সুখ-দুখ ইত্যাদি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

সুখ-দুখ ইত্যাদি

 

সুখ-দুখ ইত্যাদি....


                                     ৰেবা গগৈ 


 সুখৰ ৰঙেৰে হৃদয় ৰাঙলী হৈ থাকোতেও 

কিয় বা দুখৰ ছবিয়ে মুচৰি আনে বুকু 

জীৱৰ এথানি দেখিলেই ভৰি আহে দুচকু!!


ৰোগ শোক জৰা মৃত্যু দেখি ভাঙি পৰা সেই ৰাজপুত্ৰ 

জী উঠে কিয় বাৰে বাৰে মোত!!


পৰা হ’লে 

পৰা হ’লে হ’ব সেই সৰ্বশক্তিমান 

যাৰ এটি পৰশতে 

নিমিষতে শুকাই দুখৰ চকুলোবোৰ!


যাৰ 

সুবিমল দৃষ্টিৰ বুলনিতে সুখময় হ’ব প্ৰতিটো জীৱন 

চৌপাশে প্ৰশান্তিৰ পক্ষীয়ে ডেউকা মেলিব

ফুলিব প্ৰেমৰ সুগন্ধি শতদল!!


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages