মৰমৰ ঠিকনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

মৰমৰ ঠিকনা

 

মৰমৰ ঠিকনা

 

বিজিত মহন্ত

যোৰহাট


   দুদিন পিছতেই পুতেক বিদেশলৈ যাব। ঘৰখনত বৰ ব্যস্ততা। হঠাৎ পুতেকে মাকক সুধিলে - মা মোৰ পুৰণা ডায়েৰীখন ক’ত থ’লা ?

মাকঃ কি কৰিবা তাত? 

পুতেকঃ তাতে মোৰ বহু মূল্যৱান বন্ধুৰ ঠিকনাবোৰ আছিল।

বিদেশত তেওঁ লোকৰ লগত যোগাযোগ কৰিব লাগিব।

মাকে এটি হাঁহি মাৰি পুতেকৰ হাতত নতুন বহী দিলে। 

বিস্মিত হৈ পুতেকে ক’লে মা’, ইয়াৰ ভিতৰত কি আছে? 

মাকজনীয়ে কোমলকৈ ক’লে – মোৰ ঠিকনা সমূহ। চাই আশা কৰিম, বিদেশৰ ব্যস্ততাৰ মাজতো যেন তুমি মোৰ ঠিকনাটো পাহৰি নাযাবা।

চকুৰ পলকতে পুতেকৰ দচকু সেমেকি উঠিল।সি মাকক সাৱটি ক’লে, মা, তোমাক মই কেনেকৈ পাহৰিম। তুমি যে মোৰ হৃদয়ৰ ঠিকনা।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages