মিচিং জনগোষ্ঠীয় সু-স্বাদু খাদ্য সম্ভাৰৰ জুতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 31, 2023

মিচিং জনগোষ্ঠীয় সু-স্বাদু খাদ্য সম্ভাৰৰ জুতি



 মিচিং জনগোষ্ঠীয় সু-স্বাদু খাদ্য সম্ভাৰৰ জুতি


জৱাহৰলাল মিলি

গহপুৰ


    ত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় সংমিশ্ৰিত ভাষা সাহিত্য, সংস্কৃতি আৰু পৰম্পৰাগত বিভিন্ন খাদ্য সম্ভাৰেৰে পৰিপূৰ্ণ এক বৃহৎ সংস্কৃতিৰ মিলন ক্ষেত্ৰ ভূমি অসম ৰাজ্য ৷ ইয়াত বিভিন্ন জাতি জনজাতি সকলৰ লোকাচাৰ, লোক সংস্কৃতি, সাজপাৰ, ধৰ্মীয় বিশ্বাস আৰু ভিন্ন ভাষা বাসীৰ সংমিশ্ৰণত আধুনিক অসমীয়া সংস্কৃতি গঢ়ি উঠিছে ৷ জনগোষ্ঠী সমূহৰ যিদৰে সাজপাৰ, লোক সংস্কৃতি, লোকাচাৰ আৰু পৰম্পৰাগত ধৰ্মীয় বিশ্বাস, উৎসৱ পাৰ্বন আদি ভিন্ন বৈশিষ্ট্যতা আছে, ঠিক তেনেদৰে জন জীৱনৰ ৰন্ধন প্ৰকৰণৰ খাদ্যাভাসৰ প্ৰস্তুত প্ৰণালীও ভিন্নতা আছে। লোক সংস্কৃতিৰ প্ৰধান উপাদান সমূহৰ উল্লেখযোগ্য উপাদান হৈছে খাদ্য প্ৰণালীৰ ৰন্ধন প্ৰকৰণ প্ৰস্তুত কৰা সম্ভাৰৰ মূল উৎস সমূহকে ধৰি ল’ব লাগিব। এতিয়া সেই নিৱন্ধৰ মূল বিষয় বস্তু হৈছে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত ভাৱে প্ৰচলিত কিছুমান খাদ্য সম্ভাৰৰ ৰন্ধন প্ৰকৰণ আৰু জন জীৱনত ইয়াৰ ব্যৱহাৰৰ উপযোগী সম্পৰ্কত কিছু আলোচনাৰ পাতনি মেলি চমুকৈ আগবঢ়াব বিছাৰিছোঁ। অসমত বসবাস কৰা অন্যান্য জনগোষ্ঠী সমূহৰ অন্যতম মিচিং সকলৰ এক সুকীয়া বৈশিষ্ট্যতা আছে। অন্যান্য জনগোষ্ঠী সমূহৰ খাদ্যাভাস ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালীৰ সৈতে মিচিং সকলৰ খাদ্যাভাস পৃথক হোৱা দেখা যায়। ঐতিহাসিক কালৰ পৰা মিচিং সকলে কিছুমান খাদ্যাভাস কৰি আহিছে আৰু বৰ্তমান সময়তো লোক সমাজত পৰম্পৰাগত ভাৱে অব্যাহত আছে। মিচিং সকলৰ ৰন্ধন প্ৰকৰণৰ খাদ্য প্ৰণালী এক সুকীয়া বৈশিষ্ট্যপূৰ্ণ সম্ভাৰেৰে পৰিপূৰ্ণ।


মিচিং জনগোষ্ঠী সকলৰ স্বকীয় ভাষা সাহিত্য, সংস্কৃতি আৰু জীৱন জীৱিকাৰ সু-স্বাদু খাদ্যৰ ৰন্ধন প্ৰকৰণৰ স্বকীয় বৈশিষ্ট্যতাৰে বিৰাজমান। আদিম যুগৰ পৰা মিচিং সকলে প্ৰকৃতিৰ বুকুত সহজ লভ্যভাৱে পোৱা বিভিন্ন গছ লতা,তৰু তৃণ জাতীয় উদ্ভিদৰ পাত আৰু ফল মূল আদি ৰন্ধনৰ খাদ্য দ্ৰব্য হিচাপে ব্যৱহাৰ কৰি আহিছে। অৱশ্যে কোনো এক অঞ্চলৰ প্ৰাকৃতিকভাৱে ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি সেই অঞ্চলৰ বাসিন্দাসকলৰ আহাৰৰ খাদ্যাভাস প্ৰভাৱ পেলায়। ঐতিহাসিক কালত মিচিং সকল পৰ্বত পাহাৰ ,হাবিয়ে জংঘলে বাস কৰিছিল। সেই পৰিৱেশত পোৱা বিভিন্ন জাতীয় উদ্ভিদৰ পাত, আলু কচু, ফল মূল আৰু বিভিন্ন বন্যপ্ৰাণী চিকাৰ শৈলীৰে মাছ মাংস প্ৰধান খাদ্য দ্ৰব্য হিচাপে গ্ৰহণ কৰি আহিছিল। কালক্ৰমত পাহাৰৰ পৰা ভৈয়াম অঞ্চল লৈ প্ৰব্ৰজন হৈ আহি পুৰণিকলীয়া খাদ্য শৈলীৰ কিছু পৰিবৰ্তন মুখী হৈ আহিছে। ভৈয়াম অঞ্চলৰ সমতল ভূমিত হাবি জংঘল কাটি ঝুম পদ্ধতিৰে ধান মাহ ,সৰিয়হ আৰু বিভিন্ন শাক পাচলি, ফল মূলৰ খেতি কৰিবলৈ আৰম্ভ কৰি ইয়াৰ উৎপাদিত সামগ্ৰীৰে খাদ্যাভাস গঢ় লৈ উঠিল। প্ৰথমে ধান খেতিৰ পৰা চাউল উলিয়াই ভাতকে প্ৰধান আহাৰ হিচাপে ব্যৱহাৰ যোগ্য হ’ল। ভাতৰ সৈতে আঞ্জাৰ ব্যঞ্জন হিচাপে বিভিন্ন ধৰণৰ গছ লতা, শাক পাচলি আৰু মাছ মাংস আদি ভিন্ন ভিন্ন ৰন্ধন প্ৰণালীৰে খোৱাৰ অভ্যাস উপযোগী হৈ উঠিল। তাৰোপৰিও ওচৰ চুবুৰীয়া বিভিন্ন জাতি উপজাতিৰ সংস্পৰ্শত প্ৰভাৱাম্বিত হৈ মিচিং সকলৰো খাদ্য তালিকাত নানা বিধৰ সম্ভাৰেৰে সংমিশ্ৰিত হৈ পৰিছে। তৎস্বত্বেও কিছুমান প্ৰকৃতিগতভাৱে বৈশিষ্ট্যপূৰ্ণ খাদ্য পৰম্পৰা আৰু ৰন্ধন প্ৰকৰণ প্ৰস্তুত প্ৰণালী এতিয়াও মিচিং জন সমাজত প্ৰচলিত হৈ আছে। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই মিচিং সকলৰ খাদ্যাভাস লক্ষণীয়ভাৱে কিছু পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। পূৰ্বতে আলু কচু, বিভিন্ন উদ্ভিদ জাতীয় শাক পাচলি আৰু মাছ মাংসৰ বাবে হাবিয়ে বননিয়ে ঘুৰি ফুৰি চিকাৰ শৈলীৰে খাদ্য সামগ্ৰী যোগাৰ কৰিছিল। বৰ্তমান সময় পৰিবৰ্তনৰ লগে লগে হাবি জংঘলত পোৱা বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল নিজা ঘৰৰ বাৰীতে উৎপাদন কৰি খোৱাৰ চাহিদা পূৰণ কৰিছে। মাছৰ বাবে ঘৰুৱাভাৱে পুখুৰী খান্দি পোনা পুহি আৰু মাংসৰ বাবে ঘৰতে পশু পক্ষী প্ৰতি পালন কৰি মাংসৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু আৰ্থিকভাৱে কিছু স্বাৱলম্বিতাৰ দিশত আগবঢ়াইছে। আগৰ দিনবোৰত হাবি জংঘলত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, চৰাই চিৰিকটিৰে ভৰপুৰ আছিল। সেই জীৱ জন্তু আৰু চৰাই চিৰিকটি বোৰ প্ৰায়েই বিলুপ্তি ঘটিছে। সেইবাবে নিজৰ ঘৰতে খাদ্য প্ৰাণীবোৰ পুহি মাংসৰ চাহিদা যথেষ্ট পৰিমাণে পূৰণ হৈছে। গাহৰি, কুকুৰা, হাঁহ পাৰ প্ৰতি পালন কৰি আৰু মাছৰ ক্ষেত্ৰতো নৈ জান জুৰি আদিৰ পৰা মাছ ধৰা সলনি নিজা ঘৰৰ কাষতে পুখুৰী খান্দি মাছ পুহি যথেষ্ট আৰ্থিক উপাৰ্জনৰ পথ প্ৰশস্ত হৈছে। এতিয়া মূল বিষয় বস্তু লৈ আগবাঢ়িছোঁ। মিচিং সকলৰ প্ৰধানকৈ যিকোনো ৰন্ধন প্ৰকৰণৰ দ্ৰব্য তেলত ভজাতকৈ পানীত সিজোৱা ৰন্ধন শৈলীৰে প্ৰস্তুত কৰা আঞ্জা হিচাপে ব্যৱহাৰ কৰি আহিছিল। মাছ মাংস বা বনৰীয়া শাক পাচলি পানীত সিজাই তাত নিৰ্দিষ্ট পৰিমাণৰ নিমখ জলকীয়া আৰু অন্যান্য প্ৰয়োজনীয় মা মচলা দি খোৱাৰ জুতি লগাইছিল। এসময়ত মিচিং জনগোষ্ঠীৰ লোকে গাখীৰৰ সৈতে চাহ খোৱা প্ৰথা প্ৰায়ে নাছিল যদিও বৰ্তমান সময়ত চাহত গাখীৰ চেনি দি খোৱাৰ অভ্যাস প্ৰচলিত হ’বলৈ ধৰিলে। মিচিং সকলৰ আঞ্জাৰ প্ৰধান তালিকাত নিয়মীয়া খাদ্য হৈছে মাছ মাংসৰ সৈতে বনৰীয়া শাক পাচলি, গছ লতাৰ পাত আদি পানী সিজাই খোৱাৰ জুতি লৈছিল। প্ৰতি সাজত মাছ বা মাংস নহলে পেট নাযায় ভাত বুলি কোৱা হয়। মাছ মাংস ধোঁৱা চাঙত শুকুৱাই বহু দিনলৈ খোৱাৰ উপযোগীকৈ সযত্নে ৰাখি থোৱা হয়। বিশেষকৈ মাছ ধোঁৱা চাঙত শুকুৱাই উৰালত খুন্দি বাঁহৰ চুঙাত ভৰাই “নামচিং" (শুকতি) প্ৰস্তুত প্ৰণালী এক সুকীয়া ঐতিহ্য বহন কৰিবলৈ সক্ষম হৈছে।  সেই নামচিং (শুকতি) বহু দিনলৈ ৰাখি থৈ পাৰি। ঠিক তেনেধৰণেৰে গাহৰি বা যিকোনো মাংস ধোঁৱা চাঙত শুকুৱাই বহু দিনলৈ মাংস খোৱাৰ জুতি লয়। তদুপৰি শুকান মাছৰ জুতি লগা বিভিন্ন ৰন্ধন প্ৰকৰণেৰে খোৱাৰ সোৱাদ লয়।


     মিচিং জনগোষ্ঠীৰ অতি জন প্ৰিয় আঞ্জাৰ ব্যঞ্জন হৈছে "আমৃন অয়িং"।এই বিধ আঞ্জা আন জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ তালিকাত ব্যৱহাৰ হোৱা দেখা নাযায়। আমৃন অয়িঙৰ ৰন্ধন প্ৰকৰণ মিচিং জনগোষ্ঠীৰ এক ঐতিহাসিক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে আৰু ইয়াৰ ৰন্ধন প্ৰণালী সুকীয়া বৈশিষ্ট্যতা আছে। চাউলৰ কণ বা খুনকণেৰে এই আঞ্জা প্ৰস্তুত কৰা হয়। আমৃন অয়িং কেইবা প্ৰকাৰেও প্ৰস্তুত প্ৰণালী বিদ্যমান। সৰু মাছৰ সৈতে টেঙা জাতীয় দ্ৰব্য যেনে - ঔটেঙা, নল টেঙা, বিলাহী আদি লগাই ৰান্ধনিলে ইয়াৰ সু-স্বাদুৰ তৃপ্তিয়ে অন্য ধৰণৰ হয়। এই ৰন্ধন প্ৰকৰণত বগা নহৰু, কেঁচা ধনীয়া, আদা আদি লগাই সামান্য পৰিমাণৰ নামচিং বা শুকান মাছ দি ৰান্ধিলে তাৰ সোৱাদেই বেলেগ ধৰণৰ হৈ পৰে। আমৃন অয়িঙত তেল বা অন্য মচলা জাতীয় সামগ্ৰীৰ একেবাৰে ব্যৱহাৰ নহয়। সমপূৰ্ণৰূপে পানী সিজাই এই বিধ আঞ্জা প্ৰস্তুত কৰা হয়। আকৌ আন বিধ আঞ্জা হৈছে নামচিং তপতাই আঞ্জা। ইয়াতো চাউলৰ কণৰ সৈতে পানীত সিজাই আমৃন অয়িং প্ৰস্তুত প্ৰণালীৰে বিবিধ প্ৰয়োজনীয় দ্ৰব্যৰে মাছৰ সলনি নামচিং লগাই ৰন্ধন প্ৰকৰণ কৰা হয়।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages