যেতিয়া মই আৰু নাথাকোঁ
টুনি
এদুত, গোগামুখ
যেতিয়া মই আৰু নাথাকোঁ এই ধৰাত,
নিশাৰ আকাশত তিৰবিৰ তৰাই মোক সুধিব নে?
মোৰ স্বপ্নবোৰে বতাহত দিব চিত্,
সুৰভি হৈ ফুলেৰে মোক বিচাৰিব নে?
বেলিৰ পোহৰে যদি নাহে মোৰ দুৱাৰ,
স্মৃতিৰ ছাঁয়ে তেন্তে থমকি ৰ’ব নে?
হিয়াৰ মিঠা হাঁহি, সৰু সৰুকৈ বিৰিঙি অহা সুৱাস—
তোমাৰ চকুত সেয়া জাগি উঠিব নে?
মোৰ কথা যদি হয় নীৰৱ বাটৰ ধূলি,
সময়ৰ সোঁতত বিলীন হৈ যায়,
তোমাৰ অন্তৰত থাকিব নে সুৰলি
এটি মিঠা সুৰ নোহোৱা সঁচা গীতটি?
যেতিয়া মই নাথাকোঁ এই সংসাৰত,
মোৰ মৰম থাকিব তোমাৰ হৃদয়ত।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৬

No comments:
Post a Comment