ধৰ্ষিতা নাৰীৰ আৰ্তনাদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

ধৰ্ষিতা নাৰীৰ আৰ্তনাদ

 

ধৰ্ষিতা নাৰীৰ আৰ্তনাদ


                                              ইৰা দেৱী 

                                 গাৱৈয়া, কাৱৈমাৰী


কলংক তেওঁৰ দেহত নহয়,

কলংক সেই নৰপিশাচৰ বিবেকত,

যিয়ে কামনাৰ উন্মাদনাত 

মানৱতাৰ শৱদেহত নৃত্য কৰে।


নিশাৰ আন্ধাৰে কাঢ়ি নিলে

তেওঁৰ সপোনৰ ৰঙীন পাখি,

তথাপিও ভাগৰি নপৰা আত্মাই

নীৰৱ কান্দোনৰ মাজতো

পুনৰ জীৱনৰ অৰ্থ বিচাৰে।


সমাজৰ কুটিল প্ৰশ্নৰ তীক্ষ্ণ শলাকাই

বাৰম্বাৰ বিদ্ধ কৰে তেওঁৰ অন্তৰ,

কিন্তু তেওঁ অপবিত্ৰ নহয়—

অপবিত্ৰ সেই বিকৃত মন,

যাৰ হাতত লাঞ্ছিত হৈছিল মানৱতা।


তেওঁ কোনো দয়া বিচৰা ছাঁয়া নহয়,

তেওঁ ধ্বংসস্তূপৰ মাজত জন্ম লোৱা

এজাক অদম্য জুই,

যাৰ প্ৰতিটো অশ্ৰুবিন্দুত

লুকাই থাকে প্ৰতিবাদৰ অগ্নিশিখা।


ধৰ্ষিতা নাৰী কেতিয়াও লাজৰ প্ৰতীক নহয়,

লাজৰ প্ৰতীক সেই সমাজ,

যিয়ে অপৰাধীক পাহৰি

ভুক্তভোগীৰ বুকুতেই

কলংকৰ শিলগুটি নিক্ষেপ কৰে।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages