চিঞৰ
কল্পনা দলে পাংগিং
উত্তৰ লখিমপুৰ
পুৱতি নিশা ঢোলে ঢগৰে
নামি আহিল বৰষা,
যেন বন্দীত্বৰ বেহু ফালি
জনম ল'ব নন্দ গোপাল দ্বাৰকাত,
প্ৰভাতে খিৰিকিখন মেলি চালোঁ,
সৌ পথাৰত উচ্ছল যমুনা নদীহে
যেন বৈ গ'ল ,
পথাৰখন ভৰ যৌৱনা হ'ল ,
যৌৱনা শৰীৰটো এখন বগা চাদৰে মেৰিয়াই ৰ'ল ;
শইচৰ বীঁজ অংকুৰিত হোৱাৰ
সম্ভাৱনাত নিৰৱে প্ৰতীক্ষাৰত
হ'ল ৷
নাঙলৰ সীৰলুৰে ঘৰ্ষিত হৈ
শইচ পথাৰৰ বুকুত
ৰঙা বগা যা যা ঘুৰ ঘুৰ
পিতাইৰ পথাৰত এৰি থৈ অহা
এই অমিয়া সুৰীয়া মাতৰ
মহেন্দ্ৰ ক্ষণৰ এটিৰ বাবে
মোৰ চকু-কাণ ব্যাকুল হৈ ৰ'ল ;
ব্যাকুলতাৰ অন্ত পেলাই
সৌৱা কি ঘৰ্ ঘৰ্ শব্দ
আহিল ভাঁহি ,
উসঃ কি অসহ্য !
ধৰ্ষিতা ধৰিত্ৰীৰ যেন
অসহায় চিঞৰ !
No comments:
Post a Comment