তোৰ হাতৰ এবাটি আপং টংকেশ্বৰ পাঠৰী
এবাটি আপঙৰ লগতে কলকলকৈ
মোক তোৰ হৃদয়খনকো বাকি দিয় ঐচিৰি !
মই মাথোঁ চাই থাকো তোক
চাই চাই পাহৰো মোক
গুলপীয়া নিচা এটা মোৰ কিয় নেলাগিব ?
তোৰ হাতৰ এবাটি আপঙৰ ঢৌ
আৰু তোৰ ঘাটে চাপে মোৰ জীৱনৰ নাও
নিজানত সেয়ে মই তোকে সুঁৱৰি উচুপো
অকলে থাকিও সেয়ে মই চিগাৰেট নোহোপো
ঐচিৰি ! তই চাংঘৰৰ ছোৱালী
মই তোৰ নামৰ সাগৰ সাতুৰিও পাৰ পাওঁ
তোৰ নামে নিজক শুৱাওঁ
সদা বিশ্বাসৰ আলিয়ে আলিয়ে যাওঁ
ৰোহিতা চাপৰি মোৰ নিজৰ
ৰোহিতাত তোৰ ঘৰ
তই গাৱঁৰ ছোৱালী ক’লা চাউল খাৱ
কলি আম কলীয়া কচু পিটিকা
পাতত দিয়া সৰু মাছ
বাৰীৰ বন পাত ঔটেঙা ঢেকীয়া শাক
থিয় ৰ’দত তই ভূঁই ৰুলি
তই কেনেকৈ ইমান বগা হ’লি ?
তোৰ বুকুত দুটা পূৰ্ণ চন্দ্ৰৰ সাতোটা জোৱাৰভাটা ৷
ধাননিৰ তই সৰু সৰু আলিবোৰ বগাৱ
লোভনীয়কৈ কলাফুল বঢ়াৱ
ঐচিৰি ! ধানপাতে কাটিব চাবি
ঐচিৰি ! খোজবোৰ ভালকৈ পেলাবি
টোপনিটো তোৰ বুকুত বহলকৈ এখন পথাৰ থাকে
- তই সেউজীয়া
দিঠকতো তোৰ চকুত টঙি ঘৰ এটা ভাঁহি থাকে
- তই বটাচৰাই ৰখীয়া
তোৰ দুহাতত এভঁৰাল ধান হ’বলৈ ৰৈ থাকে
- তই সোণগুটি বৰণীয়া
আৰু তই তোৰ পিতাই নাঙলৰ সীৰলুত জন্মিছিলি
- তই সীতা
ঐচিৰি ! তোৰ ঘামবোৰ টুপ টুপকৈ সৰোতে
তোৰ মৰমতে তোক পথাৰেও মূৰ দাঙি চাই
আহুধান নিৰাওঁতে তোৰ আঙুলিবোৰ
কেঞাবন কেঞাবন গোন্ধাই
লুইতখন বাঢ়িলে ফেনেফুটুকাৰে
বৰচাঙত উঠিলে পানী
ৰাতিটো ভিতৰত চেনাইক উটাই নিলে
জীৱনটো উৰুঙা কৰি
দেহিঐ জীৱনটো উৰুঙা কৰি !
ঐচিৰি ! পাহৰো বুলিও আজি তোক
পাহৰি যাব নোৱাৰি
কপালৰ লিখন খণ্ডাব নোৱাৰি
তোকে বিচাৰি আজিও মই নৈ খনৰ পাৰলৈ যাওঁ
তোৰ হাতৰ এবাটি আপং মনত পেলাওঁ..
ঐচিৰি ঃ মিচিং সমাজত ছোৱালীক দিয়া মৰমৰ নাম ৷ ঐ মানে বহুত মৰমৰ আৰু চিৰি মানে ধুনীয়া ৷
বিঃদ্ৰঃ ৰোহিতা, বৰবালি, বকুলি, কেমেৰি আদি বহু অঞ্চল আজি সোঁৱৰণি হ’ল ৷ লুইতৰ বুকুত সকলো জাহ গ’ল ৷
No comments:
Post a Comment