এদিন ইয়াত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, March 31, 2026

এদিন ইয়াত


 এদিন ইয়াত


                   কাংকান দীপ কুটুম

                             বোকাখাত


এদিন ইয়াত

নদী এখন আছিল

বৈ আছিল

ককা-আইতাৰ সংস্কৃতিৰ সোঁত

উপঙি আছিল

মূল্যৱাল শব্দৰ জোৱাৰ


এদিন ইয়াত

মসৃণ পথ এটি আছিল

কাষে কাষে ফুলিছিল

ককা-আইতাৰ পৰশত

সুখৰ জঃজং

বৈ আছিল নিৰন্তৰে

এজাক সত্যৰ বতাহ

উৰি আছিল এটি ঐকলি চৰাই


এদিন ইয়াত

পথাৰ এটি আছিল

সঁজাল ধৰিছিল

মা-দেউতাৰ সপোনৰ ধান


এদিন ইয়াত

টঙি এখন আছিল

বাজি আছিল

এটি হৃদয় জুৰোৱা অই নিঃতম


সেইদিন এতিয়া নাই

সুখৰ গানবোৰ কাবান হ’ল

কবিতাবোৰ বানত উঠি গ’ল।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages