পানীচমকা
মাতু হাজৰিকা
বিশ্বনাথ
ইমান যে ধুনীয়া... যাক কোনো ভাষাৰেই বৰ্ণনা কৰিব পৰা নাযায়। উস্ ...দুহাত মেলি যেন সি সেউজীয়াবোৰ বুকুত লৈ লৈ ওমলি থাকিব। সি মাথোঁ এফালৰ পৰা চাই চাই মন ভৰাই খোজ কাঢ়ি কাঢ়ি গৈ আছে। অকলে অকলে এনেকৈয়ে। আচলতে যাওঁ বুলি ভাবিলে লগ নোহোৱাকৈ বহুদূৰ যাব পাৰে। কি যে নৈসৰ্গিক পৰিৱেশ... মনোমোহা দৃশ্যৰে ভৰি থকা একা-বেঁকাকৈ বৈ থকা নৈখনে যেন বহু কথাই কৈ গৈছে তাক। পাহাৰটোৰ গাতে লাগি থকা নৈখনৰো আছে এটা ইতিহাস। যিদৰে আছে পাহাৰটোৰো। আচলতে পাহাৰটোৰ এটা চুক নৈখনে সুঁতি সলায় দুভাগ কৰি পেলালে। আৰু পাহাৰৰ পৰা বৈ অহা নিজৰাবোৰ নৈখনত বিলীন হ'বলৈকে বিভিন্ন ভংগীমাৰে সুৰৰ মুৰ্চনা তুলি থাকে। ডাঙৰ সৰু শিলৰ ফাঁকে ফাঁকে জিৰজিৰকৈ বৈ থকা এটা নিজৰাৰ পাৰতে আছিল এখন গাঁও। সি ক'ব নোৱাৰাকৈ আগবাঢ়ি গৈ থাকিল গাওঁখনলৈ। গৈ গৈ সি এটা চাংঘৰৰ ওচৰ পালেগৈ। ইমান ধুনীয়াকৈ ঘৰটো সাজিছে। চালে চকু ৰোৱা এই ঘৰটোত তাৰ এবাৰ সোমাই চাবলৈ মন গ'ল। সি এনেয়েও নদী, পাহাৰ, পথাৰত ঘূৰি ফুৰি একাত্ম হৈ বৰ ভাল পায়। কেতিয়াবা ভাবে, নদীৰ পাৰত পাহাৰৰ কাষত এটা চাংঘৰ সাজি থাকিব পৰা হ'লে! নদীত মাছ মাৰিব...পাহাৰত খেতি কৰিব...খৰি কাটিব চাংঘৰত বহি বহি পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিব। পাহাৰীয়া চৰাই সৈতে বন্ধুত্ব পাতি জীৱন উদযাপন কৰিব। জীৱনক সহজভাৱে আকোৱালি লৈ জীৱনটোক উজাৰি দি উৰণীয়া হৈ ফুৰিব পাহাৰৰ টিলাই টিলাই।
চাংঘৰটোৰ সম্পূৰ্ণ বাঁহৰ। এখন বাৰান্দা ,তাতে এখন ঝুলনা।
: পানী এগিলাচ দিবানে ভণ্টি !
ঝুলনা ঝুলি থকা ছোৱালীজনীক উদ্দেশ্য কৰি ক'লে সি।
: আহক আহক, সেই চিৰিখনদি ওপৰলৈ উঠি আহক।
সি লাহে লাহে উঠি গ'ল চাংঘৰটোলৈ। ইতিমধ্যে তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল। তাৰ যে পানী বটল এটাও দোকানখনৰ পৰা ল'বলৈ মনত নপৰিল। সেউজীয়াৰ পিছে পিছে মাথোঁ সি আহি আছে। সেউজীয়াই তাক লৈ আহিছে আৰু আহি আহি সি এই চাংঘৰটো পালেহি।
চাংঘৰটোৰ ভিতৰত ধুনীয়াকৈ কাৰ্পেট পাৰি থোৱা আছে। ভিতৰৰ পৰা ছোৱালীজনীৰ লগত মানুহ এগৰাকীও ওলাই আহিল। তেওঁ তাক বহিবলৈ কৈ নিজেও পাৰি থোৱা কাৰ্পেটখনতে বহিল। সিয়ো বহিল। ছোৱালীজনীয়ে তাক পানী গিলাচটো আগবঢ়াই দিলে। বাঁহৰ ট্ৰে এখনত অনা বাঁহৰ গিলাচটো হাতত লৈ ঢকঢককৈ সি পি দিলে। উস্ ইমান শীতল। এই পানীখিনিও যেন নিজস্ব সোৱাদেৰে পূৰ্ণ।
: ক'ত যাবলৈ আহিছ তই ?
মানুহজনীয়ে সুধিলে তাক।
: নাই, ক'তো নাযাওঁ। সেউজীয়া এই পৰিৱেশ, পাহাৰৰ সৌন্দৰ্য্য চাবলৈ আহিলোঁ।
: ভাল কৰিছ দে। অকলে অকলে গ'লে তই চিনি নাপাবি নহয়। এই আমাৰ ডায়েনাই তোক গোটেই পাহাৰটো দেখুৱাই আনিব দে।
কিমান সৰল হ'লে বুকুত ইমান বিশ্বাস তুলি দিব পাৰে ! ভাবি ভাবি সিয়ো বিশ্বাসবোৰ ভৰাই ল'লে তাৰ বুকুখনত এবুকু কৰি।
পাহাৰৰ বুকুখন ডাঙৰ সৰু অসংখ্য শিলৰে পৰিপূৰ্ণ অথচ সেউজীয়াৰে ভৰি থকা। অকোৱা-পকোৱা ৰাষ্টাৰে তাক লৈ গৈছে ডায়েনাই। কৈ গৈছে দুই এটা পাহাৰৰ কথা। মাজে মাজে পাহাৰীয়া সুৰ এটাও গুণগুণাই ৰাংঢালী হৈ পৰে। পাহাৰটোৰ কাষতে ধুনীয়া ধুনীয়া শিলক বুকুত লৈ বৈ থকা নদীখনৰ পাৰলৈকে লৈ গ'ল তাক ডায়েনাই। সি ভাবত বিভোৰ হৈ পৰিল। হঠাৎ তাই আঙুলিয়াই দেখুৱাই চিঞৰি উঠিল - সেয়া চা সেয়া চা
তাৰ ভাবত যতি পৰিল। সি ডায়েনাই আঙুলিয়াই দিয়াৰ ফাল চালে আৰু ক'লে -
: কি সেয়া ?
: পানীচমকা।
:পানীচমকা !
নদীৰ মাজৰ ডাঙৰ শিল এটাৰ মূৰত নেজ জোকাৰি জোকাৰি বহি থকা চঞ্চল চৰাইটো দেখুৱাই মনৰ আনন্দতে তাই জঁপিয়াই উঠিল। সিয়ো ৰৈ নাথাকিল।
: ৱাউ কি যে সুন্দৰ
৬-৮ ইঞ্চি দৈৰ্ঘ্যৰ অকণমান চৰাইটো ৰ'দৰ কিৰণত জিলমিলাই থকা খৰস্ৰোতা ঢৌৰ বিপৰীতে নেজ জোকাৰি জোকাৰি চঞ্চলতাৰে এক অপূৰ্ব চমকনি তুলি আছে। সি ক'ব নোৱাৰা হৈ একেথৰে মাথোঁ চাই ৰ'ল। এই চৰাইবিধৰ মতাটোৰ পাখিৰ ৰং তিৰবিৰাই থকা চিলথবৰণীয়া ধূসৰ নীলা। নেজডাল তামবৰণীয়া ৰঙচুৱা। আৰু মাইকী চৰাইবিধৰ পাখিৰ ৰং ধোঁৱাবৰণীয়া,পাতল মুগাবৰণৰ নেজডালৰ মাজভাগত এচমকা বগা সাঁচ থকা। এই চৰাইবিধৰ কিযে উৰণশৈলী। সি দেখিলে এটা নহয় ,কেইবাটাও চৰাই । চালে চকু ৰোৱা পানীচমকা চৰাই কেইটাই এটা শিলৰ পৰা আন এটা শিললৈ উৰা মাৰি বিভিন্ন কৌশলেৰে চিকাৰ ধৰাত ব্যস্ত হৈ পৰিছে। বোৱঁতী নৈৰ পানীৰ ওপৰে ওপৰে উৰি ফুৰা জলজ পতংগবোৰ হ'ল পানীচমকাৰ প্ৰিয় খাদ্য। সেয়ে ইহঁতে বহি থকা শিলটোৰ পৰা পোনে পোনে বিশফুটমান ওপৰলৈ উৰি যায় আৰু আকৌ পাক মাৰি আহি সেই শিলটো নাইবা আন এটা শিলত বহেহি। সঁচাকৈয়ে নদীৰ বুকুত পানীচমকাই সৃষ্টি কৰা এই অতি সুন্দৰ দৃশ্যই তাৰ মন-প্ৰাণ হৰি নিলে।
: ককাই ।
ডায়েনাৰ মাতত সি উচপ খাই উঠাৰ দৰে উঠিল।
: আমনি লাগিছেনেকি তোৰ ?
: নাই লগা।
: পানীচমকা চৰায়ে সঁচাকৈয়ে পানীৰ চমক লগায় থাকে দেখোন। সেইকাৰণে চাগে নামটো পানীচমকা। নাম শুনিছিলোঁ কিন্তু দেখা নাছিলোঁ। আজি দেখা পাই বৰ ভাল লাগিছে। সিহঁতক চাই থাকি বৰ ভাল লাগিছে।
: সেই যে শিলটো দেখিছ, তাতে বহি লওঁগৈ ব'ল। তেতিয়া যিমান চাই, চাই থাকিব পাৰিবি।
সি নৈখনৰ পানী গছকি তাইৰ পিছে পিছে শিলটোৰ ওচৰ পালেগৈ। জিৰজিৰকৈ বৈ থকা পানীৰ মাজে মাজে খোজকঢ়াৰ আমেজেই সুকীয়া। সৰু গাঁঠি ডুব যোৱা পানীত তাৰ ভৰি দুটাই ইতিমধ্যে সৰু সৰু শিলৰ লগত খেলিবলৈ আৰম্ভ কৰি দিলে। তাক আৰু কোনে পায় ! শিলটোত বহি ভাবত বিভোৰ হৈ পৰিল সি। উৰি গ'ল সিয়ো পানীচমকা চৰাইটো লগে লগে চমক দেখুৱাই ইটো শিলৰ পৰা সিটো শিললৈ। এই পল যেন শেষ নহওঁক। এনেকৈয়ে থাকক।
ওপৰত ধূসৰ নীলা আকাশ । নদীত পানীচমকাৰ চমক । চাৰিওফালে সেউজীয়াৰে আৱৰা আৰু কি লাগে তাক ! তাৰ সপোনৰ ঘৰখন নদীৰ পাৰতে সাজি পেলালে সি মনেৰে ডায়নাৰ লগতে। ডায়েনাই শিলৰ ফাঁকে ফাঁকে সোমাই থকা মাছ ধৰিছে।সিয়ো ধৰিছে । ডায়েনাৰ সৈতে পাহাৰ বগাই বগাই খৰি কাটিছে,ফালিছে, জুই জ্বলাইছে, মাছ পুৰিছে,খাইছে ইত্যাদি ইত্যাদি।
বহুত সময় হ’ল। বেলিটো নৈখন পাৰ হৈ পাহাৰটোত ডুবিবলৈ ধৰিলে। তাৰ অকণো ভ্ৰূক্ষেপ নাই। সিয়ো ডুবি আছে তাৰ সপোনত। ডায়েনা নামৰ এজনী গাভৰু যে তাৰ মুখলৈ চাই চাই তাৰ লগত বহি আছে সি পাহৰিলে।
ইমান সময় মনে মনে থকা ডায়েনাই তাৰ গালৈ পানী ছটিয়াই দিলে। তাৰ সপোনৰ ঘৰখন ভাগি গ'ল। সি চিঞৰি উঠিল।
: পানী নছটিয়াবা , নছটিয়াবা...
তাই তাৰ কথা শুনা নাই। যিমান পাৰে সিমানেই দুই হাতেৰে তাৰ গালৈ মাথোঁ পানী ছটিয়াইছে। সিয়ো ৰৈ নাথাকিল।
: মোক তিতালি নহয়, ৰ’ তোকো তিতাম । বুলি সি তাইৰ গালৈ পানী ছটিয়াই দিলে।
তাই হাঁহি হাঁহি নদীৰ বুকুৱেদি দৌৰ দিলে। সি তাইৰ পাছে পাছে দৌৰিবলৈ চেষ্টা কৰিছে কিন্তু পৰা নাই। শিলৰ ফাঁকে ফাঁকে ভৰি সোমাই সি পৰি যায়। ডায়েনাই ঘূৰি তালৈ চাই হাঁহে আকৌ তাই আগবাঢ়ে।
সি ৰ'বলৈ কয়, তাই নৰয়। সি এইবাৰ তাইক লগ ধৰিবলৈ দৌৰিবলৈ চেষ্টা কৰিলে। নোৱাৰিলে। শিলে তাৰ সোঁভৰিটো বেয়াকৈ কাটিলে। পানীয়ে ঢৌৱাই নিলে কটা ভৰিৰ তেজ। সি পানীতে বহি দিলে। বাগৰি বাগৰি যাবলৈ চেষ্টা কৰিলে। গোটেই গা তাৰ পানীৰ তলত। মাত্ৰ মুখখনহে শিল এটাৰ দৰে ওলাই আছে। তাৰ নিজকে পানীচমকা চৰাই এটাৰ দৰে লাগিল। সি যেন পানীৰ চমক লগাবলৈ তেনেকৈ পৰি ৰৈছে।
: ডায়েনা...
তাৰ মাতত তাই ঘূৰি চালে। তাক তেনেকৈ থকা দেখি তাই তাৰ ওচৰলৈ পানী ভাঙি ভাঙি দৌৰি আহিছে। তাইক দেখিবলৈ বৰ ধুনীয়া লাগিছে। যেন এজনী জলপৰী। ঠিক যেন চিনেমাত দেখাৰ দৰে দীঘল চুলিকোছা বতাহত উৰুৱাই দৌৰি গান গাই থকা নায়িকাজনী। আস্ কি দেখিছে সি, তাৰ ওচৰ পাওঁতে তাই এজনী পানীচমকা চৰাই হৈ পৰিল। তাৰ কাষৰ শিলটোৰ ওপৰত বহি ল'লে তাইৰ মুগাবৰণৰ নেজডাল জোকাৰি জোকাৰি। আৰু সিয়ো সাজু হ’ল নেজ জোকাৰি জোকাৰি ডেউকা কোবাই পানীৰ চমক লগাবলৈ তাইৰ সৈতে।
কিন্তু ই কি ! উৰিবলৈ ইমান চেষ্টা কৰিছে সি যে পৰা নাই। কোনোবাই যেন তাৰ ডেউকাখন ধৰি আছে। সি গাৰ সমষ্ট জোৰেৰে ডেউকাখন টানিবলৈ ধৰিলে।
: ক'ত উৰি আছ হা । উঠ। আঠ বাজিল। অফিচলৈ নাযাৱনেকি?
মাকে সি গাত লোৱা কাপোৰখন টানি টানি ক'লে।
চকু মেলি মাকক কাপোৰখন টনা দেখি ক'লে -
: কিয় জগালা ? ডেউকাখন ধৰি থাকিলে মই কেনেকৈ উৰিম, পানীৰ চমক কেনেকৈ লগাম !
: সপোন ?
: ওঁ।
: ডায়েনা ?
: তায়ো ।
: ৰাতিপুৱা দেখা সপোন ফলিয়াই হেনো।
: সঁচা ?
: শুনিছোঁ।
তাৰ মুখত হাঁহি ফুটি উঠিল।
সপোন সঁচাকৈয়ে বৰ ধুনীয়া। সপোন সাগৰত বিচৰণ কৰিয়েই ভাল লাগে দেখোন। সি ভাবিলে সাৰ নাপায় সপোনতে থকা হ’লে...

No comments:
Post a Comment