শেৱালিৰ সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

শেৱালিৰ সুবাস

 

শেৱালিৰ সুবাস


জয়শ্ৰী


ঘৰখন আজি নিজম-নিমাত।

এসময়ৰ উখল-মাখল ঘৰখন এতিয়া মৰিশাালি যেন হ’ল।

আই!এইবাৰ মই যাব নোৱাৰিম।

তহঁতেই শ্ৰাদ্ধৰ কামভাগ সুকলমে চলাই নিবি।

  নালাগে অ’ আইজনী। মই মাথোঁ তোক  কথাষাৰ জনাইছোঁহে। কথাষাৰো শেষ হ’ল, লগে-লগেই যেন  মাকৰ মাতটোও থুকা-থুকি হৈ পৰিল।কান্দোনটো হেঁচি ধৰি অভিমানেৰ ক’লে….

    “হৃদয়ত শ্ৰদ্ধা-ভক্তি আৰু আন্তৰিকতা থাকিলে হাজাৰ প্ৰতিবন্ধকতাৰ হেঙাৰবোৰ থাকিলেও তাক অতিক্ৰম কৰাটো সাধ্যৰ নিচেই ওচৰৰ অ”.....আইজনী।

 বৰ্তমান পৰিস্থিতিত আইজনী এগৰাকী নীৰৱ শ্ৰোতা। অতীতৰ ফ্ৰক পিন্ধা পিতাইৰ দেহৰ এফাল সেই আইজনীক সময়ে শিকালে আজি অভিজ্ঞতাৰ পাঠ।পিতাইৰ চেনেহৰ কণমানি গাভৰু দায়িত্বশীল হৈ এখন ঘৰৰ বোৱাৰী হৈ, কাৰোবাৰ আজি পত্নীৰ ভূমিকাত জীৱনৰ  মাৰাথান দৌৰত অৱৰ্তীন হৈছে। সাঁতুৰি- নাদুৰী পাৰ কৰিছে সংসাৰৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ নদী।

  ঘৰ-সংসাৰৰ দায়িত্বৰ মাজতে পুৰাণৰ সাধু কথাৰ দৰে পিতাইৰ চেগুন পাতৰ দৰে খহটা হাতৰ পৰশ,চিৰাল ফটা ভৰি দুখন,ফটুৱে ফটা গেৰুৱা দুটাৰ আঁচোৰ,পুৰঠ গালৰ মুখখনে আজিও আইজনীৰ মনত বাৰুকৈয়ে আঁচোৰ মাৰি আছে।প্ৰতিবাৰেই মনটোক পবিত্ৰ কৰিছে যেন একেটা ঘোষাকে প্ৰাতঃ-সন্ধ্যা আউৰালেও আমনি নলগাৰ লেখীয়াকৈ। সকলো স্মৃতি হৈও নিত্য-নতুনৰ দৰে তাইৰ বুকুত বাৰে-বাৰে আঘাত কৰিছে।পলকতে মনটো ভাৰাক্ৰান্ত হৈ উঠিছে…… (দুচকুত লুতকৰ বন্যা)


আইজনী বুলি এবাৰ মোক মাত অ’....পিতাই!


অজলা, নিমাখিত আইজনীৰ বাবে পিতাই যেন তাইৰ আকাশৰ জোন, থেকেৰাৰ ফুল। পিতাই বিহীন একোটা মুহূৰ্তও তাইৰ কাৰণে সম্ভৱ নাছিল। তেওঁৰ অৱৰ্তমানত আইজনী আজি গৰাকীবিহীন এখন নাৱৰ যাত্ৰী হৈ পৰিছে। সকলো থাকিও, ক্ষণিকৰ বাবে তাই চৌদিশে উৰুঙা-উৰুঙা অনুভৱ কৰিছে।পিতাইৰ সেই আপুৰুগীয়া খহটা হাতৰ স্পৰ্শ পাবলৈ প্ৰতি পলে তাই ব্যাকুল হৈ আছে।

     চিল্-মিলিয়া টোপনিত থকা ফ্ৰকপিন্ধা আইজনীৰ পিতাই এতিয়া পিছে, তৰাৰ দেশৰ যাত্ৰী। পিতাকৰ গাতে এঠা লগাদি লাগি ওৰেটো দিন-ৰাতি পাৰ কৰা আইজনী আজি পৰৰ ঘৰৰ ন-বোৱাৰী। হৃদয় উজাৰি ভাল পোৱা পিতাইৰ বছেৰেকীয়া কৰ্মভাগটো উপস্থিত হ’বলৈ সময়, পৰিস্থিতিৰ দাসত্ব স্বীকাৰ কৰিব লগা হৈছে। চকুপানীবোৰ চকুতেই শুকুৱাই পেলাইছে। পৰিৱেশ লৈ মুখত পিন্ধি লৈছে এমুকুৰা সজীৱ হাঁহি। শৈশৱতে যিবোৰ মানুহ,যিখন ঘৰ বুকুৰ কুটুম আছিল; আজি সেই ঘৰৰেই আলহী হ’ল। হয়তো, এয়াই নাৰী মনৰ সহজাত প্ৰবৃত্তি।

    লেটাইৰ পৰা সূতা সুলকাদি সময় উকলিল।আমপুলিটো নিজ হাতে ৰোলে….অথচ, ডাঙৰ হোৱা নেদেখিলে। সকলো দায়িত্ব মাক আৰু আইজনীৰ ওপৰত এৰি দিলে।দিনবোৰ বাগৰিছিল.... গৰাকীবিহীন জীৱনবাটৰ দৈনন্দিন সমস‍্যাবোৰ কিন্তু কম হোৱা নাছিল। ক’তনো ধৈৰ্য, ত্যাগ আৰু কষ্টৰ দিন অতিবাহিত কৰিছিল… তাৰ হয়তো, লেখ-জোখ নাছিল।

    দিন, মাহ, বছৰৰ পৰিণতিত পিতাকৰ হেঁপাহ, সপোনৰ  আম পুলিটো আজি এডাল বিশাল আমগছলৈ পৰিৱৰ্তিত হ’ল। তাহানিৰ কণমানি আমজোপাই মলিয়াবও ধৰিলে, ফলবোৰো মৌচাকৰদৰে ডালভৰি ওলমি পৰিল। সকলোৰে চকুত ছাত মাৰি ধৰি নতুন ঘৰৰ শ্ৰীবৃদ্ধি কৰিলে।তাতেই হয়তো, আইজনীৰ পিতাকৰ আত্মাই পৰম প্ৰশান্তি লাভ কৰিলে।

    নিশাটো আগবাঢ়িল।বেৰত ওলোমাই থোৱা ঘড়ীটোৰ চেকেণ্ডৰ কাটাডালো টিক্-টিক্ কৈ আগুৱাই গ’ল। আইজনীৰ হাতত এফালে সংসাৰ আনফালে চেনেহৰ আপোনঘৰৰ স্মৃতি-বিস্মিতিৰ ছবিয়ে অহৰহ হেন্দোলনী দি ফুৰিলে। তৎসত্বেও বৰ সৱধানেৰে কোনো জঁট নলগাকৈ তাই পিতাকৰ আশা, মাকৰ স্বাভিমানৰ মান ৰাখিছে…. (চেৰেংকৈ মনত ভাঁহি উঠিছে)


“জীৱন বাটত অনেক খলা-বমা আছে আইজনী, সাৱধানে খোজ দিবি......!”

    আইজনীৰ উখোৰা-মুখোৰা পথৰ হৃত সন্মান উদ্ধাৰত সখা কৃষ্ণ হৈ থিয় দিলে বৰ্তমানৰ তাইৰ জীৱন বাটৰ লগৰীয়ে। তাইৰ পৰ্বত সমান সমস্যাৰ ওৰ পৰিল।খোজে প্ৰতি অনুভৱ কৰা প্ৰতাৰণাৰ হাঁহিৰ অৱসান ঘটিল।সময়ৰ টিকনিত ধৰি মোবাইলত এলাম বাজি উঠিল —


“ৱেক আপ্, ৱেক্ আপ্!

.....শৈশৱৰ পুৱাতে বুটলা শেৱালিৰ সুগন্ধি আইজনীৰ দুহাতত যেন আজিও সুশোভিত।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages