আৰ্দ্ৰভূমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 15, 2021

আৰ্দ্ৰভূমি

 আৰ্দ্ৰভূমি

                                                                                                                                      ✍️প্ৰগ্রেছ মেদক                                                                       লখিমপুৰ




       জীৱ জগত বৰ্তি থাকিবলৈ প্ৰয়োজনীয় পৰিৱেশ সমূহৰ অন্যতম আৰ্দ্ৰভূমি। মানুহৰ ভুল চিন্তা ধাৰা আৰু পৰিচালনাৰ বাবে পৃথিৱীৰ পৰা আৰ্দ্ৰভূমি সমূহৰ ক্ৰমান্বয়ে বিলোপ পাব ধৰিছে আৰু জীৱ জন্তুৰো বিলুপ্তি ঘটিছে। এই আৰ্দ্ৰভূমি সমূহ অটুট ৰাখি জীৱ জগত বৰ্তাই ৰাখিবলৈ আমি সংযত হব লাগিব আৰু জীৱ জগতৰ ওপৰত বিজ্ঞানসন্মত চিন্তা চৰ্চা কৰা উচিত হব।

      জীৱ জন্তুৰ জীৱনৰ বাবে আৰ্দ্ৰভূমি সমূহৰ সংৰক্ষণৰ অত্যন্ত জৰুৰী । এই আৰ্দ্ৰভূমি সমূহ মাথোঁ কেইবিধমান প্ৰজাতিৰ জলচৰ চৰাইৰ বাসস্থান নহয়; পৃথিৱীৰ পৰিভ্ৰমী চৰাই সমূহৰ কেইবাটাও বৰ্গৰ ( প্ৰজাতিৰ), কেইবাটাও পৰিয়ালৰ, কেইবাশও প্ৰজাতিৰ চৰাই এই আৰ্দ্ৰভূমি সমূহৰ ওপৰত নিৰ্ভৰশীল। স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ আহাৰ যোগোৱাই নহয়, এই আৰ্দ্ৰভূমি সমূহে পৰিভ্ৰমী চৰাইৰ যাত্ৰাপথৰ জিৰণিস্থল হিচাপেও আশ্ৰয় দিয়ে। প্ৰকৃততে, পানী (জলাশয়) বা এই আৰ্দ্ৰভূমি সমূহক নিৰ্ভৰ কৰি থকাৰ কাৰণেই বনৰীয়া হাঁহ, ক্ৰেন, ষ্টৰ্ক জাতীয় চৰাই সমূহে মূলতঃ পৰিভ্ৰমণ কৰে। আৰ্দ্ৰভূমি “ Ecological Cycle” ত প্লাংটন বিলাকৰ পৰা হাতী, ম’হ, বাঘ, হৰিণ আদি জন্তুকূলৰ সকলোৰে নিজস্ব ভূমিকা আৰু অৱদান আছে। সকলোৱে নিজৰ নিজৰ ভূমিকা পালনেৰে এটা পাৰিপাৰ্শ্বিক, বাতাবৰণক জীয়াই ৰাখিছে। আৰ্দ্ৰভূমিৰ ধ্বংসৰ মাথোঁ আৰ্দ্ৰভূমি সমূহকে ধ্বংস কৰা নুবুজায়। ধ্বংসকাৰী সেই জনেই যি ইয়াৰ সৈতে সূক্ষ্মভাৱে জড়িত।

           আৰ্দ্ৰভূমি সংৰক্ষণত চৰকাৰ; স্থানীয় লোক আৰু বুদ্ধিজীৱী সকলৰ, সচেতন মণ্ডলী সকলোৰে সহযোগ আৰু অৱদান অপৰিহাৰ্য্য।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages