বিহু গীতত প্ৰকৃতিৰ চিত্ৰ
ৰঞ্জিতা ৰাণী বৰা
গুৱাহাটী
অসমৰ প্ৰকৃতি অতি মনোৰম আৰু জলবায়ু অতি শীত বা উৎকট গৰমৰ পৰা সহ্য কৰিব পৰা ধৰণৰ।বাৰমাহী গীতত বৰ্ণোৱাৰ দৰে প্ৰতি ঋতুৱেই অসমৰ প্ৰকৃতিক নতুন আভৰণেৰে অলঙ্কৃত কৰে। সেইবাবে প্ৰকৃতিৰ লগত আত্মীয়তাৰ সংস্পৰ্শত অহাত যুগে যুগে অসমীয়া মানুহৰ মনত বিচিত্ৰ ভাৱ অনুভূতিৰ জন্ম হৈছে।তাৰ ফলত অসমীয়া ভাষাত অলেখ বিহু গীতৰ সৃষ্টি হৈছে।
বিহু গীত সমূহ বিশ্লেষণ কৰিলে তাত অসমৰ প্ৰকৃতিৰ চাৰিটা চিত্ৰ ৰূপায়িত হোৱা দেখা যায়। এই কথা ড০ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ লিখনিত উল্লেখ পোৱা গৈছে। সেইয়া হৈছে অসমৰ নদ-নদী গৰু মহ চৰণীয়া উদং চাপৰি বহল পথাৰ আৰু মধুৰ সঙ্গীত সৃষ্টি কৰা পশু পক্ষীসমূহ।
লুইতৰ বাঢ়নী পানী,পাৰৰ চাপৰি কহুৱা বন ৰূপালী বালিৰ বুকুত শিহু ঘড়িয়ালে অসমীয়াৰ অনুভূতিক যুগে যুগে উদ্দীপ্ত আৰু বিস্ময়াম্বিত কৰি আহিছে।যেনে - “লুইতৰে বালি,বগি ধকে ধকি,কাছ ই কণী পাৰে লেখি,” “চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ চিৰি লুইতলৈ চাই” আদি চিত্ৰ ই লুইতক অধিক আকৰ্ষণীয় কৰিছে। ঠিক সেইদৰে “দিখৌ নৈ এৰিব পাৰো ম ই লাহৰী জাঁজী নৈ এৰিব পাৰো”। এই বোৰতে অসমীয়া জাতিৰ নদী প্ৰীতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে।
অসমীয়া ডেকা গাভৰুৰ ধাননি পথাৰত উদয় হোৱা জীৱনৰ চলন্ত স্বৰ্ণময় মূহুৰ্তৰ চিত্ৰ বিহু গীতত আছে ---
দকৈ পথাৰত ধান দাই আছিলো
ঘিলা চকলিয়া মুঠি
সকলোকে দেখো লাহৰীক নেদেখোঁ
ঢাপৰে ওপৰত উঠি।
গছৰ ছাঁ গৰখীয়াৰ বিশ্ৰাম বিনোদনৰ স্থান ডেকা-গাভৰুৰ প্ৰেমৰ কুঞ্জ। এই সম্পৰ্কে ইঙ্গিত বিহু গীতত আছে ----
আহোঁবৰৰ তলে যাওঁ বৰৰ তলে
বৰৰে ঢপলা পাত
বৰৰ তলতে মোকে নোজোকাবি
ওলাব ম ইনা মাত।
ফুলৰ প্ৰতি আগ্ৰহ অসমীয়া নাৰীৰ সৌন্দৰ্য, স্পৃহাৰ অন্য এটি নিদৰ্শন। সুন্দৰী নাৰীৰ আলিঙ্গনৰ স্পৰ্শত পুষ্প বিকশিত হোৱা কল্পনা সংস্কৃত সাহিত্যৰ দৰে অসমীয়া গীতত বহু ঠাইত দেখা গৈছে -
ফুলৰ বাতৰি পালো ম ই আই টি
ভৰিতে মাৰিলো টিপা
বাৰ বছৰীয়া নুফুলা ফুলতে
আপুনি মেলিলে শিপা
বিহু গীতত প্ৰকৃতিৰ বৰ্ণনা কৈ শেষ কৰিব নোৱাৰি।
বহলৈ পথাৰত ধান দাই আছিলো হাতত সোণোৱালী কাচি।"ফেঁচাই কুৰুলিয়াই কুহু কুহু কৰি","ৰৈ নো ৰৈ কান্দিলে চুঙাৰে বাদুলি"। বিহু গীতত এনেধৰণৰ প্ৰকৃতিৰ বৰ্ণনাৰে ভৰি আছে।যি স্বাভাবিকতে অসমীয়া জনজীৱন গীতি ধৰ্মী হৈ পৰিছে।
বিহু অসমীয়াৰ জাতীয় জীৱনৰ উচ্ছাস বিজড়িত জাতীয় উৎসৱ। বহাগ বিহুৰ কথা কৈ থাকিলেও ওৰ নপৰে। বিহুৰ বতৰত ঢোলৰ মাত শুনি উজটিত যঁতৰ ভাঙি যাবলৈকো মন যায়, কিন্তু বছৰেকৰ মূৰত অহা বিহুটিক ধৰি ৰাখিব ও নোৱাৰি।
'চতে গৈ গৈ বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ থাকো মানে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।’
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment