স্বাধীনতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

স্বাধীনতা

 স্বাধীনতা দিৱস

মিনু হাজৰিকা

গুৱাহাটী কাহিলিপাৰা




    ১৫ আগষ্ট ১৯৪৭ চনত ভাৰতত আজাদিৰ প্ৰথম পুৱাৰ প্ৰাপ্তি হৈছিল ৷ এইবাবেই আমি এই দিনটোতে স্বাধীনতা দিৱস হিচাবে পালন কৰোঁ ৷ এইটো দিনত প্ৰথমবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুয়ে , লাল কিল্লাত পতাকা উত্তোলন কৰিছিল ৷

    আজি আমাৰ ভাৰতবৰ্ষ খন আজাদ হোৱা ৭৩ বছৰ হৈ গ’ল ৷ দেশ স্বাধীন হবৰে পৰা আজিলৈকে প্ৰতি গৰাকী প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতকাখন উৰুৱাই স্বাধীনতা দিৱস পালন কৰি আছে ৷ 

    আমাৰ দেশৰ সৈনিক সকল আৰু বীৰ পুত্ৰ সকলৰ ত্যাগৰ ফলতহে আমি স্বাধীনতা পাইছোঁ ৷ সেই সময়ত চাৰিওপিনে ইংৰাজৰ অত্যাচাৰ, হত্যা , লুণ্ঠনত সকলোৱে বহুত কষ্ট সহ্য কৰিব লগা হৈছিল ৷ ভাৰতৰ বুকুত বীৰপুত্ৰ সকলৰ জন্ম হৈছিল ৷ তেওঁলোকৰ ত্যাগৰ ফলতহে আমি স্বাধীনতা পাইছোঁ ৷ সৈনিক সকলে সীমাত (বৰ্ডাৰত) থাকি দেশ ৰক্ষা কৰিছিল আৰু লাখ লাখ সৈনিকে মৃত্যুক সাৱটি লৈছিল আৰু বীৰ সকলৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি আমি স্বাধীন দেশৰ নাগৰিক ৷

     সেই সময়ত বীৰ সুখদেৱক ফাঁছীৰ আদেশ দিয়া বুলি জানি তেওঁৰ মাকে জেলত লগ কৰিবলৈ আহি সুখদেৱক কৈছিল -" তই মোক এৰি নাযাবি , তোৰ বয়সেই নো কিমান হৈছে " ! তেতিয়া সোতৰ বছৰীয়া সুখদেৱে মাকক কৈছিল -“ আজি মোক যাব দে মা , কাইলৈ হাজাৰ হাজাৰ সুখদেৱে জন্ম লব ৷" সঁচাকৈয়ে সুখদেৱৰ দৰে বীৰৰ বাবে আমি স্বাধীন ভাবে উশাহ নিশাহ লব পাৰিছোঁ ৷

   স্বাধীনতাই আমাক এখন নিকা দেশ দিলে আৰু সৌন্দয্যৰে পূৰ্ণ এখনি "জাতীয় পতাকা", য’ত আমি আমাৰ মাতৃভূমিৰ জয়গানেৰে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ ৷ 

 🇮🇳৷৷ জয় হিন্দ ৷৷🇮🇳


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages