হৃদয়ঙ্গম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

হৃদয়ঙ্গম


 হৃদয়ঙ্গম


                   মৃণাল চন্দ্ৰ দলে 


ভাল পাওঁ বাবে হৃদয়ৰ মাজত ৰাখিছিলোঁ 

এতিয়া ছিন্ন অবিহনে বুকুৰ কেঁচা তেজ 

বৈ যায় নদীৰ ধৰে 

তোমাৰ হিয়াৰ এচুকত আছেনে ঠাই

মোৰ বাবে নিদ্ৰা লবলৈ 

শয়ন লৈ থাকিম গোটেই জীৱন।


মোৰ বাবে তুমি কোন জানা 

অমূল্যবান মনীন্দ্ৰ 

যাৰ আমোল দি কিনিব নোৱাৰি 

তোমাৰ আনন কিমান সুগঢ়ী জানা

ঋক্ষতকৈ বেছি ভাস্বৰ ।


মোৰ কল্পনা তোমাক নভোমণ্ডলত ৰখা

পিছে তুমি মোৰ বাবে মৰীচিকা 

তোমাক পোৱাৰ আশা 

মোৰ বাবে স্বপ্নবিভোৰ 

সেই বাবে মই অপহত ।


তুমি মোৰ জীৱনৰ মহোদধি 

চক্ৰ হৈ ঘূৰি থাকা 

বিছুৰ্ কৰিব বিচাৰো 

কিন্তু অংগত তুমি লাগি থাকা ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages