ছবি— জীৱনৰ
শৰৎ হাজৰিকা
গোলাঘাট
১) এতিয়া মই যাওঁগৈ বুলি ভাবিছোঁ
মোৰ এই সিন্ধান্তত অলপ ডাৱৰ সৰিব
ইয়াৰ লগে লগে ভিতৰত এজাক অস্থিৰ বতাহ বলিব ৷
বতাহজাকক শিপা হ’বলৈ দিবা
পলস হৈ মাটিয়ে তোমাৰ কবিতা লিখিব ৷
২) আকাশখনলৈ চালে তোমাক দেখোঁ
চকুযুৰিলৈ চালে কবিতাৰ চৰাইবোৰ দেখোঁ
গছতলৰ বিহু এছাটি হৈ চকুৰ চৰাইযুৰি উৰি উৰি
সিহঁত মোৰ চোতালত পৰে
আৰু বেলিৰ ৰংবোৰ আঁকি উৰা মাৰে ৷
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment