তুমি নাহোঁ বুলিয়েই নাহিলা
✍️টংকেশ্বৰ পাঠৰী
সেইদিনা মোৰ পদূলিত
উশাহৰ খৰিকাজাঁইবোৰ ফুলিছিল
ৰঙা গোলাপে মুখত মিচিকি হাঁহি এটা
আখৰা কৰি আছিল
গধূলি গোপালে ৰাতিৰ দায়িত্ব পাইছিল
আকাশ ছানি মনৰ কৃষ্ণচূড়াৰ চন্দ্ৰতাপ
ঠিকেই আছিল
দীঘলকৈ পদূলি সজোৱা হৈ গৈছিল
তোমাৰ কথা মতেই বুকুত মিঠা বিষ এটা
বাৰে বাৰে উজাই উজাই আহিছিল
এইমাত্ৰ কিবা এটা পৰিবৰ্তনৰ আশাত
“মই ক’ত মই ক’ত বুলি বুকুৰ কেতেকীয়ে
দেওপাৰি উঠিছিল“
এই পাৰৰ আকাশ ফৰকাল আছিল
দুবৰিৰ নিয়ৰ সেমেকা পথটো পোন আছিল
লেশমাত্ৰ বিষাদৰ ডাৱৰ নাছিল
বুকুত মোৰ ৰৈ ৰৈ বেন্দপাৰ্টি বাজিছিল
বাৰে বাৰে আগন্তুকৰ আশাত ঘৰখনে
ডিঙি মেলি ৰাষ্টালৈ চাইছিল
এখন আঁদৰণি তোৰণ থিয় হৈ আছিল
বুকুৰ জোখাৰে আলফুলে
“ স্বাগতম “ বুলি লিখা হৈছিল
এটা উৎসৱৰ আশাত ঘৰখন সাজু আছিল
সকলোকে মোৰ কথা দিয়া হৈ গৈছিল
পদূলিৰ নঙলা খোলা আছিল
তথাপি তুমি নাহিলা
আৰু নাহিলা
তুমি নাহোঁ বুলিয়েই নাহিলা...!
No comments:
Post a Comment