পুত্ৰ-সুখ
মফিজুদ্দিন চৌধুৰী
ছোটহয়বৰ, নগাঁও
নোমলীয়া সন্তান হিচাপে আটাইতকৈ বেছি মৰমত ডাঙৰ হ’লে কি হ’ব, তাৰ স্বভাৱবোৰ কিন্তু মুঠেও কোমল নহয়। বয়সত বুদ্ধি বাঢ়ে বোলা কথাষাৰ তাৰ ক্ষেত্ৰত অলপো খটা নাই। ঘৰখনৰ অশান্তি সৃষ্টিত এই আলসূৱা ল'ৰাটোৰেই ভুমিকা আটাইতকৈ বেছি। 'আদৰত ল'ৰা নষ্ট' বোলা কথাষাৰহে তাৰ লগত খাপ খাই পৰিছে। মৃদুলে নিজেও যেন এতিয়া উঠি-পৰি তাকেই প্ৰমাণ কৰাত লাগিছে। তাৰ কীৰ্তি-কাণ্ডবোৰ দিনক দিনে ঘৰখনৰ বাবে বৰ নিৰ্মম আৰু অসহনীয় হৈ উঠিছে। মাক-বাপেকৰ অবাধ্য তো হয়েই, তদুপৰি যিটো কামতে হাত দিয়ে তাতেই তাৰ কেণা লাগে।
তথাপি তাৰ অন্ততঃ ভাল গুণ এটা আছে বুলি মানিবই লাগিব। যেনেকৈ নহওকনো কিয়, সি বৰ্তমান স্নাতক ডিগ্ৰীধাৰী আৰু ইংৰাজী ভুলে-শুদ্ধই সলসলীয়াকৈ ক'ব পাৰে। সেয়ে মাক-বাপেকে নেৰা-নেপেৰাকৈ ধৰাত এটি নাম থকা কোম্পানীত সাক্ষাৎকাৰ এটা দিয়েই কৰ্তৃপক্ষক মুহি পেলালে। প্ৰাৰম্ভিক নিয়োগ বাংগালোৰত নিশ্চিত হ'ল। অতি সোনকালে তাৰ পদোন্নতি হৈ মধ্য-প্ৰাচ্যত স্থায়ী হ’ব পাৰিব। তেওঁলোকৰ নিয়মানুযায়ী নিয়োগৰ পূৰ্বে তিনিমহীয়া প্ৰশিক্ষণ এটা দিব লাগে। মৃদুল গুণী ল’ৰা। কৰ্তৃপক্ষৰ মতে তাৰ তেনে প্ৰশিক্ষণৰ প্ৰয়োজন নাই।
ইয়াৰ পাছত কোম্পানীৰ পৰা ফোনৰ ওপৰত ফোন। কিন্তু মৃদুলৰ ফালৰপৰা কোনো প্ৰতিক্ৰিয়া নাই।
তাৰ স্বভাৱেই তেনেকুৱা। মাক-বাপেকৰ ছত্ৰ-ছায়াত থাকি সি কণীৰ চোকোৰাৰে আবৃত ভ্ৰুণটোৰ দৰেই নিৰাপত্তা অনুভৱ কৰে। চোকোৰা ভাঙি বাহিৰ ওলাই যোৱাৰ প্ৰয়োজনবোধ নকৰে।
তাৰ আগতেই ককায়েকে এই কোম্পানীৰ দ্বাৰা বাংগালোৰ হৈ মধ্যপ্ৰাচ্যত থিতাপি ল’লেগৈ। মাজে মাজে বাপেকলৈ পইচা-পাতিও পঠাই থাকে। ভায়েককো এই কামৰ বাবে উদ্গনি দি থাকে। কিন্তু দিলে কি হ’ব— মৰুভূমিয়ে ক'তনো পানী ধৰি ৰাখিব পাৰে!
এক উদ্দেশ্যবিহীন জীৱন তাৰ। নিজৰ দায়িত্বকে সি নিজে ল’ব নিবিচাৰে। এই ২০/২৫ বছৰ বয়সতো মাক-দেউতাকৰ ডিঙিৰ মাদলী হৈ থকাটো কিমান লাজৰ কথা!
বাপেকৰ পৰা টকা বিচাৰে সি। ব্যৱসায় কৰিব। তেখেতে ককায়েকৰ উদাহৰণ দি তাক চাকৰি কৰিবলৈহে কয়। এনে মতানৈক্যেৰে ঘৰখনত আৰু অশান্তিৰহে সৃষ্টি হয়। মৃদুলৰ অত্যাচাৰ সহিব নোৱাৰি উপায়ন্তৰ হৈ দেউতাকে অৱশেষত তাক কিছু টকা ব্যৱসায় কৰিবলৈ দিয়ে।
কি ব্যৱসায় কৰিব সি? অনভিজ্ঞ ব্যৱসায়ীজনে দুদিন পাছত আকৌ আহি মাকক কুতুৰিবলৈ ধৰে। আকৌ পইচা লাগে। এইবাৰ সি মুম্বাইলৈ যাব। পঠালে মুম্বাইলৈ। ঘৰখনত অশান্তি কৰাতকৈ আঁতৰি থকাই ভাল।
মুম্বাইতো সি কাম বিচাৰি নাপায়। ঘূৰি ফুৰিয়েই সময় কটাব ধৰিলে। হোটেলত খায় আৰু পইচা শেষ হ’লে ঘৰলৈ খবৰ দিয়ে।
এনেকৈ কিমান পইচা দি থাকিব আৰু? বাপেকে পইচা পঠোৱা বন্ধ কৰি দিলে। বেচেৰাই নগুৰ-নাগতিখন খাই আকৌ ঘৰ পালেহি।
বাহিৰত ঘূৰি-পকি তাৰ অলপ বোধোদয় হোৱা যেন লাগিল। এইবাৰ সি সৰু-সুৰাকৈ ইটো-সিটো কৰিবলৈ ল'লে। তথাপি মাক-বাপেকৰ ৰক্ষা নাই। আকৌ পইচা লাগে, দোকান-ঘৰ লাগে, কম্পিউটাৰ লাগে। আৰু কত কি যে লাগে—তাৰ লিষ্টখনৰ অন্ত নাই।
শেষত যেনিবা কেইজনমান লগৰীয়াৰ সৈতে এন জি অ এটাৰ লগত লাগি থাকি জীৱনটোৰ এটা গত লগোৱাৰ চেষ্টাত থাকিল। হ’লেও ঘৰখনত তাৰ উৎপাত কণমানো নকমিল। মাক-বাপেকৰ ডিঙিৰ কাঁইটৰ দৰে হ'ল সি। তাক লৈ তেওঁলোকৰ ‘হাঁহিবই নে কান্দিব’ ধৰণৰ অৱস্থা। সহ্য কৰাৰ বাহিৰে উপায়ও নাই।
এইবাৰ মৃদুলৰ জীৱনত আৰু এটা পৃষ্ঠা সংযোগ হ’ল। তাৰ মন-পচন্দৰ ছোৱালী এজনী জীৱন-যাত্ৰাৰ সহযোগী হ’ল। মাক-দেউতাকে বিয়াখন অকণমান ধুমধামেৰেই পাতি দিলে। অলপ সংসাৰী হ’লে কিজানি দায়িত্ব বোধ আহেই। তেওঁলোকো বয়সৰ বাবে ক্ৰমাৎ অক্ষম হৈ আহিছে। মধ্যপ্ৰাচ্যত থকা তাৰ ককায়েকজনে এতিয়াই হেনো বিয়া নাপাতে। গতিকে এতিয়া তাৰেই পাল।
ন-কইণাৰ আগমনত ঘৰখন মুখৰিত হৈ পৰিল। সকলোৱে ভাবিলে আগৰ শান্তিৰ পৰিৱেশ ঘৰখনলৈ আকৌ ঘূৰি আহিব। নহা নহয়, ঘূৰি আহিছিলও— কেইদিনমানৰ বাবেহে। অতি সোনকালে ছোৱালীজনীৰ পৰিচয় ওলাই পৰিল। মন-মিজাজৰ ফালৰ পৰা তাই মৃদুলতকৈ এখোপ চৰাহে। মনটো একেবাৰে ঠেক। হোৱাই-নোহোৱাই সদায় তাই গিৰিয়েকক এসোপাকৈ কথা লগাই আৰু পথভ্ৰষ্ট কৰিবলৈ ধৰিলে। ঘৰখন নৰকত পৰিণত হ'বলৈ বেছি সময় নালাগিল। মাক-বাপেকৰ চকুত টোপনি নোহোৱা হ’ল।
ইতিমধ্যে এই অস্থিৰ পৰিৱেশৰ মাজতে সিহঁতৰ সংসাৰলৈ এটি পুত্ৰ-সন্তানো আহিল।
চাওঁতে চাওঁতে ল’ৰাটো চন্দ্ৰকলাৰ দৰে বাঢ়ি আহি চালুকীয়া অৱস্থাত উপনীত হ’ল।
ইফালে মৃদুলৰ ককায়েকৰো বিয়া ঠিক হ’ল। বিয়াৰ বাবে ককায়েকে দেৰ মাহৰ চুটি লৈ মধ্যপ্ৰাচ্যৰ পৰা আহিছে। ঘৰখন আকৌ ব্যস্ত আৰু আনন্দমূখৰ হৈ পৰিল। দুদিন পাছতে বিয়া।
কিন্তু বিধিৰ পৰিকল্পনা কোনে বুজিব পাৰে? বিয়াৰ দুদিন আগতে মৃদুলৰ সংসাৰৰ সকলো উলট-পালট হৈ পৰিল। ঘৰোৱা কথা লৈ দুয়ো স্বামী-স্ত্ৰীৰ মাজত আকৌ কাজিয়াৰ সূত্ৰপাত হ'ল। এইবাৰ যুঁজখন এনে চৰম পৰ্যায় পালেগৈ যে তাই নিজৰ ককায়েকহঁতক ততাতৈয়াকৈ মাতি আনিলে। মৃদুলৰ লগত ককায়েকহঁতৰ বহুতো কথা কটা-কটি হ’ল। শেষত জ্যেষ্ঠজনে বাৰংবাৰ দিয়া বুজনিকো অৱমাননা কৰি ককায়েকহঁতে ভনীয়েক আৰু ভাগিনীয়েকক ঘৰলৈ লৈ গুচি গ’ল।
সেই যে গ’ল, গ’ল আৰু! আজি দুবছৰ পাৰ হ’ল, ঘৈণীয়েকে এই ফাললৈ আৰু মুখ নকৰিলে। মৃদুলে ঘূৰাই আনিবলৈ দুবাৰমান মানুহ পঠাইছে, নিজেও গৈছে। যোৱাৰ লগে লগে ককায়েকহঁতে তাইক আৰু ল'ৰাটোক লুকুৱাই পেলায়। মৃদুল হতাশ হৈ উভতি আহে।
এতিয়া তেওঁলোকে নাৰী-নিৰ্যাতনৰ কেছ কৰিছে মদুলৰ ওপৰত, মৃদুলৰ মাক-বাপেকৰ ওপৰত। বহুত টকা দাবী কৰিছে। ইফালৰ কোনো কথাই শুনিব নুখুজে।
— “আগে পইচাখিনি দি লোৱা। পিছৰ কথা পিছত।” সিহঁতৰ এক কথা।
ইয়াৰ পৰাই স্পষ্ট বুজিব পাৰি— ভণীয়েকক উভতাই পঠিওৱাৰ মতলব তেওঁলোকৰ সমুলি নাই।
এতিয়া সকলো সময়তে মৃদুলৰ মনত এই কথাবোৰে ক্ৰিয়া কৰি থাকে। সেয়ে তাৰ কাম-কাজৰো কোনো সংগতি নোহোৱা হ’ল।
এনেকৈ ভাবত বিভোৰ হৈ বাইকেৰে ঘৰলৈ আহি থাকোঁতে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই সি বাহন সহ গড়খাৱৈত বাগৰি পৰিলগৈ। ওচৰৰ মানুহে দেখা পাই তাক তাৰ পৰা অচেতন অৱস্থাত টানি-আজুৰি নি ৰাস্তাৰ দাঁতিত শোৱাই দিলেগৈ। বেচেৰাই বৰ বেয়াকৈ আঘাতো পালে। হেলমেট ভাঙি গৈ মূৰৰ পৰা তেজ বিৰিঙিল। হাত ভৰিকে আদি কৰি গোটেই গাটো জখমেৰে ভৰা। গাত ভগা-চিগা ঘাঁহ-বন, মেটেকা আদিয়ে আবৰি ধৰিলে।
খবৰ পাই মাক-দেউতাক উধাতু খাই আহিল। তেতিয়াও সি অচেতন হৈ ৰাস্তাতে পৰি আছে। ক'ৰবাত হাত-ভৰি ভাগিল নে অন্য কিবা আঘাত পালে— বাহিৰৰ পৰা একো বুজিব পৰা নগ’ল। ওচৰৰ মানুহ কিছুমানৰ সহায়ত ধৰা ধৰি কৰি নি তাক গাড়ীত তুলিলে।
ইয়াৰ পাছত পুতেকক লৈ দুৰ্ভগীয়া মাক-বাপেক দুজন চহৰমুখী হ’ল। তাতেই পুতেকৰ বাবে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা আছে।
এই মুহূৰ্তত সৰুতে দেখা এখন ছবি মনত পৰিছে, কেনেকৈ পিতৃ-মাতৃ ভক্ত শ্ৰৱণ কুমাৰে দুফালে দুটা পাছিত বৃদ্ধ মাক-দেউতাকক বহোৱাই কান্ধত ভাৰ কৰি লৈ ফুৰিছিল। এতিয়া তাৰ ঠিক ওলোটা দৃশ্য এটি দেখিহে পৰিৱেশটো পীড়াদায়ক হৈ পৰিল!

No comments:
Post a Comment