চিলনী আই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

চিলনী আই


 চিলনী আই


                   নৱনীতা ডেকা


মোক আনিবলৈ কিমানবাৰ উকিয়াইছিলি 

পুখুৰীৰ পাৰত

পেটত হাত থৈ

নাড়ী কাটি হাতত লৈছিলি মোৰ কান্দোনবোৰ

তুঁহৰ জুইত একেলগে 

সেকিছিলি 

মোক অনা বিহবোৰ তোৰ দেহৰ

আৰু মোৰ আহুজীয়া গোন্ধটো

তই হাতত ধৰিছিলি 

মই থুপুক-থাপাক খোজ দিছিলো

তাঁতৰ পাতত মাকো সৰে 

আউল লগা সূতা এগছা

তোৰ আঙুলিৰ পাকতে ভাঙে

শিকনিবোৰ তোৰ

বৈ আছে মোৰ ধমনীত

শেষ উশাহটোলেকে

তই যলৈকে যাৱ তোৰ পাছে পাছে

ঔ কুঁৱৰী হৈ বাগৰি বাগৰি ওলাও গৈ

তই শিকাইছিলি 

মই বুজিছিলোঁ

তই ৰ’ব দিলি 

এখোজো নিদিলো

মানুহেও মোট সলায়, তই নাজানিলি

জুইৰ আঙঠা হৈ দহে

কথাবোৰে 

তাকে ক’বলে

বাৰীৰ পিছলে আহিছো 

পছোৱাজাকে

হুৰ, হুৰ কৈ

তোকে গৈ শুনাব

দুহিতাই  জুৰিছে কলৰে তলত

“আগলতি কলপাত লৰে কি চৰে

চিলনী আই মোৰ কাষতে পৰে”।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages