু বংশৰ ৰজা শান্তনু গংগাৰ সৈতে বিবাহ হোৱাতো, গংগা উপত্যকাত এই বংশৰ উত্থানকে সূচায়।

  সিন্ধু দুৰ্যোগৰ ফলত কিছু লোক ভাৰতৰ পৰা বাহিৰ গৈ মধ্য প্ৰাচ্যত মিতান্নী সাম্ৰাজ্য (১৫০০–১২০০ খ্ৰীঃপূৰ্ব) গঢ়িছিল ।

  সেই প্ৰতিকূল পৰিস্থিতিতো পিছে সিন্ধু সভ্যতাৰ লোকসকলে একেবাৰে সেই স্থান ত্যাগ কৰা নাছিল ইয়াকে ৰামক বনবাসৰ পৰা পুনৰ অযোধ্যালৈ আনিব বিছৰা ভৰতৰ চৰিত্ৰৰে প্ৰকাশ কৰিছে, ৰাম নাথাকিলেওঁ যে অযোধ্যা সদায় ৰামৰ‌ নামতহে শাসন কৰিব।

সিন্ধু সভ্যতাবাসী, তথা তাৰ ৰাজ, ৰাজন, সকলো প্ৰাণী বানৰ, ভালুক আদি যেন তেওঁলোকৰ প্ৰিয় মাতৃ স্বৰূপ সিন্ধু ভূমি মা সীতাৰ উদ্ধাৰৰ আপ্ৰাণ চেষ্টা, কামনা কৰিছিল । 

   সীতা বনবাসত থকাৰ সময়ত অসুৰ‌ৰ স্বৰ্ণ ৰুপৰ‌ মৃগৰ প্ৰতি মোহিত হৈছিল। কিন্তু লক্ষ্মণে এই মৃগৰ প্ৰতি সন্দেহ কৰিছিল আৰু এই প্ৰাণীক অপ্ৰাকৃতিক, প্ৰকৃতি বিৰুদ্ধ, নিয়ম বিৰুদ্ধ‌ বুলি কৈছিল। অথৰ্ববেদ যুগত বহুতো প্ৰাণীক একেলগে মৃগ বুলিয়ে কৈছিল। পিছৰ কালত মৃগ শব্দটো হৰিণৰ লগতহে কেন্দ্ৰীভূত হয়গে।  সেইবাবে ৰামায়ণে মৃগৰে হৰিণাকে বুজালে। 

  সেই মৃগটো প্ৰকৃততে সিন্ধু সভ্যতাৰ বিখ্যাত এক শিংধাৰী ইউনিকৰ্ণটোহে আছিল, যিটো এক অপ্ৰাকৃতিক জীৱ আছিল। সিন্ধু সভ্যতাৰ পতনৰ লগতে ইয়াৰো কোনো অস্তিত্ব নোপোৱা হ’ল। ইয়াকে পিছৰ কালত হয়তো সিন্ধু সভ্যতাৰ পতনৰ কাৰক হিচাপে অভিহিত কৰি অসুৰৰ ৰুপ আছিল বুলি প্ৰবাদ প্ৰচলিত হৈছিল।

    সিন্ধু এলেকা বসতিৰ প্ৰতিকূল হোৱাত এফালে গংগা উপত্যকা আৰু আনফালে দক্ষিণ দিশে মানুহৰ প্ৰব্ৰজন বাঢ়িব ধৰিলে। তেওঁলোকে পাহৰা নাছিল তেওঁলোকৰ অতীতৰ পুণ্য ভূমিৰ কথা। এইকাৰণে বহু প্ৰবাদ আখ্যান লোকগীত প্ৰচলিত হৈছিল, কিন্তু যাতে এই মহান গাথা সদায় মানুহৰ মাজত অমৰ হৈ থাকে তাৰ বাবে পিছৰ কালত দেশৰ ভিন্ন প্ৰান্তৰ পৰা বহু অংশ একাকাৰ কৰি নাৰদে বাল্মিকীক সংকলিত ৰূপত বিধিবদ্ধ কৰায়। যি যি স্থানৰ পৰা ৰাম কথাৰ যি অংশ লোৱা হৈছিল এইবোৰ স্থানকো ৰামৰ লংকা‌ অভিযানৰ যোগেদি ৰামৰ সৈতে সাক্ষাৎ হিচাপে বৰ্ণিত। সেইবাবে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত সকলোত ৰামে পদাৰ্পণ কৰিছিল।  সেই খিনি কালখণ্ডত যি সকল কিংবদন্তি পুৰুষ, মহিলা আছিল তেওঁলোককো ৰামায়ণে বিশেষ স্থানত স্থাপন কৰিছিল। লগতে এইবোৰ যুগৰ প্ৰচলিত জাতি বৰ্ণ ব্যৱস্থাৰো কিছু প্ৰভাৱ আহিল। ঋগ্বেদ যুগৰ কৰ্ম কেন্দ্ৰীক  বৰ্ণ  ব্যৱস্থা পিছৰ যুগত জন্ম কেন্দ্ৰীক জাতি ব্যৱস্থা হয়। পুৰাতত্ত্ববিদ ড° অৰবিন্দ জামখেদকাৰৰ অধ্যয়ন অনুসৰি হৰপ্পা সভ্যতাত  মানুহৰ এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ মাজত নিৰ্মিত দেৱালে জাতি ব্যৱস্থাৰ প্ৰমাণ দিয়ে ।

  (Relying on Prof. Iravati Karve’s extensive study of castes, Dr Arvind Jamkhedkar said “Within Harappa, walls separated one section of the people from another, which clearly shows how the caste system existed way back. Even during the Mauryan Empire, there is mention of seven clans of people.”)

  সেইবাবে ৰামকো ৰামায়ণৰ অন্যান্য প্ৰবাদত বৰ্ণ ব্যৱস্থাৰ  সৈতে ৰঙীন হোৱা দেখিবলৈ পোৱা যায়, যেনে উত্তৰা কান্দ ৰামায়ণত শূদ্ৰ ঋষি শমবুকক হত্যা কৰা। অৱশ্যে এইবোৰ সেইযুগত সমাজত  প্ৰচলিত কুপ্ৰথা বা বৈশিষ্ট্যহে আছিল বুলি ক’ব পাৰি।‌ সেই যুগত প্ৰতিকুল প্ৰাকৃতিক বিপদৰ সৈতে মানৱ সভ্যতাৰ অস্তিত্বৰ মাজত হোৱা যুজঁকে ৰাম ৰাৱণৰ যুদ্ধ বুলি অভিহিত কৰিলে।

ৰামে ৰাৱণ বধ কৰি সীতা উদ্ধাৰ কৰিছিল – অৰ্থাৎ সিন্ধু ভূমিক পুনৰ বাসোপযোগী কৰি তোলাৰ প্ৰয়াস। সীতাক পুনৰ উদ্ধাৰৰ পাছতো‌ দুয়োৰ মাজত আকৌ বিচ্ছেদ হ’ব লগা হৈছিল – সিন্ধু উপত্যকাত পুনৰ আগৰ দৰে উন্নত সভ্যতা‌ গঢ়িবলৈ  সামৰ্থ্য কমি আহিল। কিন্তু সীতাই লৱ আৰু কোশ জন্ম দিছিল – অৰ্থাৎ সিন্ধু সভ্যতা পতনৰ পিছত যদিওঁ শক্তিশালী সাম্ৰাজ্য উত্থান হ’ব পৰা নাছিল কিন্তু সৰু সৰু ৰাজ্য শক্তি উদয় হৈছিল। এইটোৰ পৰা আমি এইটো কথা জানিব পাৰি যে সিন্ধু পতন মানে  সিন্ধু সভ্যতা একেবাৰে সম্পূৰ্ণ ৰাজ্যবিহীন‌, জন শূণ্য বা বিৰাম ইতিহাস নাছিল।

  ৰাৱণ বধ অৰ্থাৎ সভ্যতাৰ ৰক্ষা  যি ৰাৱণ ৰূপি প্ৰতিকূল প্ৰাকৃতিক শক্তিয়ে মহাকাল অৰ্থাৎ সংহাৰকৰ্তাৰ বৰ পায় সৃষ্টি বিনাশ কৰিব বিচাৰিছিল কিন্তু পালন হাৰৰ অৱতাৰ প্ৰজাৰ ভগৱান ৰজা ৰামে তাক বধ কৰি সৃষ্টি  ৰক্ষা, সন্তলন কৰিছিল। 

   ৰামায়ণে শিৱক শ্ৰেষ্ঠ হিচাপে উল্লেখ কৰিছে, ইয়াৰ কাৰণ হয়তো সিন্ধু সভ্যতাত শিৱ গুৰুত্বপূৰ্ণ দেৱতা আছিল, সিন্ধু‌ সভ্যতাৰ পশুপতিৰ ছীল, লিংগৰ ছবি আদিয়ে সিন্ধু সভ্যতাত শিৱৰ গুৰুত্বকে বুজায়।

   বাল্মিকীৰ ৰামায়ণ অনুসৰি ভাৰতৰ পৰা লংকাৰ দূৰত্ব আছিল ১০০ যোজন অৰ্থাৎ প্ৰায় ১৬০০ কি:মি ৰ সমান বুলি ধৰিব পাৰি, কিন্তু বাস্তৱিকত বৰ্তমানৰ শ্ৰীলংকালৈ মাথোঁ ৫৪ কি:মি হে আছে। এই ১০০ যোজনটো প্ৰকৃততে সিন্ধু সভ্যতাৰ চাৰি সীমাৰহে যোগ আছিল যাক ৰাৱণে দূৰৱস্থা কৰি তুলিছিল গতিকে ৰামে এই ১০০ যোজন পাৰ কৰি ৰাৱণক বধ কৰিব লাগিব। সিন্ধু সভ্যতাৰ উত্তৰে –দক্ষিণে আৰু পূবে – পশ্চিমে দুয়োৰে দূৰত্ব আছিল ক্ৰমে প্ৰায় ১৬০০ কি:মি আৰু ১৩০০ কি:মি অৰ্থাৎ ১০০ যোজনৰ সমান।

  মা লক্ষ্মীৰ অৱতাৰ আছিল সীতা অৰ্থাৎ উৰ্বৰ ভূমিতহে লক্ষ্মীয়ে দেখা দিয়ে। লক্ষ্মী আৰু উৰ্বৰ ভূমি সীতাৰ সম্পৰ্ক।সীতা শেষত পৃথিৱীৰ বুকুত মা বসুমতিৰ বুকুত ৰামক এৰি বিলীন হৈছিল। সীতা বসুমতিৰ পুত্ৰী আছিল। উৰ্বৰ ভূমিও পৃথিৱীৰ ভূপৃষ্ঠৰ মাটিৰে এটা অংশ বা  তাৰ পৰাই উৎপন্ন। সিন্ধু সভ্যতাৰ উৰ্বৰ পবিত্ৰ ভূমি স্তৰ  সিন্ধু সভ্যতাৰ পতনৰ পিছত ভূপৃষ্ঠৰ তলৰ স্তৰত পোত গ’ল।

হিৰণ্যাক্ষৰ দ্বাৰা পৃথিৱী দেৱীক সাগৰত লুকুৱাই ৰখা আৰু বিষ্ণু অৱতাৰ বৰাহৰে উদ্ধাৰ আৰু উৰ্বৰ দেৱী সীতাক ৰাৱণে সাগৰ মাজত স্থিত দ্বীপত লুকুৱাই ৰাখিছিল আৰু বিষ্ণু অৱতাৰ ৰামে সীতাক উদ্ধাৰ কৰাৰ সৈতে কিছু সাদৃশ্যতা আছে।

  খাম্বাতৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ৯৫০০ বছৰ পূৰ্বে তাত মানৱ সভ্যতাৰ গতি বিধি আছিল। তাৰ পিছত  উচ্চ ভূমিলৈ সভ্যতাই গতি কৰে আৰু হয়তো সমুদ্ৰ মন্থন সাগৰৰ পৰা প্ৰাচীন সভ্যতাৰ মূল্যবান সম্পদ আহৰণ কৰা বা সাগৰ পৃষ্ঠৰ উচ্চতা কিছু কমাত প্ৰাচীন সভ্যতাৰ অমূল্য সম্পদবোৰ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।   বৰাহ ৰূপে পৃথিৱীৰ উদ্ধাৰ অৰ্থাৎ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত মানৱ বসতিৰ ভূ -ভাগ সাগৰ বুকুত বিলীন হোৱাৰ উপক্ৰম আৰু ভগৱানে উদ্ধাৰ কৰা মানে পুনৰ সাগৰ পৃষ্ঠ কমি আহিল আৰু ভূ ভাগ ওলাই আহিছিল। 

অতি প্ৰাচীন কালত হোৱা প্ৰাকৃতিক, ভূ প্ৰাকৃতিক ঘটনা পৰিঘটনাৰ সৈতে মানৱ সভ্যতাৰ যুঁজ আৰু এই যুঁজত প্ৰকৃতিয়ে যেন‌ বিভিন্ন ৰূপত মানৱ সভ্যতাক ৰক্ষা কৰিছিল, প্ৰকৃতিয়ে সহায় নকৰা হ’লে মানৱ সভ্যতা স্থবিৰ হ'ল হেঁতেন। ভগৱান অৱতাৰ ধাৰণা এনেকৈয়ে আহিল মানৱ সমাজত।


উৎসঃ কিছুমান তথ্য ইন্টাৰনেটৰ পৰা আহৰণ কৰা হৈছে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages