দেউতাৰ চোলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

দেউতাৰ চোলা

 

দেউতাৰ চোলা 


পঙ্কজ খাটনিয়াৰ

যোৰহাট 


    নতো পাহৰিছো। হয়তো ২০০৩ চন মানৰ পৰাই আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত ৰমা মেধি ছাৰৰ ল'ৰা ছোৱালী হালে দেউতাকৰ স্মৃতিত এই বঁটা প্ৰদান কৰি আহিছে। প্ৰথম দহ হাজাৰ টকাৰ মূল্যৰ নগদ ধনৰ লগতে মানপত্ৰ আৰু বৰ্তমান সেয়া বঢ়াই নি পঞ্চাছ হাজাৰ দিয়াৰ ব্যৱস্থা কৰিছে। ছাৰৰ আদৰ্শক নতুন প্ৰজন্মৰ সন্মুখত পৰিচয় কৰি দিয়াৰ তেওঁলোকৰ এই মহান প্ৰচেষ্টাক অঞ্চলটোৰ সকলোৱে প্ৰশংসা কৰে।

এই "প্ৰয়াত ৰমা মেধি সোঁৱৰণী বঁটা"লাভ কৰিবলৈ সকলোৱেই যে কিমান কষ্ট স্বীকাৰ কৰিব লগা হয় সেয়া এই যুদ্ধত অৱতীৰ্ণ হোৱা জনেহে বুজি পায়।

আমাৰ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰা জনেহে এই বঁটা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰে।


প্ৰত্যেক বছৰে এই বঁটা লাভ কৰি কিমান ছাত্ৰ -ছাত্ৰীয়ে নিজৰ সপোন পূৰণ কৰাৰ সুযোগ লাভ কৰিছে -সেয়া আমি সদায় দেখি আহিছোঁ। কেতিয়াবা অৱশ্যে পইছাৰ প্ৰয়োজন নথকা এজনেও এই বঁটা লাভ কৰা দেখিছোঁ। তথাপি আমাৰ কাৰো আক্ষেপ নাথাকে। কাৰণ যোগ্যতাৰ বলত হে সকলোৱে এয়া লাভ কৰে।


এইবাৰ কিন্তু মই মনে প্ৰাণে বিচাৰিছিলো যে বঁটাটো  যেন অংকুৰে লাভ কৰে।

নৱম শ্ৰেণীৰ পলাই তাৰ মূৰত মই এই কথাটো সুমুৱাই দিছিলোঁ। কাৰণ মই জানিছিলো যে নহ'লে তাৰ চহৰৰ আগশাৰীৰ শিক্ষানুষ্ঠানত বিজ্ঞান পঢ়িবলৈ যোৱাৰ সপোন পূৰণ নহ'ব।

দিনহাজিৰা কৰা দেউতাক আৰু অসুখীয়া মাকৰ এটাই সপোন -অংকুৰ এদিন ডাঙৰ মানুহ হ'ব।


      লাহে লাহে অংকুৰৰ টেষ্ট পৰীক্ষা কাষ চাপি আহিল। আমাৰো দায়িত্ব বাঢ়িল। প্ৰায় বিলাক ছাত্ৰ -ছাত্ৰীয়ে নিজৰ সপোন পূৰণ কৰিবলৈ উঠি পৰি লাগিছে। ভাল ৰিজাল্ট এটা এইটো বেটছৰ পৰা আমি আশা কৰিব পাৰোঁ।


কিন্তু আজি তিনি দিনে অংকুৰৰ দেখা দেখি নাই। খবৰ এটা কৰিবলৈকো তাহাতৰ আকৌ ফোন এটাই নাই নহয়।

স্কুল ছুটীৰ পাছতেই বাইকখন অংকুৰহতৰ ঘৰৰ ফালে পোনাই দিলোঁ।

অংকুৰ আছা নে? 

-নাই সি কামলৈ গৈছে, কোন নো ভিতৰলৈ সোমাই আহকচোন। ভিতৰৰ পৰা অংকুৰৰ দেউতাকে সেহাই সেহাই উত্তৰ দিলে। মই ভিতৰলৈ সোমাই গলো। অংকুৰৰ দেউতাকে বিছনা এখনত শুই আছে। মাক কাষৰ এঘৰলৈ কিবা কাম কৰি দিবলৈ গৈছে। বেমাৰী দেহাৰেই যাব লগীয়া অৱস্থা।


মোৰ আজি এসপ্তাহৰ পৰা সাংঘাটিক গা বেয়া। ইফালে ঘৰত খুদকন এটা নাই। সেয়েহে উপাই নাপাই অংকুৰেই মোৰ সলনি যোগালী কৰিবলৈ যাব লগীয়া হৈছে ছাৰ। কি কৰিম উপায় নাই। 


দেউতাকৰ কথা শুনি মই হতভম্ব হৈ পৰিলোঁ। এসপ্তাহৰ পিছত তাৰ টেষ্ট পৰীক্ষা। ইফালে তাৰ ওপৰত আমাৰ সকলোৰে আশা। কি কৰিম একো উপায় নাইকীয়া হ'ল। ইফালে মাহৰো শেষ হৈ আহিছে। হাততো বেছি পইছা নাই। তেন্তে জেপত হাত ভৰাই মনটো ভাল লাগিল । হয় তো এওঁ দেখোন স্কুললৈ ওলাই আহোঁতেই হাতত টকা পাচঁ হেজাৰ দি পঠাইছিল -যোৱা মাহতে লোৱা ল'ৰাৰ লেপটপটোৰ কিষ্টিটো পৰিশোধ কৰিবলৈ। কালি পোহনীয়া ছাগলী পোৱালি এটা বিক্ৰী কৰি টকা কেইটামান পাইছিল যে।

মই আটাইকেইটা টকা অংকুৰৰ দেউতাকক দি কলো -ডাক্টৰ এজনক দেখুৱাই ল'ব আৰু কালিলৈৰ পৰা অংকুৰক স্কুললৈ পঠিয়াব। এই কেইটা দিন তাৰ বাবে বৰ গুৰুত্বপূৰ্ণ। 


 আজি সেই বিশেষ দিনটো আহি উপস্থিত হৈছেহি। আমি ভবাৰ দৰেই অংকুৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লৈ আমাৰ বিদ্যালয়ৰ ভিতৰতে নহয় জিলাখনৰ ভিতৰতে শীৰ্ষস্থান অধিকাৰ কৰিলে। এইবাৰ "প্ৰয়াত ৰমা মেধি সোঁৱৰণী বঁটা" নগদ পঞ্চাছ হাজাৰ টকাটো আজি অংকুৰক প্ৰদান কৰা হ'ব। আমি সকলো সুখী। হওঁক তেওঁ লৰাটোৱে চহৰত পঢ়িবলৈ সুবিধা হ'ব। তাৰোপৰি সহায় কৰিবলৈ আমি শিক্ষক সকল আছোৱেই নহয়।

ৰমা মেধি ছাৰৰ ল'ৰা ছোৱালী হাল ইতিমধ্যে আহি পালেহিয়েই। মিটিঙৰ সকলো খা-খৰচ তেওঁলোকেই বহন কৰে। বিশিষ্ট অতিথি কেইজনো আহি পালেহি। আমি সভাৰ কাম আৰম্ভ কৰিব পাৰোঁ। কিন্তু এতিয়ালৈকে অংকুৰ হে আহি পোৱা নাই। তাক ১১ বজাত পোৱাকৈ আহিবলৈ কৈছিলো -এতিয়া ১২ টা বাজিবৰে হ'ল। সি নাথাকিলে মিটিং কেনেকৈ হ'ব। আজিৰ অনুষ্ঠানৰ মধ্যমনি -অংকুৰ হে।


উপায় নাপাই মই বৰুৱা ছাৰকে মিটিংখন আৰম্ভ কৰিবলৈ কৈ ওলাই আহিলো -অংকুৰক ঘৰৰ পৰা লৈ আহো গৈ। কিয় বা দেৰি কৰিছে!

তেনেতে দেখিলোঁ অংকন ফোপাই জোপাই দৌৰি আহিছে। পিন্ধনত জলহু ছাৰ্ট এটা আৰু স্কুল ইউনিফৰ্মৰ পেন্টটো।


হেৰৌ আজি নো ইমান দেৰি কৰিব লাগে নে? মই তোৰ ওচৰলৈকে ওলাইছিলো।


ছাৰ দেউতা কামলৈ গৈছিল। আৰু এবেলা ছুটী লৈ আহি পাওঁতে দেৰি হ'ল।

 

তই গুছি আহিব লাগিছিল। মোৰ কথা শুনি সি কৰুণ ভাবে উত্তৰ দিলে -ছাৰ চোলাটো দেউতাই কামলৈ পিন্ধি গৈছিল।


 -মোৰ পিন্ধিবলৈ চোলা নাই। 

এইটো দেউতাৰ চোলা।


লেখকৰ ঠিকনাঃ 

স্নাতকোত্তৰ শিক্ষক 

পিএমশ্ৰী পদ্মৰাম শৰ্মা উ:মা:বি:, তিতাবৰ, যোৰহাট,

যোগাযোগ -৮৪৭৪৮৪৭০২৬


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages