মোৰ মৰমৰ অসম
বিপ্লৱ গোস্বামী
মোৰ মৰমৰ অসম তুমি, মাটিৰ বুকুৰ ধন।
মৰমৰ কপৌ ফুলে আঁকা, বসন্তৰে লগন।
মৰমৰ বৰাকৰ বুকুত, লহৰে বাগৰে গান।
মৰমৰ সোণগুটি ধানেৰে, পথাৰ সেউজীয়া থান।
মোৰ মৰমৰ অসম তুমি, পানীৰ আইনা খান।
মৰমৰ শণবিল জুৰি, ভেঁটে হাঁহে ভৰা প্ৰাণ।
মৰমৰ ৰ’দে জিলিকায়, পদুম পাতৰে গাত।
মৰমৰ বগলীৰে জাকে, নীলা আকাশৰে মাত।
মোৰ মৰমৰ অসম তুমি, পাহাৰে আৱৰা গাঁও।
মৰমৰ মালেগড় শিখৰত, ডাৱৰে মেলিছে নাও।
মৰমৰ বৰষুণ নামিলে, হাওৰ পানীয়ে চায়।
মৰমৰ জালোৱৈয়ে গায়, ভটিয়ালী সুৰ বায়।
মোৰ মৰমৰ জন্মভূমি, পুণ্যৰে ভৰা ঠাই।
মৰমৰ নীলাচলত বহে, কামাখ্যা জগতৰ আই।
মৰমৰ নামঘৰে বাজে, খোল-তালৰে তান।
মৰমৰ আইৰ আঁচলতে, জুৰায় দেহ-প্ৰাণ।
মোৰ মৰমৰ অসমখন, বাৰ মাহে বাৰ উছৱ।
মৰমৰ বৰুণীৰ ঘাটত, ভকতিৰে উঠে ৰৱ।
মৰমৰ বিহুৰ ঢোলত, গাৰ নোম কৰে কাঁটা।
মৰমৰ ধামাই-ওজাপালি, হুঁচৰিৰে নাচৰ ঘটা।
মোৰ মৰমৰ অসম ৰাজ্য, সোণতকৈয়ো দামী।
মৰমৰ সত্ৰে সত্ৰে জ্বলে, শংকৰ জ্যোতিৰে নামী।
মৰমৰ চাহনি বাগিচাত, কলি-পাতে মাৰে হাঁহি।
আইৰ মাটিৰে ধূলি লৈ, বুকু মোৰ যায় বাহি।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment