এটি অজ্ঞাত প্ৰেমৰ আঁত ধৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

এটি অজ্ঞাত প্ৰেমৰ আঁত ধৰি

 

এটি অজ্ঞাত প্ৰেমৰ আঁত ধৰি 


                                                                  টিতম বৰা


তুমি ৰৈ থাকিবা 

কাষতে কথাবোৰ ফুলি উঠিব

বতাহজাকে দুয়োকে চিনাকি কৰি 

সুধিব

তোমাৰ কেনে

তুমি এটি হুমুনিয়াহেৰে ক'বা 

মৰমবোৰ কেতিয়ানো সময়ৰ ঢৌত 

উটি-ভাহি গ'লগৈ গমকে নাপালোঁ


কলেজীয়া সময়বোৰ গুঞ্জৰি কিয় ভাল লাগে অ ?


সেই সময়ত সুমধুৰ সময়বোৰে গীত গাবলৈ শিকিছিল

ন-ন সপোনৰ তৰাবোৰে বুকুত খেলিছিল

তুমি মই কেৱল চকুত চকুথৈ 

কথাবোৰ মনত সাঁচিছিলো 

কথা পতাৰ সাহস তোমাৰ সৈতে

তেতিয়াও নাছিলে 

আজিও নাই 


নদীখন ঠিক আমাৰ দৰেই যেন আছিল

বুকুত লৈ ফুৰিছিল হাজাৰটা মনৰ সাঁথৰ

তোমাক মাত এষাৰ দিম বুলিয়েই 

সাৰ পাইছিল প্ৰতিটো পুৱা

কিন্তু হৈহে নুঠিল


প্ৰতিটো নিশাত 

কিমানযে সপোনৰ কবলত চটফটাই ফুৰিলোঁ

নিশাবোৰে মোক শুহি পেলাইছিল 

আন্ধাৰৰ বান্ধোনত ককবকাই 

উশাহবোৰ দীঘলকৈ এৰি দিছিলোঁ


তেনেকৈয়ে কবিতাৰ ভাঁজে-ভাঁজে অচেতন হৈ জুখিছিলো মই দিন ৰাতিবোৰক 

তুমি মোক নুসুধিবা কেনে আছো মই 

মোৰ সময়বোৰে আজিও নতুনক আদৰিব পৰা নাই 

মই লাহে লাহে অকলশৰীয়া মনটোক ভাল পাই পেলাইছিলোঁ 


তোমাক বিচাৰি প্ৰতিদিনেই মানুহজাকৰ সৈতে কথা পাতো

মোৰ দুভৰিত কিমানটা পথ শেষ হৈছিল 

মই নিজেই নাজানো 

মোৰ কবিতাৰ তীক্ষ্ণ শব্দবোৰে তোমাকেই বিচাৰি  

ফুৰিছিল 

ৰাতি ফুলি উঠা ৰজনীগন্ধাৰ ৰিমঝিম সুমধুৰত 

মই অক্লান্ত প্ৰেমিক হৈ উটি গৈছিলোঁ

প্ৰতিটো দিন, প্ৰতিটো নিশাৰ 

ৰুনুক-জুনুক কৈ বাজি উঠা মিঠা গুঞ্জনত

সপোন হৈ ধৰা দিছিলোঁ তোমাক 

হেচি ধৰা দৰ্জাখনত মই ফুচফুচাই সুধিছিলো

বৰষুণৰ টোপালবোৰ কেতিয়া সৰিব

তুমি আকাশলৈ চাই তৰাবোৰ হিচাপ কৰিছিলা

লাহে লহে উশাহবোৰ বতাহত মিলি গৈছিল 


কিন্তু তুমি হঠাতে ঠেহ এটা সাৱটি মোক কটাক্ষ কৰি কৈছিলা

ভোকটো শেষ হ'ল নেকি 

মই উত্তৰহীন হৈ ওভতি আহিছিলোঁ

সপোনৰ নিশাটো শেষ হৈ পৰিছিল 

মই লাহে লাহে 

এটি সুমধুৰ গীতৰ তালে তালে 

চকু দুটিক বন্ধি পেলাইছিলোঁ

মোৰ বন্ধ দুচকুত তুমি আহি কানে কানে কৈছিলা

ব'লা একেলগে ফুৰিবলৈ যাওঁ

- সেই ববছাবনত উশাহবোৰ গুঁজি গুঁজি

একহৈ খেলোগৈ 

মই তোমাৰ হাতত হাত থৈ 

উৰা মাৰিছিলো এজাক বতাহ হৈ

আনন্দৰে ..


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages