দবুৰ পূজা
বিতোপন দলে
নাৰায়নপুৰ
আজেং! আজেং! আজেং!
ভিৰ ঘৰৰ পদূলি যেন আহিছে
ভগৱানৰ দূত নেফাৰ কামেং।
এৰা, বন্ধু নহ’বা নাস্তিক!
আমাৰ শতক-শতিকাৰ
পৰা আমি গণ আস্তিক।
কৰিছা ভয়
লাঠি-টাঙোন দেখি?
কৰিবা অভয়।
আচৰিত তুমি
পিঠি চালে -বেৰে কোবোৱা ঘৰ?
এয়াই পৰম্পৰা, কাম্য আমি।
চাউল, নিমখ, হালধী,জলকীয়া,
আৰু কুকুৰা,দবুৰ পূজা নিয়ম
কেওফালে পাতে বাৰে-ৰকমীয়া।
বুকুখন তোমাৰ কম্পিত বজ্ৰপাত?
ৰক্ত পাতে দেহাৰ কুকুৰা
জে’ঠ-কাতিৰ অৰৃঃয়া! অৰৃঃয়া! মাত।
মানুহ-দুনুহ, গাহৰি-ছাগলী, খেতি-পথাৰ,
গৰু-ম’হ, শনি-গুৰু ,বাধা-বিঘিনী
নেওচি সকলোতে তেহে হ’ব সঞ্চাৰ।
এয়াই আমাৰ দবুৰ
এয়া আমাৰ পৰম্পৰা
এয়াই আমাৰ দঃঞি-পঃলঃ সন্তানৰ ইগুৰ।
(আজেং- Aje’ng মিচিং শব্দ; দোষ, দণ্ড, অপৰাধ
ইগুৰ-Igur- মিচিং শব্দ;পৰিচালনা কৰা, নেতৃত্ব লোৱা)
No comments:
Post a Comment