লৃগাঙৰ মিঠা ঐনিতঃম
✍️লক্ষী প্ৰসাদ ৰেগন
মাজুলী
শিমলুবোৰ ফুলিছে
তুমি বাৰু কাৰ কথা ভাবিছা তাঁতশালত বহি
গভীৰ চাৱনি দেখোন তোমাৰ
পদূলি মুখলৈ।
ফাগুনৰ প্ৰথম বুধবাৰলৈ এতিয়াও
কেইটামান দিন বাকী
মাকো সৰি পৰিলে হাতখন তোমাৰ
যাওঁ নাযাওঁকৈ যায়
বাৰে বাৰে হাতত এন্ড্ৰয়েড মবাইলটো লৈ
মৌন হৈ পৰা
সৌৱা চোৱা নঙলামুখৰ বুঢ়া শিমলুজোপালৈ
কেনেকৈ লৃগাঙৰ মিঠা ঐনিতঃম হৈ পৰিছে
পঃৰ আপঙৰ গোন্ধটোও মলমলাইছে
No comments:
Post a Comment