কিয়?
কাৰ্চাং তাকাৰ পায়েং
লখিমপুৰ
সেউজীয়া আৱেশ অ তোমাৰ
বুকুৰ ছন্মাদনা বহুভূজ অ তোমাৰ,
আমিটো বাটৰ একছটীয়া ধূলি
আৰুটো নোৱাৰো একে স্থিতি হবলে
ফাগুনে যদি কয় ,বলা এইফালে যাওঁ
লৰ মাৰো লৰং-ধপৰং কৈ
সেই ধূলিয়ৰি বাটৰ মাজতেই ,
তুমি বেয়া নাপাবা অ সেউজীয়া গাভৰু
তাহাঁনিতে শুনিছিলো,
কেতিয়াবা লগ পাওঁ বিশালতা জ্ঞানৰ বুকুত
মানৱ এনো জীৱ শ্ৰেষ্ট প্ৰাণী,
কতা আজিলৈকে নেদেখিলোৱেই
জীৱ শ্ৰেষ্টক।
যত যাওঁ তাতেই দেখিছো
মানৱৰ অনশন
আনফালে দেখো ভগ্নী উষাৰ লজ্জাৰ জখন,
দিয়া ? দিয়া ? দেখুৱাই দিয়া জীৱ শ্ৰেষ্টৰ নিদৰ্শন !
সেউজীয়া ৰূপহী অ!
মই ক্ষমা মাগিছো জীৱ শ্ৰেষ্টৰ হৈ ,
তথাপিয়ো তুমি সহিয়ে আছা
বিষন্ন জীৱনীবোৰ
তোমাৰ হৃদয়খন ইমানেই বিশাল নে?
মানৱলৈ ইমানে স্নেহ নে?
কিয় ?কিয়?কিয়?
ধন্যবাদ💚
ReplyDelete