শৈশৱ
পপী চহৰীয়া
মঙলদৈ, দৰং
শৈশৱ মানে
বৰষুণত তিতি
বাটৰুৱা হওঁতে সুখ পোৱা,
ধাননি পথাৰৰ আলিত
খালী ভৰিৰে দৌৰা।
শৈশৱ মানে
আইতাৰ জোনাকী গল্প,
মাৰ আঁচলৰ গোন্ধ,
আৰু
এতিয়া বহু দূৰত থিয় হৈও
মনলৈ আহে
জীৱনটোৱে বোধহয়
গাঁওখন এৰি অহাৰ পৰাই
ডাঙৰ ভুল এটা কৰিছিল।
Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:
Post a Comment