নীৰৱ মৌনতাৰ চিঞৰ
জ্যোতিষ্মান শইকীয়া
ৰহা, নগাঁও
জীৱনে দিলে কি
জীৱনে আমাৰ পৰা ল’লে কি
এই প্ৰশ্নতেই দিনবোৰ শেষ হৈ যায় নীৰৱে।
উচুপনিৰ আশাই আকৌ নতুনত্বৰ বাট চাই
বুকুৰ ভিতৰত অৱশ হয় শব্দবোৰে কঁপে জাৰত।
ল’ৰাৰ জীৱন মানেই দায়িত্বৰ বোজা,
চাকৰিৰ আশাত গলি যায় সপোনৰ সজাঁ।
টকাৰ অভাৱত নগ্ন পথৰ ভীক্ষাৰীৰ দৰে
মানুহৰ মূল্য নোহোৱা পৃথিৱীখনৰ গধুৰ বুজা।
হাজাৰ ধুমুহাই চেপি ধৰিব সদায়
বিশ্বাস, সাহস—সকলো পৰীক্ষাৰ শেষত
তথাপি নীৰৱ আত্মাই চিঞৰি উঠে
সহিব নোৱাৰে মৌনতাই।
মানুহে হাজাৰ দুখ দি যায় নিস্তব্ধে,
চকুপানীৰ মূল্য কোনো দিনেই নুবুজে
ৰাতিৰ অন্ধাৰত উচুপনি গোপন কবিতাই,
দিনৰ পোহৰত সুখী হোৱাৰ অভিনয় কৰে
জীৱনে দিলে যি—সেই টুকুৰা জ্বলন্ত হিয়াত পালোঁ কি
জীৱনে ল’লে যি— সেইটুকুৰা স্বপ্নৰ অৱশিষ্ট।
তথাপি নীৰৱ মৌনতাৰ বুকুত জ্বলে আশা,
এদিন এই চিঞৰে ভাঙিব নিস্তব্ধতাৰ ভাষা।


No comments:
Post a Comment