বসন্তৰ পৃথিৱীৰ এজন অকলশৰীয়া কবি
ৰুদ্ৰ সিংহ মটক
এই দেশ এই পৃথিৱীৰ আন কোনেও নহয়
কেৱল তুমি চিনি পালা সঙ্গীহীন পৃথিৱীহীন এই অকলশৰীয়া
কবিক---হে মোৰ নীলাভ তেজৰ অচিনাকি কবিতা !
হয়, তুমিহে চিনি পালা এই কবিক
কেৱল নাম নহয়, ষ্টেটাছ ছিম্বলো নহয়, অথবা
চহৰৰ মাজমজিয়াত গৰ্বেৰে মূৰ দাঙি থকা সেই মাৰ্বলৰ
সাতমহল, দামী টয়োটা কিম্বা হেজাৰজনৰ ভীষণ ঈৰ্ষাৰ কাৰণ
মোৰ ধুনীয়া পত্নীও নহয়;
কি আছে বাৰু তোমাৰ সাগৰ-গভীৰ দুচকুত,
তুমি, কেৱল তুমিহে চিনি পালা ক'লা হীৰাতকৈয়ো উজ্বল
মোৰ হৃদয়ৰ ঠিকনা-- আকাশৰ দৰেই যি ওখ , মোৰ সেই
আত্মাক
আৰু চিনি পালা মোৰ শৰীৰ আৰু আত্মাৰ ভিতৰৰ কোনেও নেদেখা
কঠিন, নীলা জুইকুৰা— যাৰ মাজেৰে মই নিৰন্তৰ খোজ কাঢ়িছো—
বসন্তৰ পৃথিৱী আৰু চিৰ নীৰৱ, চিৰসুন্দৰ অনন্ত
অভিমুখে....
গ্ৰেণ্ড শ্লাম তোমাক হে’ চিৰ প্ৰিয় চিৰ নতুন
মোৰ নীলাভ তেজৰ অচিনাকি কবিতা !


No comments:
Post a Comment