প্ৰলাপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

প্ৰলাপ

 

প্ৰলাপ 


             জগত অৱনৰি

                      মাজুলী


নীড়মুখী পখীজাকৰ কলৰৱত

নিজম  সন্ধিয়াতো সোচ্চাৰ হৈ পৰে

গৰখীয়া বাঁহীৰ সুৰত মতলীয়া নদীৰ ঘাট 

দেও লগা সময়বোৰ বহু কঠিন

পোৱা নোপোৱাৰ খতিয়ানবোৰ 

শেতেলীত শুই পৰে

কাৰ অভিসন্ধিত পণবন্ধী আকুলৱা মনটো

বিচাৰি ফুৰিছো অ'তদিন

এটি সঠিক উত্তৰ।

তুমিয়েইতো আছিলা মোৰ প্ৰথম প্ৰেয়সী

ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা

মোৰ উকা হৃদয়ত

বাকি দিছিলা মৰমৰ আঁচু ফুল।

নদীৰ কথকতাত বুৰ যাবলৈ পাহৰিলো

আৰণ্যিক অনুভুতিবোৰ আজুৰিলো

বিলীন হ'ব খোজো নিৰ্জন অচিন বননিত 

পাহৰি যাব খোজো

প্ৰতাৰণাৰ নিৰ্মম কোব।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages