ভালপোৱাৰ আন এক মহত্ত্ব
✍️মিথুন মণ্ডল পুঠিমাৰি, বকো, কামৰূপ (ৰ)
তোমাৰ ভালপোৱাৰ অনুভৱে যদি
হেপাঁহৰ নদীৰ পানীৰ সোতত
পাৰ ভঙা ঢৌতো বিলীন নহৈ
নিজৰ অস্তিত্ব লৈ
আহিব পাৰে তোমাৰ পৰা
মোৰ মৰমৰ পৰশ পাবলৈ.....
তেন্তে সেই মৰমক নো মই
কেনেকৈ তাৎচাল্য কৰো কোৱা ---????
সিহঁতে ইজনে-সিজনে, নিজে-নিজেই
চিনিছে...,জানিছে...,বুজিছে ...,
তুমি আৰু মই নিমিত্ত্ব মাত্ৰ
এই আজন্ম ভালপোৱাৰ
মিলিব দিয়া হৃদয়ে হৃদয়ৰ আভাৰে
পৰি থাকিব মাথো আমাৰ মানৱ দেহৰ কায়া ...!!!
যদি তোমাৰ আত্মাৰ সুৰৰ ৰাগত
আজি মতলীয়া হ’ব খোজে মোৰেই আত্মা...
হেপাঁহেৰে মন মন্দিৰত থাপনা পাতি
পূজিব খোজে এজনে আনজনক .....
তেন্তে মই কি কৰিব পাৰো কোৱা ???
আন একো গন্তব্য নাই বাহিৰে
মাথো নিৰৱে সমৰ্থন জনোৱা !!!!
আজি সমৰ্পিত মন মোৰ
তোমাৰেই বিশাল আকাশত
জানোছা নিজকে উজলাই জিলিকাব পাৰো
তোমাৰ মৰমৰ সান্নিধ্য পাই !!!!!
No comments:
Post a Comment