তুমি অহাৰ কথা
সংগীতা টাইদ
ঘূনাসুঁতি
তুমি আহিবা এদিন
এই যে দেখিছা নদীখনলৈ।
পুৰণি ক্থাবোৰ
চিঞৰি চিঞৰি পাতিম।
কবি দেৱকান্ত বৰুৱাৰ
সাগৰ দেখিছা ? পঢ়ি পঢ়ি।
আৰু কি পঢ়িম জানা
কবি যোগেন টাইদৰ কবিতা
আজি ৰাতি
থাকি যোৱা হ’লে।
তোমাৰ বাৰু মনত আছে নে?
তুমি যে এদিন কৈছিলা।
ঐ কনেং এদিন ঘূনাসুঁতিলৈ যাম
তই থাকিবি আকৌ।
যেতিয়া সৰিয়হ ডৰা
হালধীয়া হৈ ফুলিব।
সেইবাবে ছাগৈ আজিও
সৰিয়হ ডৰা ফুলিলেই
তোমাৰ কথাই ভাবো।
কি ভাবো জানা?
তুমি আহিবা এদিন
এই যে দেখিছা নদীখনলৈ।
যেতিয়া নদী পাৰৰ সৰিয়হ ডৰা
হালধীয়া হৈ ফুলিব।
নদী পাৰত বহি
দুয়ো কথা পাতিম।
আৰু কি পাতিম জানা
কবি যোগেন টাইদৰ
সৰিয়হ ৰখীয়া
গাভৰু জনীৰ কথা।
নদী কাষৰ মানুহবোৰে
ৰ লাগি শুনিব।
আৰু নাৱৰীয়াজনে
চিঞৰি চিঞৰি মাতিব।
ঐ কনেং আহ আকৌ
নাওঁখন যাব এতিয়া।


No comments:
Post a Comment