জীয়া ভৰলীৰ সুৱাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

জীয়া ভৰলীৰ সুৱাস

 

জীয়া ভৰলীৰ সুৱাস


                            জৱাহৰলাল মিলি 


জীয়া জীয়া লগা নদীখন

সমন্বয় আছে মানৱ সভ্যতাৰ;  

জীয়া লগা নদীৰ চিনাকি নাম জীয়া ভৰলী।

জীয়া ভৰলী পাৰৰ উৰ্বৰা পলসত

যুগে যুগে বাৰেৰহণীয়া সংস্কৃতি সজাল হৈ উঠে;  

উষা অনিৰূদ্ধৰ মহামিলনৰ অভিনৱ প্ৰেমানন্দত ইতিহাস ৰচিলে।

জীয়া ভৰলী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ মহাসংগম স্থলিত ইতিহাস প্ৰসিদ্ধ তেজপুৰ

জীয়া ভৰলীৰ আঁচলত ধৰি  

বগা বগলী উৰে জাকে জাকে

নদীখনৰ ইপাৰে সিপাৰে নৈসৰ্গিকতা গধূলি পৰত 

ৰিৱৰিৱ মলয়াৰ মন উতলা

আলি আঃয়ে লৃগাঙৰ বাতৰি আনে বিৰিখে বতাহে

ঐ নিঃতমৰ সুৰৰ লহৰত মৌ মিঠা সুৰৰ ধ্বনিত বাজি উঠে

নাচি উঠে  উষানগৰী

জীয়া জীয়া লগা নদীখনো উভতি চাই নৃত্য গীতৰ মহা সমাৱেশ 

জীয়া ভৰলী পৰীয়া মিচিং য়াঃমে মৃমবৃৰৰ আলি আঃয়ে লৃগাঙৰ মহা আয়োজন

পঃৰ আপঙৰ আমোলমোল গোন্ধত  ভৰলীপাৰ উদ্বাউল হৈ উঠে;  

উৰ্মিমালীৰ লহৰ তুলি নৃত্য গীতত

গুমৰাগৰ ঢোলৰ তালে তালে 

জৈৱ্য বৈচিত্ৰ্য বিশ্ব ঐতিহ্য নামেৰীৰ নৈসৰ্গিকতাই 

দুবাহু তুলি হাত বাউলি মাতে ৰিঙিয়াই ৰিঙিয়াই

লৃগাং আহিল অ’ বুলি নাচি উঠে উষানগৰী মহাভৈৰৱ

অগ্নিগড় মহাবৈভৱ উষা অনিৰূদ্ধৰ প্ৰেমানন্দ মহামিলনৰ ক্ষেত্ৰত ভুমি।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages