প্ৰলাপ
জগত অৱনৰি
মাজুলী
নীড়মুখী পখীজাকৰ কলৰৱত
নিজম সন্ধিয়াতো সোচ্চাৰ হৈ পৰে
গৰখীয়া বাঁহীৰ সুৰত মতলীয়া নদীৰ ঘাট
দেও লগা সময়বোৰ বহু কঠিন
পোৱা নোপোৱাৰ খতিয়ানবোৰ
শেতেলীত শুই পৰে
কাৰ অভিসন্ধিত পণবন্ধী আকুলৱা মনটো
বিচাৰি ফুৰিছো অ'তদিন
এটি সঠিক উত্তৰ।
তুমিয়েইতো আছিলা মোৰ প্ৰথম প্ৰেয়সী
ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা
মোৰ উকা হৃদয়ত
বাকি দিছিলা মৰমৰ আঁচু ফুল।
নদীৰ কথকতাত বুৰ যাবলৈ পাহৰিলো
আৰণ্যিক অনুভুতিবোৰ আজুৰিলো
বিলীন হ'ব খোজো নিৰ্জন অচিন বননিত
পাহৰি যাব খোজো
প্ৰতাৰণাৰ নিৰ্মম কোব।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment