হোমেন বৰগোহাঞি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

হোমেন বৰগোহাঞি

 বৰগােহাঞি ছাৰৰ সান্নিধ্যত
সোঁৱৰণিৰ এখিলা পাত...

                                                   ✍️দুষ্যন্ত নৰহ
                                                  গােগামুখ, ধেমাজী   
                                                   দূৰভাষ ৪135011413



       এগৰাকী পিতৃক হেৰুৱাৰ বেদনা কিমান এই কথা আনতকৈ হয়ত পিতৃক হেৰুৱাজনেহে বেছি ভালকৈ উপলব্ধি কৰিব পাৰিব। এগৰাকী পিতৃয়ে যেতিয়া জীৱনৰ বিয়লিবেলাত উপনীত হয় তেতিয়াই পিতৃক কোনােবা ক্ষণত যে চিৰদিনৰ বাবে হেৰুৱাব লাগিব এই দুঃশংকাই পুত্ৰৰ বুকুত অনবৰত খুন্দিয়াই ফুৰে। কিয়নাে আমি কোনােকালেই কাকো হেৰুৱাব নিবিচাৰাে। আমি আজীৱন পিতৃ-মাতৃৰ আঁচলত ধৰি এওঁলােকৰ বুকুৰ আপােন হৈ জ্ঞানৰ ৰস মন্থন কৰি আইৰ পদূলি জাতিষ্কাৰ কৰিব বিচাৰে। ৰুগ্ন পিতাইৰ
কঁপা কঁপা মাতেও যে জীৱনত জীয়াই থকাৰ এক সঞ্জীৱনী হ'ব পাৰে এই কথা হৃদয়ৰ পৰা সঁচাই প্রকাশ কৰা বৰ টান। হােমেন বৰগােহাঞি ছাৰ আছিল অসমীয়া সাহিত্য জগতৰ পিতৃস্বৰূপ। বৰগােহাঞি ছাৰ জাতীয় জীৱনৰ মহীৰূহ, জাতিৰ অভিভাৱক, দিগদর্শক, নমস্য, এগৰাকী পুৰােধা ব্যক্তি যাক অভিধানৰ কোনাে অভিধাৰে বিভূষিত কৰি শেষ কৰিব নােৱাৰি। এনে এগৰাকী পিতৃস্বৰূপ মহান নায়কৰ প্রস্থানে সকলাে
শ্ৰেণীৰ লােককে ম্রিয়মান কৰি তােলাটো তেনেই স্বাভাৱিক কথা। মৃত্যু অনিৰুদ্ধ। আমি ইজনে সিজনৰ কাষৰ পৰা চিৰকালৰ বাবে আঁতৰি যাবই লাগিব। সেয়া চিৰন্তন সত্য। আমি এৰি থৈ যােৱা মাথোঁ স্মৃতিবােৰহে প্ৰজন্মৰ পৰা প্রজন্মলৈ যুগে যুগে মানুহক সোঁৱৰাই থাকিব।
            হােমেন বৰগােহাঞি ছাৰ আছিল ব্যক্তিৰ পৰা এক অনুষ্ঠান। সীমিত জ্ঞানেৰে এনে এক বৃহৎ অনুষ্ঠানৰ ওপৰত বিশ্লেষণ আগবঢ়োৱাটো মােৰ পক্ষে মুঠেই সম্ভৱ নহয়। ইয়াত মাথোঁ বৰগােহাঞি ছাৰৰ সৈতে কটোৱা কিছু মুহূৰ্তৰ কথাহে সোঁৱৰিব বিচৰা হৈছে। বৰগােহাঞি ছাৰক বিভিন্ন কাৰণবশত কেইবাবাৰাে দেখা-সাক্ষাত কৰাৰ সৌভাগ্য হৈছিল। ছাৰ আছিল এগৰাকী অত্যন্ত ব্যস্ত মানুহ। এই ব্যস্ততাৰ মাজতাে ছাৰে সকলােৰে সৈতে সুন্দৰকৈ কথা পাতিছিল। ছাৰৰ আচাৰ-ব্যৱহাৰে সকলােকে মুগ্ধ কৰিছিল আৰু অতিকৈ আপােন কৰি তুলিছিল। সেই সময়ত এনে লাগিছিল ছাৰৰ কাষত বহি আৰু যেন কথাৰ মহল মাৰাে আৰু কেতিয়াবা এনে লাগিছিল ছাৰৰ সতে চিনাকি মােৰ যেন বহু দিনীয়া। যি মানুহেই নহওক মুহূর্ততে বৰগােহাঞি ছাৰৰ সতে কথা পাতি এক আত্মিক সম্পর্ক গঢ়ি তুলিব পাৰিছিল।প্রথমবাৰৰ বাবে ছাৰক দেখা-সাক্ষাত কৰিবলৈ লওঁতে অন্তৰত কিছু ভয়-শংকা উপজিছিল। কিয়নাে ছাৰক লগ কৰিবলৈ যােৱা মানেই সাইলাখ ভগৱানক দেখা কৰা বুলি লগৰ দুই-এজনে ৰগৰ কৰিছিল। পিছে, ছাৰক দেখা
কৰাৰ পিছতহে সকলােবােৰ কথা কায়মানে বুজি উঠিছিলাে। আচলতে মানুহক সাক্ষাৎ কৰাৰ সময়ত কথা ক'ৰপৰা কেনেকৈ আৰম্ভ কৰিব লাগে, মানুহৰ প্রতি ব্যৱহাৰ কেনে হােৱা উচিত ইত্যাদি কথাবােৰ ছাৰৰ পৰাই আয়ত্ত কৰিছিলাে। প্রথম সাক্ষাতত ‘তােমাৰ নাম কি বুলি সােধা ছাৰৰ প্ৰশ্নৰ উত্তৰত ‘দুষ্যন্ত’ বুলি কোৱা মাত্রকেই ‘তুমি সােৱণশিৰি মহাবিদ্যালয়ত কৰা নহয়নে? তােমাৰ গণিত বিভাগ, মহাবিদ্যালয়খনত ল'ৰা-ছােৱালী কিমান আছে, মহাবিদ্যালয়খন চৰকাৰীকৰণ হ’লনে, দৰমহা কিমান পােৱা ইত্যাদি কথাবােৰ ছাৰে মােক থাউকতে সুধি পেলাইছিল। এইখিনিতে ‘তােমাৰ লেখা পঢ়া বুলিও ছাৰে মােক ক'বলৈ পাহৰা নাছিল। আমাৰ দৰে সাধাৰণ লােকৰ কথা বৰগােহাঞি ছাৰহঁতৰ দৰে পুৰােধা ব্যক্তিয়ে মনত ৰাখি কথাত কথা যােগ দি কথা আগবঢ়াই নিয়াটো নিসন্দেহে সকলােৰ বাবেই প্রেৰণাদায়ক। বৰগােহাঞি ছাৰৰ দৰে এনে উদাহৰণ হয়তাে আজিৰ যুগত বিৰল। এনেবােৰ কথাৰ পৰাই বৰগােহাঞি ছাৰ যে কিমান মহান গুণৰ অধিকাৰী আছিল এই কথা সহজে অনুমান কৰিব পাৰি। সময়ক সৎ ব্যৱহাৰ কৰাটো ছাৰৰ এটা প্রধান কর্তব্য আছিল। ছাৰে যি সময়ত লগ কৰিম বুলি কয় সেই সময়ত লগ কৰিছিল, যি সময়ত কথা পাতিম বুলি কয় সেই সময়ত কথা পাতিছিল। ইণ্ডিয়ান টাইমচ বুলি কেনেবাকৈ ছেকেণ্ড-মিনিটৰ ইফাল-সিফাল হলেই ছাৰক লগ পােৱাটো সম্ভৱ হােৱা নাছিল। এদিনাখন ভাষাতত্ত্ববিদ আগম মিগাং প্রয়াত টাবুৰাম টাইদ ছাৰে আগম কৗবাঙৰ দুগৰাকী ব্যক্তি আপােনাক লগ কৰিব বিচাৰিছে, আপুনি ক'ত কেনেকৈ লগ দিব’ বুলি ফোনত সােবধাতে বৰগােহাঞি ছাৰে নিয়মীয়া বার্তা’ কার্যালয়ত আবেলি চাৰি বজাত লগ কৰিব পাৰিব বুলি জনাইছিল। ঠিক চাৰি বজাৰ লগে লগে এগৰাকী মহিলা সহকৰ্মীৰ দ্বাৰা ছাৰে আমাক কার্যালয়ৰ ভিতৰলৈ মাতি পঠিয়াইছিল। কেনেবাকৈ মবাইলৰ চুইচ অফ হৈ থাকিলেই ককাইদেউ হােমেনক লগ কৰিব পৰা নাযাব আৰু মবাইলৰ চুইচ খােলা পালেই জানিবা ককাইদেউক লগ কৰিব পাৰিবা বুলি টাবু টাইদ ছাৰে আমাৰ সতে ৰগৰ সানি কোৱা কথাষাৰ আজিও কাণত বাজি আছে। মােৰ কিতাপখনৰ ‘আগকথা’ লিখা হৈ গ'ল এই কথা জনাবলৈ ছাৰে এদিন মােক ফোন কৰিছিল। কিন্তু সেই দিনটোত ফোনটো লগত নথকাত ছাৰৰ সতে মােৰ কথা পতাৰ সৌভাগ্য নহ'ল। “মই হােমেন বৰগােহাঞি, মােক চিনি পােৱানে, কেনেকৈ চিনি পােৱা, মােক দেখিছানে, ক’ত দেখিছা, টিভিত দেখিছা ইত্যাদি স্বভাৱসুলভ ধেমেলীয়া ভংগীমাৰে মােৰ অনুপস্থিতত সহধর্মীনিৰ সৈতেহে ফোনত ছাৰৰ কথা পতা হৈছিল। বাহিৰলৈ যাবলগীয়া হােৱা বাবে গুৱাহাটীলৈ আহিলেও তেখেতক লগ নাপাব আৰু সেয়ে লিখাটো গীতালি বাইদেউৰ পৰা মােক সংগ্রহ কৰিবলৈ সহধর্মীনিক ছাৰে জনাইছিল। ছাৰৰ কথামতেই কাম। “এয়াই আনন্দৰ ৰং” পুথিখনিৰ ‘আগকথা’ যথাসময়ত লিখি দি বৰগােহাঞি ছাৰে সাহিত্যৰ পথাৰত বিচৰণ কৰিবলৈ মােৰ মনােবল দুগুণ বৃদ্ধি কৰিছিল। সহজ-সৰল জীৱন যাপনেই ছাৰৰ মূলমন্ত্র আছিল। যাৰ জীৱনাদর্শই সকলাে মানুহৰ মন মুগ্ধ কৰি ৰাখিছিল। সময়ৰ সঠিক ব্যৱহাৰে মানুহক কেনেকৈ যিকোনাে সময়তে সক্রিয় আৰু গতিশীল কৰি ৰাখিব পাৰে এই কথা বৰগােহাঞি ছাৰৰ পৰাই আমি শিকিব পাৰােহঁক। মুঠতে সময়ৰ টিকনিডালতকৈ আগে আগে মৃত্যুৰ আগমুহূৰ্তলৈকে দৌৰি ছাৰে জীৱনত বহু সফলতাৰ বাট বুটলিবলৈ সক্ষম হৈছিল। ছাৰৰ এই কথা সকলােৰ বাবেই আদৰণীয়, অনুসৰণীয় আৰু আদৰ্শৰ পাথেয় হৈ ৰ'ব।
             এওঁ দুষ্যন্ত, চিনি পাইছানে, সাহিত্যিক- এনেকৈয়ে এদিন বৰগােহাঞি ছাৰে কাৰ্যালয়ৰ সহকর্মী লেখিকা ড° গীতালি শইকীয়াৰ সৈতে মােক পৰিচয় কৰাই দিছিল। আমাৰ দৰে সাধাৰণ লােকক বৰগােহাঞি ছাৰে আনৰ সতে সাহিত্যিক বুলি চিনা-পৰিচয় কৰাই দিয়াটো ছাৰৰ অন্তৰখন কিমান উদাৰ, সাগৰৰ দৰে বিশাল এই কথা সুন্দৰকৈ পৰিস্ফুট হৈছিল। ৰগােহাঞি ছাৰৰ এনেবােৰ কথা মােৰ জীৱনৰ সোঁৱৰণীৰ এখিলা পাত হৈ আজীৱন প্ৰেৰণাৰ সমল হৈ ৰ'ব। এনে এগৰাকী মহান ব্যক্তিৰ প্রস্থানে অসমীয়া জাতীয় জীৱনৰ বাবেই এক অপূৰণীয় ক্ষতি। বৰগােহাঞি ছাৰৰ ত্যাগ আৰু আদর্শ যুগে যুগে আমাৰ অন্তৰত সজীৱ হৈ থাকিব। ছাৰৰ আত্মাই চিসঙ্গতি লাভ কৰক। তাকেই কামনা কৰি ভগৱানৰ শ্ৰীচৰণ যুগলত সেৱা জনালাে। 



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages