হৃদয়ৰ মাজত
মুনমী দলে
নাৰায়নপুৰ
ফুলি থকা ফুলৰ দৰে
সদায় ফুলি থাকিবা
মোৰ হৃদয়ৰ মাজত,
তোমাক বিচাৰি নিৰলে নিৰলে
আছোঁ মই
মাথোঁ তোমাৰ বাবে
থাকিবা জানো
মোৰ হৃদয়ৰ মাজত ?
থাকিবা জানো তুমি
কোমল গোলাপৰ দৰে মোৰ কাষত
বিচাৰি আছোঁ মই
হিয়াৰ মাজত অকলশৰে
ফুলিবা জানো তুমি
মোৰ হৃদয়ৰ মাজত।।
No comments:
Post a Comment