চিলনী আই
নৱনীতা ডেকা
মোক আনিবলৈ কিমানবাৰ উকিয়াইছিলি
পুখুৰীৰ পাৰত
পেটত হাত থৈ
নাড়ী কাটি হাতত লৈছিলি মোৰ কান্দোনবোৰ
তুঁহৰ জুইত একেলগে
সেকিছিলি
মোক অনা বিহবোৰ তোৰ দেহৰ
আৰু মোৰ আহুজীয়া গোন্ধটো
তই হাতত ধৰিছিলি
মই থুপুক-থাপাক খোজ দিছিলো
তাঁতৰ পাতত মাকো সৰে
আউল লগা সূতা এগছা
তোৰ আঙুলিৰ পাকতে ভাঙে
শিকনিবোৰ তোৰ
বৈ আছে মোৰ ধমনীত
শেষ উশাহটোলেকে
তই যলৈকে যাৱ তোৰ পাছে পাছে
ঔ কুঁৱৰী হৈ বাগৰি বাগৰি ওলাও গৈ
তই শিকাইছিলি
মই বুজিছিলোঁ
তই ৰ’ব দিলি
এখোজো নিদিলো
মানুহেও মোট সলায়, তই নাজানিলি
জুইৰ আঙঠা হৈ দহে
কথাবোৰে
তাকে ক’বলে
বাৰীৰ পিছলে আহিছো
পছোৱাজাকে
হুৰ, হুৰ কৈ
তোকে গৈ শুনাব
দুহিতাই জুৰিছে কলৰে তলত
“আগলতি কলপাত লৰে কি চৰে
চিলনী আই মোৰ কাষতে পৰে”।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment