আপুনি
দিপান্বিতা নাথ
আপোনাক আনে নজৰ দিলে,
মোৰ মন জ্বলি যায়।
আপুনি হাঁহিলে মোৰ হৃদয় ভৰি যায়,
আপুনি মোৰ কাষত থাকিলে,
নিৰস প্ৰতিটো পলেই হয় সুবাস সনা।
আপোনাৰ নামত বুকুত আছে এটি,
হেঁপাহৰ পজাঁ।
আপোনাৰ বাবেই এই বিশেষ ভালপোৱা।
আপুনিয়েই মোৰ…
প্ৰেমাকৃষ্ট উশাহ নিশাহৰ ঠিকনা।
আপুনি নহ’ব কেতিয়াও,
পাহাৰীয়া নৈৰ দৰে একা-বেকা।
আপুনিয়েই মোৰ ছায়া।
আপোনাৰ নামতেই...
এতিয়া সকলো মোহ-মায়া।
আপোনাক লৈ কৰো অযুত আশা !
এয়া পুৱতি নিশা...
আপোনাৰ বাবেই পাৰিছো ...
শেৱালী ফুলৰ দলিচা।
আপুনি দৰাৰ সাজত আহিলেই...
সম্পূৰ্ণ হ’ব মোৰ অন্তিমটো ইচ্ছা।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment