বিষ্ণু ৰাভা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

বিষ্ণু ৰাভা

 

বিষ্ণু ৰাভা


                    ৰাহুল চেতিয়া

         নিলখ পুৰ, চিলাপথাৰ 


বিষ্ণু ৰাভা সাৰে আছা নে তুমি?

আজি লোহাৰ শিকলি ভাঙি

দাসৰ বান্ধোন ছিঙি

কাৰাৰ ফাটক খুলিবলৈ 

তুমি নাই।


শোষকৰ সমাজত ফিৰিঙতি হৈ

অগ্নি মন্ত্ৰ সিঁচি,

 ৰণ বিষাণ ঘোষি

মুক্ত আকাশত 

দীপ্ত ৰঙা নিচান উৰুৱাই,

ৰক্তেৰে ৰঞ্জিত

পতাকা লৈ,

ভুৱা স্বাধীনতাৰ বিৰুদ্ধে

মুক্তিৰ আহ্বান দি,

দৰিদ্ৰ,দুখীয়াৰ আত্মকথন

হৃদয়ংগম কৰি,

স্বাধীনতাৰ ভাষাৰে

দুখৰ আবেগত,

 জিলিকাই উঠাবলৈ

বহুজনৰ আশা 

বিষ্ণু ৰাভাৰ তুমি আজি নাই।


বিষ্ণু ৰাভা তুমি আকৌ ওভতি আহাঁ

আকৌ হ’ব লাগিব অৱসান শোষকৰ দল

 আকৌ শুনাব লাগিব

মুকুতিৰ সূৰুযৰ আহ্বান,

হালোৱা ৰণুৱা কৃষক বনোৱা সবে

জুৰিব মুক্তিৰ গুণ-গান।।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages