নামটো মোৰ নিজৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

নামটো মোৰ নিজৰ

 

নামটো মোৰ নিজৰ


মাৰ্টিনা মহন

শিৱসাগৰ


     ন্ধিয়াটো তাইৰ বাবে সদায় চিন্তাৰ সময়। কাৰ্যালয়ৰ পৰা উভতি আহি বাছখনৰ শেষ চিটত বহি থাকোতে তাই বাহিৰলৈ চায় - নিয়ন লাইট, ব্যস্ত মানুহ, মোবাইলত ব্যস্ত মুখবোৰ। এই চহৰখনত তাই এজনী চাকৰি কৰা নাৰী, আত্মনিৰ্ভৰ বুলি সকলোৱে কয়। কিন্তু সেই “আত্মনিৰ্ভৰ” শব্দটোৰ ভিতৰত লুকাই থকা চাপখিনি কোনেও নেদেখে। ঘৰত সোমাওঁতেই মাকৰ মাত -


“আজি আকৌ দেৰী হ’ল । নাৰীয়ে এনেকৈ ৰাতিলৈকে বাহিৰত থাকিব লাগে নেকি?”

      তাই একো নকয়। বেগটো নমাই থয়। কাৰণ তাই জানে - এই প্ৰশ্নটো চিন্তাৰ নহয়, অভ্যাসৰ। তাই সৰু হৈ থাকোতেই শুনি আহিছে -

“ভাল পঢ়, কিন্তু বেছি আগবাঢ়ি যাব নালাগে ।”

“চাকৰি কৰা ভাল, কিন্তু ঘৰখন নাপাহৰিবি।”


এই “কিন্তু” বোৰেই তাইৰ জীৱনৰ আটাইতকৈ দীঘল বাক্য। ৰাতি আহাৰ খাওঁতে দেউতাকে সুধিলে -


“এতিয়া বিয়াৰ কথা ভাবিব লাগিব। কিমান দিন এনেকৈ নিজৰ মতে চলিবি?”


তাই অলপ দেৰী ৰৈ উত্তৰ দিলে -

“মই নিজৰ মতে নহয় দেউতা, নিজৰ দায়িত্ব মতে চলিছোঁ।”


কথাটো ঘৰত নীৰৱতাত মিলি গ’ল। নীৰৱতা- যিটো নাৰীৰ ক্ষেত্ৰত সদায় উত্তৰ হিচাপে গ্ৰহণ কৰা হয়।

 সেই নিশা, লেপটপটো খুলি তাই আবেদনখন পূৰণ কৰিলে - এখন লেখনি প্ৰতিযোগিতাৰ বাবে। বিষয়: আধুনিক নাৰী”। অলপ সময় তাই কি লিখিব বুজি নাপালে। তাৰ পিছত হঠাতে বুজি পালে- বিষয়টো তাই নিজেই। তাই লিখিলে—

“আধুনিক নাৰী মানে কেৱল জিন্স-পেন্ট বা চাকৰি নহয়। আধুনিক নাৰী মানে নিজেই সিদ্ধান্ত ল’ব পৰা সাহস। পৰম্পৰাৰ মান ৰাখি নিজৰ স্বপ্নকো জীয়াই ৰাখিব পৰা শক্তি।”


লিখোঁতে লিখোঁতে তাই অনুভৱ কৰিলে- এইটো কেৱল প্ৰবন্ধ নহয়, তাইৰ নিজৰ জীৱনৰ স্বীকাৰোক্তি।

       কেইদিনমান পাছত, কাৰ্যালয়ত কাম কৰি থাকোঁতে এটা ই-মেইল আহিল। তাইৰ লেখা বাছনি কৰা হৈছে। সৰু এটা স্বীকৃতি-কিন্তু তাইৰ বাবে এক ডাঙৰ আৰম্ভণি।

          সন্ধিয়া ঘৰলৈ উভতি আহি হেপাহঁতে তাই মাকক ক’লে -

“মা, মই লিখা এটা লেখা বাছনি হৈছে নহয়।”


মাকে অলপ আশ্চৰ্য হৈ চালে -

“লিখা মেলা মানে, এইবোৰ কৰিলেই জীৱন চলিব নে ?”


তাই হাঁহিলে। এইবাৰ নীৰৱে নহয়।

“জীৱন কেৱল চলাবৰ বাবে নহয় মা, নিজৰ নামত জীয়াবৰ বাবেও।”

       সেই দিনা সন্ধিয়া তাই খিৰিকীৰ কাষত থিয় হৈ বুজি পালে -

তাই কেৱল আধুনিক নাৰী নহয়, তাই সেই নাৰী -

যিয়ে নিজৰ নামটো আন কাৰোবাৰ পৰিচয়ৰ পিছত নহয়, নিজৰ আগতেই লিখিবলৈ শিকিছে।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages