স্মৃতিৰ সহধৰ্মিণী
উৎকলিকা ডেকা
নাৰেংগী গুৱাহাটী – ২৬
শণিবাৰ, পুৱা ৬:৩০বজা। ৰাস্তাটোত মৰ্ণিংৱাক কৰা প্ৰাতঃভ্ৰমণকাৰীৰ ভিৰ।
: হেই দাস.... ৰখক মইও গৈ আছো। ঢুকি নোপোৱা দূৰত্বৰ পৰা মানুহজনে মোলৈ চিঞৰিলে।
আহিল আকৌ.... এতিয়া তেখেতৰ সতী নে সাৱিত্ৰীহেন ঘৈণীয়েকৰ কথা কৈ কৈ কাণখন ঘোলা কৰিব। মানিছো তেখেতৰ ঘৈণীয়েক সাৱিত্ৰী কিন্তু সেইবুলি....
এ আহিলেই....।
: কিহে দাস? আজিচোন মনটো কিমা গোমা যেন দেখিছো আপোনাৰ? ৱাইফৰ লগত কিবা......? এনেই মজুমদাৰে মোৰ পত্নী আৰু ল’ৰা ছোৱালীৰে ভৰপূৰ গৃহস্থালি এখন থকা বুলিয়েই জানে।প্ৰায় পঞ্চাশৰো উৰ্ধৰ মই।গতিকে থাকিবই দিয়কচোন পৰিবাৰ।
: নাই নাই কিযে কয় মজুমদাৰ দা.... তেওঁৰ লগত একো বাক বিতৰ্ক লগা নাই ৰ’ব।
এনেতে ওচৰেৰে গুড মৰ্নিং বন্ধুসকল বুলি চিঞৰি চিঞৰি গগৈ পাৰ হৈ গ’ল।
এই কটা নিধক গগৈয়েই মোৰ সংসাৰ, মোৰ পৰিবাৰৰ কথা কৈ সৱৰে কাণত ময়লা জমাইছিল। মোৰ পত্নী যে অইলত কাম কৰে সেই কথাটিও। বদমাছ ধূৰন্ধৰ গগৈৰ বাবে মই এই ত্ৰিছ বছৰে বৰলা হৈ থকা মানুহ জনে সৱৰে আগত পত্নী কৰ্মসূত্ৰে গোলাঘাটত থাকে বুলি কৈ ফুৰিবলগীয়া হৈছে । কিন্তু মজুমদাৰে বিশ্বাস কেনেকৈ কৰিব যে তেখেতৰ পত্নী কমিনীৰ লগতে মোৰ বিয়া ঠিক হৈছিল । ভালো পালোঁ,বিয়াও পাতিব নোৱাৰিলোঁ। মোৰ কপাল! মজুমদাৰে লৈ গুচি গল। গতিকে মোৰ সেই কাল্পনিক জগতখনৰ কাল্পনিক পত্নী “কামিনীয়েই”। কলেজীয়া জীৱনৰ প্ৰেয়সী।
: দাস ..... হে দাস … কি ভাবি আছে?
মজুমদাৰে দুবাৰমান চিঞৰি দিওঁতেহে হুঁচ আহিল।
: নাই.... এনেই পুৰণি কথা কিছুমান। বলক বলক ছয়মাইলৰ পৰা এপাক খোজ কাঢ়ি আহোঁ। নহ’লে দেৰি হ'লে আমাৰ এওঁ চিন্তা কৰি থাকিব। কথাখিনি কৈ মই খোজৰ গতি অলপ বঢ়াই দিলোঁ।
মজুমদাৰেও মোৰ লগে লগে খোজ মিলালে। পুৱাৰ কোমল ৰ’দত আমি দুয়োজন আগবাঢ়ি গ’লোঁ। মোৰ ওঁঠত মিচিকিয়া হাঁহি এটা খেলি গ’ল। বাস্তৱত নাথাকিলেও, মোৰ মনৰ পৃথিৱীখনত ‘কামিনী’ এতিয়াও মোৰ বাবে অপেক্ষা কৰি আছে।

No comments:
Post a Comment