এটি অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

এটি অনুভৱ


 এটি অনুভৱ 


                  কুইন দেউৰী 

মাজৰ চাপৰি, নাৰায়ণপুৰ


মানুহে কেতিয়াবা এনেকুৱা এজনক বিচাৰে,

যাৰ কাষত গ’লেই 

হৃদয়খন শান্ত হৈ পৰে।

মোৰ বাবে সেইজন তুমি আছিলা, মোৰ বুকুৰ গভীৰত লুকাই থকা 

নিস্বাৰ্থ অনুভৱৰ নাম।


তোমাক দেখিলেই মোৰ হৃদয়ত যেন এটা মিঠা ধুন বাজি উঠিছিল। 

তোমাৰ হাঁহিত মই সুখ বিচাৰিছিলোঁ,

তোমাৰ দুখত নিঃশব্দে ভাঙি পৰিছিলোঁ।


সময় সলনি হ’ল,

পথবোৰো বেলেগ হৈ গ’ল,

কিন্তু কিছুমান অনুভৱ আজিও আগৰ দৰেই ৰৈ গ’ল।

কাৰণ,

সঁচা মৰম কেতিয়াও সহজে শেষ নহয়।

আজিও কেতিয়াবা মনে মনে ভাবোঁ

যদি পুনৰ এবাৰ তোমাক পাওঁ,

তেন্তে হয়তো হৃদয়খন আকৌ এবাৰ জীয়াই উঠিব।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages