টেবুল
জয়ন্ত মাধৱ মৰাং
ঘৰৰ এচুকত এলান্ধু লাগি
পৰি আছে টেবুল এখন
গজালবোৰ মামৰে ধৰিছে
ধূলিৰ চামনি পৰি সলনি হৈছে
তাৰ স্বাভাৱিক ৰং ।
এপুৰা মাটি বন্ধকত থৈ
পিতায়ে ঘৰলৈ অনা টেবুলখনত
আমি টিপচাকিৰ স'তে মেলি লৈছিলোঁ
পোহৰে সাৱটিথকা এখন আকাশ ।
টেবুলখনৰ ওপৰত হাত থৈ
আমিও দেখিছিলোঁ
পিতাইৰ সপোনৰ ঘৰখন সপোনতে
আঁকিছিলো তিৰবিৰাই থকা
পিতাইৰ উশাহ-নিশাহ আৰু
আমাৰ ভৱিষ্যতৰ ৰেচমী বাট।
ভোগ-বিলাসৰ নিচাত অৱচেতন হোৱা
আমাৰ মগজুৰ বীথিকাত
যদিও ধূসৰ হৈ পৰিছে
টেবুলখনৰ অতীত জীৱনৰ ভাস্কৰ্য
তথাপিও বিবৰ্ণ টেবুলখনে
নিকপকপীয়াকৈ ডাঙি আছে
আমাৰ জীৱনৰ আদিপাঠ
কুঁহিপাত কুমলীয়া
ৰ'দালিয়ে চালিধৰা শৈশৱ
উৰুখা চালৰ তলত উচুপি উঠা
কৈশোৰৰ সজল স্মৃতি ।
মাটিৰ পদ্য এফাঁকি মুখত গুঁজি
জ্বলি জ্বলি মমবাতি হ'ব খোজা
স্থিতপ্ৰজ্ঞ পিতাইৰ
সুখ-দুখৰ ডায়েৰীখন বুকুত সাৱটি
এতিয়াও টেবুলখনে সন্তৰ্পণে
কৰি আছে নিজৰ কৰ্তব্য ।
গম্বুজ বাসনা আৰু
যন্ত্ৰৰ চকৰিত পাকলগা বাটেৰে উলটি গৈ
তিনি কুৰি বছৰীয়া টেবুলখনৰ
এলান্ধু গুচাবলে আমাৰ জানো
সময় ওলাব !
No comments:
Post a Comment