ছবি— জীৱনৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

ছবি— জীৱনৰ

 

ছবি— জীৱনৰ


শৰৎ হাজৰিকা

গোলাঘাট


১) এতিয়া মই যাওঁগৈ বুলি ভাবিছোঁ

মোৰ এই সিন্ধান্তত অলপ ডাৱৰ সৰিব

ইয়াৰ লগে লগে ভিতৰত এজাক অস্থিৰ বতাহ বলিব ৷

বতাহজাকক শিপা হ’বলৈ দিবা

পলস হৈ মাটিয়ে তোমাৰ কবিতা লিখিব ৷


২) আকাশখনলৈ চালে তোমাক দেখোঁ

চকুযুৰিলৈ চালে কবিতাৰ চৰাইবোৰ দেখোঁ

গছতলৰ বিহু এছাটি হৈ চকুৰ চৰাইযুৰি উৰি উৰি

সিহঁত মোৰ চোতালত পৰে

আৰু বেলিৰ ৰংবোৰ আঁকি উৰা মাৰে ৷


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages