ৰাতিৰ গান
দেৱজিৎ বিলু
শিলৰ কলিজা ভাঙি বেলি কাটো
বুটামে নিচিনা মানুহ !
চেঁচাবোৰকে অকাই পকাই ল’ৰি থাকোঁ দীঘল কৰোঁ উশাহ
দিনৰ বাটত ৰাতিৰ ঘাটত
ঘড়ীটোলৈ চাওঁ
তিতি থাকে ৷
এহ্
আকাশ আছে
উৰিম !
এনেকৈয়ে পোখাই থাকে
ধান ৰঙৰ এটোম আঘোণ ৷
কি কৰিম !
কেতিয়াবা
কপাল-কলপাতে বৰষুণ কাটিলেও
বতাহে চিৰিলি কৰে
সেইবাবেই সোণফুল
সৰুকৈ সাজিছোঁ ঘৰ ৷ তইও সাজ
সোণফুল অ’
নবকিবি আজি মোক ৷ দেখি আহিছো কেচুৱা জোন
মই জানো
তোৰ বকনিয়েই আমাৰ জীৱন
সেইবাবেই ভালপাওঁ তোক
জানা সোণফুল
সেই তইযে বাচিথোৱা তাঁতৰ ফুলবোৰতো
মনে মনে বিচাৰি লওঁ মোক
যি ফুলত আউল লাগি আছে সেইখিতে
ৰাখ মোক
তইযে মোকেই ভাব !
আঁতৰা
এনেই তাকৰ কপাল, হাত দি নথবি
কিমান আৰু ক’ম
বাঁহীৰ পিঠিত নুঠে হাঁহি
হাঁহিৰ পিঠিত নুঠে বাঁহী ০০
হোঁহ্ এইজনী
মোৰফালে চা
তোৰ চকুত মই; মোৰ চকুত তই
ফণিয়াই লওঁ নতুনকৈ ৷
No comments:
Post a Comment